ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ নেতৃত্বত কৰা এক গৱেষণাই কৈছে যে, আমি নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইডৰ সংস্পৰ্শলৈ অহাৰ পিছতে Aedes aegypti নামৰ মহ কিছুমান বিশেষ ৰং যেনে ৰঙা, কমলা, ক’লা আৰু চিয়ানৰ প্ৰতি আকৰ্ষিত হয় ৷ একেটা সময়তে মহে সেউজীয়া, বেঙুনীয়া, নীলা আৰু বগা ৰঙক উপেক্ষা কৰে (Wear the right colour to escape mosquito bites) ৷
গৱেষকসকলে কৈছে যে এই অধ্যয়নে এইটো জনাত সহায় কৰিব যে, মানুহে নিজৰ ছালৰ পৰা ৰঙা-কমলা ৰঙৰ উত্তেজিত চিগনেল মহক দিয়াৰ পিছত মহে কেনেদৰে নিজৰ পোষক চিনাক্ত কৰে ৷ বিশ্ববিদ্যালয়খনৰ জীৱবিজ্ঞানৰ অধ্যাপক জ্যেষ্ঠ লেখক জেফ্ৰি ৰিফেলে কৈছে, গোন্ধে মহক নিজৰ হষ্ট চিনাক্ত কৰাত সহায় কৰে ৷ যেতিয়া মহে আমি নিশাহত এৰা কাৰ্বন-ডাই-অক্সাইডৰ উপস্থিতি অনুভৱ কৰে সেই গোন্ধে মহক কিছুমান বিশেষ ৰং চিনাক্ত কৰাত সহায় কৰে ৷
নেচাৰ কমিউনিকেচনছ্ আলোচনীত প্ৰকাশিত অধ্য়য়নৰ ফলাফলে দেখুৱাই যে, মহৰ ঘ্ৰাণশক্তিয়ে মহটোৰ দৃশ্যমান সংকেতক প্ৰভাৱিত কৰে। কোনবোৰ ৰঙে ভোকত থকা মহক আকৰ্ষিত কৰে আৰু কোনবোৰ ৰঙক মহে উপেক্ষা কৰে সেইয়া ভালদৰে জানি ল’লে মহক আঁতৰাই ৰখাত সুবিধা হয় ৷
আগতে জনা আছিল যে তিনিটা বিশেষ সংকেতে মহক আকৰ্ষিত কৰে সেইয়া হ’ল উশাহ, ঘাম আৰু ছালৰ উষ্ণতা ৷ এই নতুন অধ্য়য়নে চতুৰ্থটো সংকেতৰ বিষয়ে প্ৰকাশ কৰিলে সেইটো হ’ল ৰঙা ৰং যি কেৱল কাপোৰতে নহয় মানুহৰ ছালতো থাকে ৷ জেফ্ৰি ৰিফেলে কৈছে, "ছালৰ ৰঙৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই, আমি সকলোৱেই মহৰ বাবে ৰঙা চিগনেল দিওঁ" ৷ মহ আকৰ্ষিত হোৱা ৰং পিন্ধা পৰিহাৰ কৰি মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷
পৰীক্ষাৰ বাবে গৱেষকসকলে পৰীক্ষাগাৰত এটা এটাকৈ মহবোৰ অনুসৰণ কৰিছিল য’ত তেওঁলোকে বিশেষ গোন্ধ এৰি দিছিল আৰু বিভিন্ন প্ৰকাৰৰ দৃশ্য়মান আৰ্হি যেনে ৰঙৰ টোপাল আৰু সুস্বাদু মানৱ হাত ৰাখিছিল ৷ গোন্ধ অবিহনে মহবোৰে পৰীক্ষাগাৰত ছটিয়াই থোৱা ৰঙৰ টোপাল বোৰ উপেক্ষা কৰিছিল ৷ কাৰ্বন-ডাই-অক্সাইড এৰি দিয়াৰ পিছতো মহবোৰে সেউজীয়া, নীলা আৰু বেঙুনীয়া ৰং উপেক্ষা কৰি আছিল ৷ কিন্তু যদি এই ৰঙবোৰ ৰঙা, কমলা, ক’লা নতুবা চিয়ান হ’লহেতেন তেনেহ’লে মহবোৰ এই ৰঙবোৰৰ প্ৰতি আকৰ্ষিত হ’লহেতেন (mosquitoes get attracted to black colour) ৷
যেতিয়া ৰিফেল আৰু তেওঁৰ দলটোৱে পৰীক্ষাগাৰত গৱেষকৰ খালী হাতৰ সৈতে পৰীক্ষা কৰিছিল তেতিয়া মহবোৰে কাৰ্বন-ডাই-অক্সাইড এৰি দিয়াৰ পিছতহে দৃশ্যমান আৰ্হিৰ ফালে উৰা মাৰিছিল ৷ ৰিফেলে কৈছে এই পৰীক্ষাবোৰে মহে নিজৰ হষ্ট বিচৰাৰ প্ৰথম পদক্ষেপক নিৰ্ণয় কৰিছে ৷
লগতে পঢ়ক: Regular Exercise beneficial for Eyes: নিয়মীয়া ব্যায়ামে চকুৰ খজুৱতিত আৰাম দিয়ে