ETV Bharat / sukhibhava

DIY Body Scrub: পাৰ্লাৰৰ দৰে গ্লো পাবলৈ ঘৰতে বনাওক এই স্ক্ৰাব - স্ক্ৰাব ব্যৱহাৰ কৰিব

প্ৰদূষণৰ বাবে ছালত টেন আৰু মলি জমা হয়। গতিকে ছালৰ মৃত কোষবোৰ আঁতৰাবলৈও ঘৰতে বনোৱা স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে ।

Want glowing skin ? Try these 3 DIY body scrubs for instant results
স্ক্ৰাব কৰিলে মুখখন গভীৰভাৱে পৰিষ্কাৰ হ’ব
author img

By

Published : Aug 6, 2023, 3:25 PM IST

ছালৰ বাবে এক্সফোলিয়েচন অতি গুৰুত্বপূৰ্ণ । এক্সফোলিয়েচন বা স্ক্ৰাব কৰিলে ছালখন গভীৰভাৱে পৰিষ্কাৰ হয় । স্ক্ৰাবিঙে ছিদ্ৰত জমা হোৱা মলি আঁতৰোৱাৰ কাম কৰে । ধূলি আৰু প্ৰদূষণৰ বাবে প্ৰায়ে ছালত মলি জমা হয় । ইয়াৰ বাবেই ছালখন নিস্তেজ আৰু নিৰ্জীৱ দেখিবলৈ আৰম্ভ কৰে । কিন্তু স্ক্ৰাব কৰিবলৈ আপুনি পাৰ্লাৰ যাব নালাগে, আপুনি ঘৰতে প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি স্ক্ৰাব প্ৰস্তুত কৰিব পাৰিব ৷ ইয়াৰ দ্বাৰা আপোনাৰ মুখখন গভীৰভাৱে পৰিষ্কাৰ হ’ব ।

কেৱল মুখখনেই নহয় শৰীৰটোও স্ক্ৰাব কৰাটোও সমানেই গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত এলোভেৰা আৰু কফিৰ দৰে বস্তু ব্যৱহাৰ কৰি স্ক্ৰাব বনাব পাৰি । ইয়াৰ ফলত আপোনাৰ ছালখনো কোমল আৰু উজ্বল হৈ পৰিব ৷

চেনি আৰু এলোভেৰা

চেনি আৰু এলোভেৰা ব্যৱহাৰ কৰি বডি স্ক্ৰাব প্ৰস্তুত কৰিব পাৰে । ইয়াৰ বাবে প্ৰয়োজন অনুসৰি ৪ চামুচ চেনিত এলোভেৰা জেল মিহলাই লওক । আপুনি সতেজ এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে বা বজাৰৰ পৰা অনা এলোভেৰা জেলো ল’ব পাৰে ৷ ইয়াৰ পিচত ছালত কেইমিনিটমান মালিচ কৰিব লাগে । ১২ মিনিটৰ পিচত পানীৰে ছাল পৰিষ্কাৰ কৰিব পাৰিব । এমাহত ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে স্ক্ৰাব । ইয়াৰ ফলত আপোনাৰ ছালৰ পৰা টেন আঁতৰি যাব ।

কফি আৰু কেঁচা গাখীৰ

ছালৰ বাবে কফি আৰু কেঁচা গাখীৰ ব্যৱহাৰ কৰিও স্ক্ৰাব বনাব পাৰে । ইয়াৰ বাবে আধা কাপ কফিত কেঁচা গাখীৰ মিহলাই ল’ব । এই দুটা মিহলাই হাতেৰে ছালখন মালিচ কৰিব । পানীৰে পৰিষ্কাৰ কৰাৰ আগতে দহ মিনিট ছালত শুকাবলৈ দিব । কফি আৰু কেঁচা গাখীৰেৰে নিৰ্মিত এই স্ক্ৰাবে আপোনাৰ ছালত প্ৰাকৃতিক সৌন্দৰ্য আনিব ।

ওটছ আৰু দৈ

এই স্ক্ৰাবটো বনাবলৈ ৫ চামুচ ওটছৰ প্ৰয়োজন হ’ব । তাত ২ চামুচ দৈ দিব । এতিয়া এই দুটা বস্তু মিহলাই ঘৰতে প্ৰস্তুত কৰক স্ক্ৰাব । এতিয়া আঙুলিৰ মূৰেৰে কিছু সময়ৰ বাবে ছালখন মালিচ কৰক। কিছু সময়ৰ পিচত এই স্ক্ৰাবটো পানীৰে পৰিষ্কাৰ কৰি ল’ব । এই স্ক্ৰাবে আপোনাৰ ছালখন সুস্থ কৰি তোলে ।

গ্ৰীণ টি স্ক্ৰাব

এটা ডাঙৰ পাত্ৰত ৩ টা টমেটো গুড়ি কৰি লওক । তাত অলিভ অইল মিলাই ল’ব আৰু লগতে ৩টা গ্ৰীণ টি বেগ মিলাই লওক । কিছু সময় স্ক্রাব কৰাৰ পিচত পৰিষ্কাৰ পানীৰে ধুই দিব ৷

লগতে পঢ়ক: Spinach Benefits: পালেং শাকৰ আচৰিত উপকাৰিতাসমূহ জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.