ETV Bharat / sukhibhava

ডিচেম্বৰ মাহত ভাগ্য উদয় হ'ব তিনি ৰাশিৰ ব্যক্তিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:08 PM IST

চলিত ডিচেম্বৰ মাহত কোন কেইটা ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য উদয় ? কোন কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব বেয়া ফল ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

three-zodiac-signs-will-be-lucky-in-december-two-signs-will-suffer-bad-results
ডিচেম্বৰ মাহত ভাগ্য উদয় হ'ব তিনি ৰাশিৰ ব্যক্তিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰী

ডিচেম্বৰ মাহত ভাল ফলাফল লাভ কৰিব তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে ৷ সেই ৰাশি কেইটা হৈছে- মিথুন ৰাশি, সিংহ ৰাশি আৰু কুম্ভ ৰাশি ৷ আনহাতে বাধাৰ ফল লাভ কৰিবলগীয়া ৰাশি দুটা হৈছে-মেষ আৰু কন্যা ৰাশি ৷

মিথুন ৰাশি:- ডিচেম্বৰ মাহত মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ হ'ব বুলি কোৱা হৈছে ৷ চলিত মাহত মিথুন ৰাশিৰ জাতক-জাতিকাসকলে বিত্তীয় ক্ষেত্ৰত শুভ ফল লাভ কৰিব ৷ লগতে ছাত্ৰ-ছাত্ৰী উচ্চশিক্ষাৰ ক্ষেত্ৰতো খুব ভাল ফল লাভ কৰিব ৷ কোনো পৰীক্ষাত অৱতীৰ্ণ হলে ভাল ফলাফল লাভ কৰিব ৷ ধন বিনিয়োগ কৰিলেও ভাল ফলাফল লাভ কৰিব ৷

সিংহ ৰাশি:- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মাহটো শুভ হ'ব ৷ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত মাহত মান সন্মান বৃদ্ধি পাব ৷ সমাজৰ প্ৰতিষ্ঠা লাভ কৰিব লগতেই সম্পত্তি লাভৰ যোগ আছে ৷ লগতেই চলিত মাহত এই ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্রত পদোন্নতিৰো যোগ আছে ৷

কুম্ভ ৰাশি:- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ডিচেম্বৰ মাহত নতুন সম্পৰ্ক স্থাপন হ'ব পাৰে ৷ বিবাহৰ উপযুক্ত সকলৰ বিবাহৰ যোগ আছে ৷ লগতে এই ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত মাহত সম্পত্তি লাভৰো যোগ আছে ৷

আনহাতে মেষ আৰু কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত এই মাহত অশুভ ফলাফল লাভ কৰিব পাৰে ৷ মেষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যতন ল'ব লাগিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে ৷ লগতেই কেৰিয়াৰ ক্ষেত্ৰত অকমান বাধাৰ সন্মুখীন হ'ব পাৰে ৷

কন্যা ৰাশিৰ জাতক-জাতিকাসকলে চলিত মাহত শত্ৰুৰ সন্মুখীন হ'ব পাৰে ৷ কেৰিয়াৰ, কৰ্মস্থান আদি যিকোনো ক্ষেত্ৰতে শত্ৰুয়ে বাধা দিব পাৰে ৷

লগতে পঢ়ক: ৰাশিফল অনুসৰি কেনে হ’ব ডিচেম্বৰ মাহটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.