চাওতে চাওতে পাৰ হ’ল বছৰটো ৷ পোৱা-নোপোৱা, আশা-নিৰাশা, শোক-বিষাদৰ মাজেৰে আৰু কেইটামান দিনৰ পিছতে আমি বিদায় দিম 2023 বৰ্ষক ৷ নতুন বছৰৰ আগমণৰ লগে লগে পৰিয়ালৰ সৈতে এসাঁজ মিলি-জুলি খোৱাৰো প্ৰস্তুতি আৰম্ভ হৈ পৰে ৷ খাৰ আৰু টেঙাৰ পৰা আৰম্ভ কৰি তিল গাহৰি আদি বিভিন্ন খাদ্য সম্ভাৰেৰে উপচি পৰে প্ৰত্যেকগৰাকী অসমীয়াৰ ঘৰ ৷ কিন্তু বহুতে এই সময়ছোৱাত খেলি-মেলিত পৰে যে নৱবৰ্ষৰ খাদ্য তালিকাত কি কি খাদ্য অন্তৰ্ভুক্ত কৰিব পৰা যায়, সেয়ে আপোনাৰ এই সমস্যাৰ সমাধানৰ বাবে আমি আপোনালোকৰ বাবে লৈ আহিছো কেইবিধমান অসমীয়া খাদ্যৰ বিকল্প যাক আপুনি আপোনাৰ খাদ্যৰ মেন্যুত অন্তৰ্ভুক্ত কৰি নৱবৰ্ষৰ আনন্দ আৰু দুগুণ বৃদ্ধি কৰিব পাৰে ৷
1. কলডিলৰ সৈতে পাৰৰ মাংস
![This new year Include these traditional dishes of Assam on your menu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/20366178_ssefvvsef.jpg)
অসমৰ মাংসভোজীসকলৰ বাবে পাৰৰ মাংস এক অবিশ্বাস্য আৰু অসমৰ এক সুস্বাদু খাদ্য ৷ পাৰ মাংসই সাধাৰণতে আপোনাৰ শৰীৰটো গৰম ৰখাৰ কাম কৰে আৰু শীতকালত খাবলৈ ই একেবাৰে উপযুক্ত ৷ পাৰৰ মাংসৰ সৈতে কলডিলৰ সুস্বাদু টেক্সচাৰৰ সংমিশ্ৰণ ঘটোৱা এই অসমীয়া ব্যঞ্জন আপুনি আপোনাৰ নৱবৰ্ষৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷
2. মাছৰ টেঙা
![This new year Include these traditional dishes of Assam on your menu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/20366178_sdfsd.jpg)
ঔটেঙা, চুকা, দুবৰি, মেচেকা, ঠেকেৰা, বিলাহীৰ সৈতে মাছ খাবলৈ অতি সোৱাদযুক্ত হয় ৷ প্ৰতিগৰাকী অসমীয়াই মাছক বিভিন্ন ধৰণে ৰান্ধি খাই ভাল পায় ৷ সেয়ে বিয়া, বিহু যিকোনো আনন্দৰ মূহোৰ্ততে মাছক অন্তৰ্ভুক্ত কৰা হয় আৰু এইবাৰ আপুনি আপোনাৰ নৱবৰ্ষৰ খাদ্য তালিকাত এই খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷
3. হাঁহৰ সৈতে জহা কোমোৰা
![This new year Include these traditional dishes of Assam on your menu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/20366178_ss.jpg)
শীতকালত অসমীয়া লোকে খোৱা এবিধ জনপ্ৰিয় মাংস হৈছে হাঁহ ৷ ডিচেম্বৰ-জানুৱাৰী মাহত চহৰে-নগৰে হাঁহৰ চাহিদা খুবেই বৃদ্ধি পায় ৷ হাঁহৰ সৈতে কোমোৰা প্ৰত্যেকগৰাকী অসমীয়াৰে এবিধ অতি প্ৰিয় খাদ্য জহা চাউলৰ সৈতে এইবিধ ব্যঞ্জনৰ সোৱাদ আপুনি আৰু দুগুণ বৃদ্ধি কৰিব পাৰে৷ সেয়ে এইবাৰ নৱবৰ্ষত আপুনি আপোনাৰ খাদ্য তালিকাত হাঁহ কোমোৰাৰ এই সুস্বাদু ব্যঞ্জন অন্তৰ্ভুক্ত কৰিব পাৰে ৷
4. লাই শাকৰ সৈতে গাহৰি
![This new year Include these traditional dishes of Assam on your menu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/20366178_ssefsef.jpg)
গাহৰি মাংস অসমীয়াৰ এক আৱেগ বুলি ক’লেও চাগৈ ভুল নহ’ব ৷ লাইশাকৰ সৈতে গাহৰি অসমৰ বহুলোকে খাবলৈ খুব ভাল পায় ৷ গাহৰিখিনি ভালদৰে সিজাই আদা নহৰুৰ সৈতে ৰন্ধাৰ শেষত সতেজ লাইশাক অন্তৰ্ভুক্ত কৰি ব্যঞ্জন বিধ সম্পূৰ্ণ কৰা হয় ৷ এইবাৰ নৱবৰ্ষত আপোনাৰ বাবে এয়া এক উত্তম বিকল্প হ’ব পাৰে ৷
5. বাঁহগাজৰ লগত কুকুৰা মাংস
![This new year Include these traditional dishes of Assam on your menu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-12-2023/20366178_ssdas.jpg)
বাঁহগাজ আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷ ই খাদ্য হজম কৰাটো যথেষ্ট সহায় কৰে ৷ বাঁহগাজৰ সৈতে কুকুৰা মাংস এবিধ অতি জনপ্ৰিয় খাদ্য ৷ সেয়ে এইবাৰ নৱবৰ্ষই হওঁক বা ভোগালী বিহু এইবিধ ব্যঞ্জন আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷
লগতে পঢ়ক: Assamese Mah-prasad: আমি ব্যৱহাৰ কৰা মাহ প্ৰসাদৰ গুণাগুণ সম্পৰ্কে জানো আহক