ETV Bharat / sukhibhava

শীতকালত শৰীৰ গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ চূপ - চূপ

Soups for Winters: শীতকালত চূপ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী । ইয়াক পান কৰিলে শৰীৰত উষ্ণতা বৃদ্ধি হোৱাই নহয়, শীতকালত ভোক নিবাৰণৰ বাবেও ই এক স্বাস্থ্যকৰ বিকল্প । সেয়ে তলত আমি কেইবিধমান চূপৰ ৰেচিপি আগবঢ়াইছো যাক আপুনি শীতকালত উপভোগ কৰিব পাৰে ৷

These soups will keep your body warm in winter, know how to make them
শীতকালত শৰীৰক গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ চূপ
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 12:19 PM IST

শীতকালত আমি প্ৰায়ে গৰম আৰু সোৱাদযুক্ত কিবা খাদ্য খাব বিচাৰো ৷ সাধাৰণতে ঠাণ্ডাৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে এনে অনুভৱ হয় ৷ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ শৰীৰটো গৰম কৰি ৰখাটো জৰুৰী যাতে আমি ঠাণ্ডাৰ কু-প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো ৷ এনে পৰিস্থিতিত বাহিৰৰ পৰা কিছু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰিৱৰ্তে ঘৰতে কিছু সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ চূপ তৈয়াৰ কৰিব পৰা যায় ৷ এই চূপবোৰৰ সহায়ত আপোনাৰ শৰীৰটো ভিতৰৰ পৰা গৰম হৈ থাকিব, যাৰ বাবে আপোনাৰ ঠাণ্ডা অনুভৱ নহয় আৰু আপোনাৰ মনটো ভালে থাকিব ৷ সেয়ে আজি আমি এনে কেইবিধমান চূপৰ ৰেচিপি লৈ আহিছো যাক আপুনি ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰিব লগতে শীতকালত উপভোগ কৰিব পাৰিব ৷

মাছৰুমৰ চূপ

শীতকালত কাঠফুলা বা মাছৰুম খোৱাটো অতি স্বাস্থ্যকৰ ৷ ইয়াৰ দ্বাৰা ভিটামিন ডিৰ অভাৱ পূৰণ হোৱাৰ লগতে অন্যান্য উপকাৰিতাও লাভ কৰিব পৰা যায়৷ গতিকে শীতকালত ইয়াক খোৱাটো অতি উপকাৰী ৷ ইয়াৰ পৰা তৈয়াৰী চূপ বৰ সোৱাদযুক্ত ৷ ইয়াক তৈয়াৰ কৰিবলৈ কেৰাহীত দুচামুচ মাখন গৰম কৰি তাত কটা মাছৰুম, গাজৰ, ইচ্ছা কৰিলে অন্য পাচলিও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াক অলপ ভজাৰ পিছত তাত নিমখ, চ’য়া চচ, ভেজিটেবল ষ্টক আদি দি ভালদৰে ভাজি লওক ৷ এতিয়া ইয়াত পাচলিৰ পৰিমান অনুযায়ী পানী দি দিয়ক ৷

ইয়াৰ পিছত এটা বাটিত কৰ্ণ ফ্লাৰ পানীৰ সৈতে মিহলি কৰি লওক এই মিশ্ৰণখিনি উতলি থকা চূপ খিনিত দি দিয়ক আৰু অলপ গাঢ় হোৱাৰ পিছত তাত জালুক ধনিয়া দি গৰমা গৰমে পৰিবেশন কৰক ৷

গাজৰ-আদাৰ চূপ

শীতকালত গাজৰ বহুলভাৱে খোৱা এবিধ পাচলি আৰু আদাই শৰীৰ গৰম কৰি ৰখাত সহায় কৰে ৷ সেয়ে এই দুয়োটাৰে চূপ খালে খুবেই উপকাৰিতা সাধন হয়৷ ইয়াক তৈয়াৰ কৰিবলৈ গাজৰৰ বাকলি গুচাই কাটি অলিভ তেলত নিমখ দি ভালদৰে ভাজি লওক৷ ইয়াৰ পিছত ভেজিটেবল ষ্টক গৰম কৰি তাত আদা আৰু থাইম দি ১৫ মিনিট উতলাব ৷ ইয়াৰ পিছত পিয়াঁজ ভাজি গাজৰৰ লগতে ষ্টকত মিহলাই ল’ব ৷ ৫-১০ মিনিট সিজোৱাৰ পিছত তাত পাৰ্চলি দি গেছৰ পৰা আঁতৰোৱাৰ পিছত গৰমে গৰমে পৰিবেশন কৰিব ৷

বিলাহীৰ চূপ

বিলাহীৰ জোল বা চূপ খাবলৈ বৰ সোৱাদ আৰু সুস্বাদু ৷ ইয়াৰ মিঠা আৰু টেঙা সোৱাদ শীতকালত গৰমে গৰম কৰি খালে বৰ ভাল লাগে ৷ ইয়াক বনাবলৈ বৰ সহজ ৷ ইয়াক বনাবলৈ বিলাহীকেইটামান সিজাই ইয়াৰ বাকলি উলিয়াই গুটিবোৰ আঁতৰাই দিব ৷ ইয়াৰ পিছত ইয়াৰ পিউৰি বনাই তাত নিমখ, জালুক, পাৰ্চলি আৰু থাইম দি কিছু সময় উতলিব দিব ৷ ইয়াৰ পিছত ইয়াৰ ওপৰত অলপ ক্ৰীম দিব আৰু আপোনাৰ টমেটোৰ চূপ গৰমে গৰমে উপভোগ কৰক ৷

লগতে পঢ়ক: স্বাস্থ্য, মুখৰ সৌন্দৰ্য, ধুনীয়া চুলিৰ বাবে মহৌষধ জাতিলাউ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.