আমি সকলোৱে জানো যে নিশা ভালদৰে টোপনি অহাটো কিমান গুৰুত্বপূৰ্ণ, কিন্তু কেতিয়াবা আমি শুবলৈ যিমানেই চেষ্টা নকৰো কিয় টোপনি নাহে আৰু যিটো বৰ অসহ্যকৰ লাগে ৷ নহয় জানো ? এনে পৰিস্থিতিত এই সমস্যাৰ পৰা সকাহ পোৱা যায় কিছুমান প্ৰাকৃতিক আৰু ঘৰুৱা উপায়েৰে । কিছুমান পানীয়ৰ বিশেষ গুণ আছে যিয়ে টোপনি ভাল কৰাত সহায় কৰিব পাৰে আৰু শৰীৰক শিথিল কৰি সুস্থ টোপনিত সহায় কৰিব পাৰে ।
আপুনি জানে যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে গড়ে প্ৰতি নিশা কমেও ৭-৯ ঘণ্টা শুব লাগে, কিন্তু বহু সময়ত টোপনি নহয় । এনে পৰিস্থিতিত টোপনিৰ অভাৱে ব্যক্তিজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় । গতিকে এই প্ৰতিবেদনত আমি কম কোনবোৰ পানীয় খালে আপুনি গভীৰ আৰু আৰামদায়ক টোপনি ল’ব পাৰি ।
জানো আহক কোনবোৰ পানীয়
1) কেমোমিল চাহ - কেমোমিল চাহত এপিজেন নামৰ এবিধ উপাদান থাকে যিয়ে শৰীৰক শিথিল কৰে আৰু গভীৰ টোপনিত সহায় কৰে ।
2) লেভেণ্ডাৰ চাহ- লেভেণ্ডাৰৰ সুগন্ধিয়ে শিথিল আৰু শান্ত কৰে, যেতিয়া আপুনি লেভেণ্ডাৰ চাহ খাব তেতিয়া ই আপোনাৰ স্নায়ুতন্ত্ৰক শান্ত কৰে, যাৰ ফলত টোপনি ভাল হয় ।
3) গৰম গাখীৰ- গৰম গাখীৰত ট্ৰিপ্ট’ফেন নামৰ এমিনো এচিড থাকে যিটো টোপনিৰ বাবে উপকাৰী কাৰণ ই চেৰ’টনিন আৰু মেলাটনিনৰ দৰে স্নায়ুসংবহনকাৰী উৎপাদনত সহায় কৰে।
4) আলমণ্ডৰ গাখীৰ- আলমণ্ডৰ গাখীৰত থকা ট্ৰিপ্ট’ফেন আৰু মেগনেছিয়ামে পেশীবোৰক শিথিল কৰে, যিয়ে পাছলৈ টোপনি ভাল কৰে ।
5) আখৰোটৰ গাখীৰ- আখৰোটত মেলাটনিন নামৰ হৰম’ন থাকে যিয়ে টোপনিৰ গভীৰতা বৃদ্ধি কৰে ।
6) তুলসীৰ চাহ - তুলসীত আছে চাপ প্ৰতিৰোধী গুণ, যিয়ে টোপনি যোৱাত সহায়ক হয় ৷
শোৱাৰ পূৰ্বে কি কৰিব লাগে জানি লওক
1) শোৱাৰ পূৰ্বে ২০-৩০ মিনিট ধ্যান কৰিব বা সংগীত শুনিব । ইয়াৰ ফলত মনটো শান্ত হ’ব । যাৰ ফলত টোপনি ভাল হ’ব ৷
2) শোৱাৰ ২ ঘণ্টা আগতে কেফেইনযুক্ত পানীয় যেনে কফি বা চাহ খাব নালাগে।
3) শোৱা কোঠাটো আন্ধাৰ আৰু নিস্তব্ধ কৰি ৰাখক। বিচনাখন আৰামদায়ক কৰি লওক ।
লগতে পঢ়ক: Symptoms of heatstroke: হিট ষ্ট্ৰ’কৰ লক্ষণ তথা ল’ব লগীয়া সাৱধানতাসমূহ কি কি ?