ETV Bharat / sukhibhava

Heart Disease Symptoms: হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিলে দেখা দিবলৈ আৰম্ভ কৰে এনে লক্ষণ, কেতিয়াও নকৰিব আওকাণ - হাৰ্ট এটেক

আজিকালি হাৰ্ট এটেকৰ বাবে বহু লোকৰ মৃত্যু হৈছে, গতিকে এই ৰোগক অতি গুৰুত্বসহকাৰে ল’ব লাগে, শৰীৰৰ কিছু দৃশ্যমান পৰিৱৰ্তন হৃদৰোগৰ লক্ষণ হ’ব পাৰে ।

These signs you might have heart disease that you Shouldn't Ignore
হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিলে দেখা দিবলৈ আৰম্ভ কৰে এনে লক্ষণ, কেতিয়াও নকৰিব আওকাণ
author img

By

Published : Jul 7, 2023, 12:25 PM IST

Updated : Jul 7, 2023, 1:39 PM IST

হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, যেতিয়ালৈকে ই সঠিকভাৱে কাম কৰি থাকিব তেতিয়ালৈকে আমাৰ জীৱনটো স্বাভাৱিকভাৱে চলি থাকিব । ভাৰতকে ধৰি বিশ্বৰ বহু লোকে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ বাবে প্ৰাণ হেৰুৱাইছে । আমাৰ দেশত তেলীয়া আৰু মিঠা খাদ্য খোৱাৰ ধাৰাটো অতি উচ্চ, যাৰ বাবে কলেষ্টেৰল বৃদ্ধি পায় আৰু তাৰ পিছত হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে । সেইবাবেই হৃদযন্ত্ৰৰ সমস্যাটো সময়মতে চিনি পাব লাগিব, নহলে আপোনাৰ জীৱন বিপদত পৰিব পাৰে । হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিলে আমি কেনেধৰণৰ সংকেত পাওঁ আহক ।

হৃদযন্ত্ৰৰ বিকলতাৰ লক্ষণ

১/ ধপধপনি

আমাৰ হৃদস্পন্দনৰ গতিৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিষয়ে জনা যায়, গতিকে চিকিৎসকে প্ৰায়ে তেওঁলোকৰ ষ্টেথ’স্কোপ ব্যৱহাৰ কৰি হৃদস্পন্দনৰ অৱস্থা ধৰা পেলায়, সাধাৰণতে আমাৰ হৃদস্পন্দন এক মিনিটত ৭০ৰ পৰা ৮০ বাৰ হয়, যদিও শাৰীৰিক কাৰ্যকলাপৰ সময়ত ই বৃদ্ধি পায় ।

যদি আপোনাৰ হৃদস্পন্দন স্বাভাৱিক অৱস্থাতো ১০০ৰ ওপৰলৈ গৈ আছে, তেন্তে ই গুৰুতৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে, এনে পৰিস্থিতিত বুজিব যে আপোনাৰ হৃদস্পন্দন দুৰ্বল হৈ পৰিছে ।

২/ শৰীৰ সোনকালে ভাগৰুৱা হোৱা

প্ৰায়সংখ্যক যুৱচামে কাম কৰাৰ পিছত সোনকালে ভাগৰি পৰে, এনে পৰিস্থিতিত আপোনাৰ হৃদয় দুৰ্বল হোৱাটো অতি সম্ভৱ । আচলতে শিৰাত বন্ধ হৈ গ’লে শৰীৰৰ প্ৰতিটো অংশত তেজ সঠিকভাৱে নাযায়, যাৰ বাবে দুৰ্বলতা সোনকালে আহিবলৈ আৰম্ভ কৰে ।

৩/ বুকুৰ বিষ
বুকুৰ বিষে হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ ইংগিত দিয়ে, ইয়াক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু লগে লগে ভাল চিকিৎসকৰ ওচৰত দেখুৱাব লাগে । আচলতে ধমনীবোৰত যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি হয়, তেন্তে হৃদযন্ত্ৰলৈ যাবলৈ তেজে যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, যাৰ বাবে বুকুৰ বিষৰ অভিযোগ উত্থাপন হয় ।

লগতে পঢ়ক: Sawan 2023: শাওনৰ প্ৰথমটো সোমবাৰে ভোলানাথলৈ আগবঢ়াওক কাজুৰে তৈয়াৰী এই হালোৱা

লগতে পঢ়ক: World Chocolate Day 2023: বিশ্ব চকলেট দিৱস উপলক্ষে স্বাস্থ্যৰ পক্ষে ইয়াৰ উপকাৰিতা সম্পৰ্কে জানো আহক

Last Updated : Jul 7, 2023, 1:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.