ETV Bharat / sukhibhava

এই ৬বিধ খাদ্যই আপোনাৰ সন্তানৰ দেহৰ পৰা দূৰ কৰিব আইৰণৰ অভাৱ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:15 PM IST

Iron Rich Foods for Child: যদি আপুনি শিশুৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি তেওঁলোকৰ আহাৰত আইৰণযুক্ত তথা কিছুমান বিশেষ পুষ্টিৰে পৰিপূৰ্ণ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ সেই খাদ্যসমূহ হৈছে-

These are the 6 foods that your child should eat to help prevent iron deficiency
এই ৬ বিধ খাদ্যই আপোনাৰ সন্তানৰ দেহৰ পৰা দূৰ কৰিব আইৰণৰ অভাৱ

শিশু এটা দুৰ্বল হোৱাৰ অন্যতম মূখ্য কাৰণ ৰক্তহীনতা ৷ আহাৰত পুষ্টিৰ অভাৱৰ বাবে শিশুৰ ৰক্তহীনতা হ'ব পাৰে ৷ ছাল হালধীয়া হোৱা, ভাগৰ অনুভৱ কৰাটো শিশুৰ ক্ষেত্ৰত ৰক্তহীনতাৰ লক্ষণ ৷ এনে পৰিস্থিতিত, যদি আপুনি শিশুৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি তেওঁলোকৰ আহাৰত আইৰণযুক্ত তথা কিছুমান বিশেষ পুষ্টিৰে পৰিপূৰ্ণ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ সেই খাদ্যসমূহ হৈছে-

বিলাহী

আপুনি চালাড বা তেওঁলোকৰ প্ৰিয় বিভিন্ন খাদ্যত বিলাহী দি শিশুসকলক খুৱাব পাৰে ৷ ৰক্তহীনতা দূৰ কৰিবৰ বাবে শিশুটোৱে দৈনিক ১-২ টা বিলাহী খাব লাগিব ৷ যদি আপুনি বিচাৰে শিশুটোক দৈনিক এগিলাচ বিলাহীৰ ৰসো খাবলৈ দিব পাৰে ৷ বিলাহী ভিটামিন-চি আৰু লাইকোপেনেৰে সমৃদ্ধ ৷ ভিটামিন-চি-য়ে খাদ্যৰ পৰা আইৰণ শোষণ কৰাত সহায় কৰে ৷

ডালিম

ডালিমত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, চৰ্বি আৰু আঁহ থাকে ৷ ইয়াত আইৰণ আৰু কেলচিয়ামৰ দৰে পুষ্টিও পোৱা যায় ৷ যাৰ বাবে ডালিমক শিশুৰ ছুপাৰফুড হিচাপে গণ্য কৰা হয় ৷ শিশুটোৰ শৰীৰত তেজৰ অভাৱ নহ'লেও আপুনি তেওঁলোকক দৈনিক ২০০ গ্ৰাম ডালিম খুৱাব পাৰে ৷

পালেং শাক

আপুনি শিশুসকলক পালেং শাকৰ চুপ খাবলৈ দিব পাৰে ৷ পালেঙত প্ৰচুৰ পৰিমাণে আইৰণ থাকে ৷ অথবা আপুনি এক গিলাচ পালেং শাকত দুই চাহ চামুচ মৌ মিহলাই প্ৰতিদিনে শিশুক দিব পাৰে ৷

বিট, আপেল

আপুনি আপোনাৰ শিশুটিক দৈনিক আপেল, বিটৰ ৰসৰ লগত মৌ মিহলি কৰি এক কাপ জোখত খাবলৈ দিব পাৰে ৷ আপেলত আইৰণ যথেষ্ট পৰিমাণে থাকে, আনহাতে বিটত উচ্চ পৰিমাণৰ ফলিক এচিডৰ লগতে ফাইবাৰ আৰু পটাছিয়াম থাকে ৷

তিল

তিলে শিশুৰ ৰক্তহীনতা দূৰ কৰিব পাৰে ৷ মুখ্যতঃ ক'লা তিল আইৰণৰ খুব ভাল উৎস ৷ তিলৰ পেষ্ট কৰি তাৰ সৈতে মৌ মিহলি কৰি দিনত দুবাৰকৈ শিশুক খুৱাব পাৰে ৷ ইয়াক আৰু অধিক সুস্বাদু আৰু পুষ্টিকৰ কৰি তুলিবলৈ আপুনি ইয়াত বাদাম, কাজু বাদাম আৰু কিচমিছৰ দৰে শুকান ফলো যোগ দিব পাৰে ৷

কিচমিচ

কিচমিচত প্ৰচুৰ পৰিমাণৰ কেলচিয়াম, পটাছিয়াম, ছডিয়াম, প্ৰ'টিন, আঁহ আৰু আইৰণ থাকে ৷ ১০০ গ্ৰাম কিচমিছৰ পৰা এটা শিশুৱে প্ৰায় ১.৮৮ মিগ্ৰা আইৰণ লাভ কৰিব পাৰে ৷ সেয়েহে সন্তানক দৈনিক কিচমিচ খুৱাব লাগে ৷ আপুনি তেওঁলোকৰ প্ৰিয় ব্যঞ্জনতো কিচমিচ দি ৰান্ধি খুওৱাব পাৰে ৷

লগতে পঢ়ক: স্বাস্থ্যৰ বাবে এইসমূহ অলৌকিক উপকাৰিতা সাধন কৰে চজিনাৰ পাতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.