ETV Bharat / sukhibhava

মহামাৰীৰ কালচোৱাত যক্ষ্মা ৰোগীক অতিৰিক্তভাৱে যত্ন লোৱাৰ প্ৰয়োজন: চিকিৎসক - doctor

“যক্ষ্মা আৰু ক’ভিড উভয়ে সাধাৰণতে হাওঁফাওত আক্ৰমণ কৰে ৷ টিউব’ৰক’লছিছৰ প্ৰসংগত ক’ব পাৰি যে ক’ভিড আৰু যক্ষ্মা, দুয়োবিধ ব্যাধিৰ মাজত পোনপটীয়াকৈ কোনো সম্পৰ্ক নাই ৷ কিন্তু বিজ্ঞানসন্মতঃ বাখ্যাৰ ভিত্তিত ক’বলৈ গ’লে যিকোনো দীৰ্ঘস্থায়ী ৰোগৰ নিচিনাকৈয়ে; বিশেষকৈ শাৰীৰিকভাৱে ক্ষতিৰ সন্মুখীন হোৱা ৰোগীসকলৰ ক্ষেত্ৰত ক’ভিডৰ আশংকা অত্যাধিক বেছি” ৷

মহামাৰীৰ কালচোৱাত যক্ষ্মা ৰোগীসকলক অতিৰিক্তভাৱে যত্ন লোৱাৰ প্ৰয়োজনঃ চিকিৎসক

author img

By

Published : Mar 27, 2021, 10:24 AM IST

সমগ্ৰ দেশজুৰি ক’ভিড মহামাৰীয়ে প্ৰতিটো স্বাস্থ্য সম্পৰ্কীয় সমস্যাকে চেৰ পেলাই গৈছে, তেনেস্থলত যিহেতু ভাইৰাছবিধে পোনে পোনে হাওঁফাওঁত আক্ৰমণ কৰে ৷ গতিকে যক্ষ্মা ৰোগীসকলক অতিৰিক্তভাৱে যত্ন লোৱাৰ প্ৰয়োজন আছে বুলি কিছুসংখ্যক চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে ৷ ৰোগৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বৰ্ষৰ ২৪ মাৰ্চ তাৰিখে বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় ৷ চিকিৎসক সকলে জানিবলৈ দিয়া অনুসৰি যক্ষ্মা ৰোগীসকল সাধাৰণতে ‘ক’ম’ৰ্বিটিডিটিজ’ অৰ্থাৎ এটা সময়তে একাধিক ৰোগত ভূগি থাকে আৰু হাওঁফাওৰ ক্ষতি সাধন হৈ থকাৰ ফলত তেওঁলোকক কৰোণা ভাইৰাছে আক্ৰমণ কৰাৰ আশংকা অধিক বৃদ্ধি পায় ৷ তদুপৰি চিকিৎসক সকলে কয় যে টিবি আৰু কৰ’ণাৰ লক্ষণ প্ৰায় একেই ৷ উদাহৰণস্বৰূপে কাঁহ আৰু জ্বৰ ৷ ই কেৱল নিৰ্ণয় কৰাৰ ক্ষেত্ৰতেই বিভ্ৰান্তিৰ সৃষ্টি নকৰে, বৰঞ্চ ইয়াৰ ফলত পোৱা অপবাদে কোনো যক্ষ্মা ৰোগীৰ অৱস্থা অধিক শোচনীয় কৰি তুলিব পাৰে ৷

“যক্ষ্মা আৰু ক’ভিড উভয়ে সাধাৰণতে হাওঁফাওত আক্ৰমণ কৰে ৷ টিউব’ৰক’লছিছৰ প্ৰসংগত ক’ব পাৰি যে ক’ভিড আৰু যক্ষ্মা, দুয়োবিধ ব্যাধিৰ মাজত পোনপটীয়াকৈ কোনো সম্পৰ্ক নাই ৷ কিন্তু বিজ্ঞানসন্মতঃ বাখ্যাৰ ভিত্তিত ক’বলৈ গ’লে যিকোনো দীৰ্ঘস্থায়ী ৰোগৰ নিচিনাকৈয়ে; বিশেষকৈ শাৰীৰিকভাৱে ক্ষতিৰ সন্মুখীন হোৱা ৰোগীসকলৰ ক্ষেত্ৰত ক’ভিডৰ আশংকা অত্যধিক” গুৰুগ্ৰামৰ নাৰায়ণা হাস্পতালৰ পৰামৰ্শদাতা, পাল‌ম’নেৰী এণ্ড শ্লিপ মেডিচিনৰ শিবা কল্যাণ বিস্বৱালে আই এ এন এছক কয় ৷

বিস্বৱালে জনাই যে, বিশ্ব স্বাস্থ্য সন্থাই অনুমান কৰা মতে ২০২০ আৰু ২০২৫ চনৰ ভিতৰত ক’ভিড মহামাৰীৰ পোনপটীয়া পৰিণতি হিচাপে অতিৰিক্তভাৱে প্ৰায় ১৪ লাখ লোকৰ মৃত্যু হোৱাৰ আশংকা আছে ৷

লগতে কয়, “মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক’বলৈ হ’লে, আজিলৈকে প্ৰায় ০.২ শতাংশৰ পৰা ০.৫ শতাংশ যক্ষ্মা ৰোগীহে ক’ভিডত আক্ৰান্ত হৈছে ৷ সেইকাৰণেই দুয়োটা ৰোগকেই আমি সমান মনোযোগিতাৰে চোৱা উচিত আৰু সিমানেই গুৰুত্ব সহকাৰে লোৱা উচিত ৷”

যক্ষ্মা এতিয়াও বিশ্বৰ আটাইতকৈ মাৰাত্মক সংক্ৰামক ৰোগ হিচাপে বিবেচিত হৈ আছে ৷ প্ৰতিদিনেই এই প্ৰতিৰোধযোগ্য তথা নিৰাময়যোগ্য ৰোগবিধত প্ৰায় ৪ হাজাৰ লোকৰ মৃত্যু ঘটে আৰু প্ৰায় ২৮ হাজাৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হয় ৷

“বিশ্ব স্বাস্থ্য সন্থাৰ অনুমান অনুসৰি নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বিশ্বত ১ কোটিতকৈও অধিক হ’ব ৷ লগতে কোৱা হৈছে যে ভাৰতৰ পৰা পোৱা তথ্যৰ সুবাদত মহামাৰীবিধত আক্ৰান্ত ৰোগীৰ সংখ্যা পূৰ্বতে অনুমান কৰা সংখ্যাৰ তুলনাতকৈ বৃদ্ধি পাইছে ৷ উল্লেখযোগ্য যে যক্ষ্মাত আক্ৰান্ত ৰোগীসকলৰ ৬০ শতাংশ আছে ছখন দেশত ৷ ভাৰত আছে প্ৰথম স্থানত ৷ ভাৰতৰ পাচতেই ওচৰা-ওচৰিকৈ আছে ইণ্ডোনেছিয়া আৰু চীন ৷ এই তালিকাত নাইজেৰিয়া, পাকিস্তানো পিছ পৰি ৰোৱা নাই ৷ উজালা ছিগনাছ গ্ৰুপ অৱ হাস্পতালচৰ প্ৰতিষ্ঠাতা তথা সচিব শুচিন বাজাজে কয়, “বৰ্তমান বজাৰত উপলব্ধ ঔষধৰ দ্বাৰা বিশেষকৈ ঔষধ প্ৰতিৰোধী যক্ষ্মা ৰোগৰ চিকিৎসা কৰাটো অতি কঠিন” ৷

গুৰুগ্ৰাম, এছিয়া হাস্পতাল, পালম বিহাৰৰ পালম’নেৰী তথা ক্ৰিটিকেল কেয়াৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা পীযুষ গোৱেলে আই এ এন এছক কয়, “টিউবৰক’ল’ছিছ এনে এবিধ বেক্টেৰিয়াৰ দাৰা সংক্ৰমিত হোৱা ব্যাধি যি হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে তথা শৰীৰৰ অনান্য অংগবোৰলৈ যেনে মগজু আৰু ৰাজহাড়লৈ বিয়পি পৰিব পাৰে ৷ যেতিয়া এজন সংক্ৰমিত ব্যক্তিয়ে কাঁহ মাৰে, কথা কয় বা গান গায় তেতিয়া এই ৰোগৰ বেক্টেৰিয়াবিধ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যায় ৷ এইছআইভি হৈ থকা লোক নাইবা আন কোনো ৰোগ প্ৰতিৰোধক ক্ষমতা লোপ পোৱা স্বাস্থ্যজনিত অৱস্থাত থকা; নাইবা যি সকলৰ টিউব’ৰক’ল’ছিছৰ সংক্ৰমণলৈ অহা দুবছৰ হ’ল বা অতীততে হোৱা যক্ষ্মাৰ সঠিক চিকিৎসা লোৱা হোৱা নাছিল, শিশু তথা বৃদ্ধ লোকসকলৰ এই ৰোগত আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে ৷

চিকিৎসকজনে কয় যে, যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰা আৰু সু-চিকিৎসা প্ৰদানৰ মূল চাবিকাঠি হ’ল আৰম্ভণিতেই ইয়াক চিনাক্ত কৰি উলিওৱা ৷ তথাপি বিগত বছৰত ক’ভিড-১৯ অৰ ফলত ৰোগ বিধ পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পৰিছে ৷ এটা শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত যক্ষ্মা ৰোগৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ১০ ৰ পৰা ১৫ সপ্তাহৰ ভিতৰত ৭০ শতাংশ হ্ৰাস পাইছে ৷

“এই বৰ্ষত বিশ্ব স্বাস্থ্য সন্থাই “দ্য ক্লক ইজ টিকিং” থিম নিৰ্দ্ধাৰণ কৰি সঠিক কামেই কৰিছে ৷ কিয়নো ক’ভিডৰ-১৯ অৰ ফলত হোৱা ক্ষতিখিনি অতি সোনকালে পূৰণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷ যক্ষ্মা ৰোগ এণ্টিবায়’টিক্সৰ সহায়ত লগতে ‘মাল্টি ড্ৰাগ ৰেজিমেন্ট’ (এম ডি আৰ) আৰু ‘ছিক্স-ড্ৰাগ’ ৰেজিমেণ্টৰ দ্বাৰা নিৰাময় কৰিব পাৰি” বুলি তেওঁ প্ৰকাশ কৰে ৷

আই এ এন এছ

গুৰগ্ৰাম,24 মাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.