পৰিৱৰ্তিত বতৰত চৰ্দি, কাহ আৰু জ্বৰৰ সমস্যা সাধাৰণতে দেখা যায় ৷ এনে পৰিস্থিতিত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ এই ঋতুত শৰীৰ সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ খাদ্য খোৱাটো বাঞ্ছনীয় ৷
কাহ আৰু চৰ্দিৰ পৰা হাত সাৰিবলৈ মানুহে প্ৰায়ে আদাৰ ৰস আৰু মৌ ব্যৱহাৰ কৰে ৷ চৰ্দি আৰু কাহ কমোৱাৰ বাবে আদাক ঔষধ হিচাপে গণ্য কৰা হয় ৷
যদি আপুনিও আদাৰ সোৱাদ ভাল নাপায়, তেন্তে আপুনি ইয়াক আন এটা ধৰণে সোৱাদযুক্ত কৰি তুলিব পাৰে ৷ হয়, আজি আপুনি আদাক কেণ্ডি বা চকলেটৰ দৰেও গ্ৰহণ কৰিব পাৰে ৷ ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ৰেচিপি জানো আহক-
সামগ্ৰী
আদা- ২০০ গ্ৰাম
গুড়- ৩০০ গ্ৰাম
হালধি – এচিকুট
নিমখ- ৰুচি অনুসৰি
নিমখ চেনিৰ গুড়ি – কোট কৰিবলৈ
ৰেচিপি
- আদাৰ কেণ্ডি বনাবলৈ প্ৰথমে আদাৰ বাকলি উলিয়াই ভালদৰে ধুই লওক ৷ এতিয়া ইয়াক ৰুকি লওক ৷
- ৰুকি লোৱা আদা খিনিত গুড় দিয়ক ৷ এতিয়া মিক্সাৰত আদা আৰু গুৰ একেলগে পিচি লওক ৷
- এতিয়া এই পেষ্টটো গৰম কৰি লওক ৷ ইয়াৰ বাবে কেৰাহী এখন লৈ গেছত থৈ দিয়ক ৷ কেৰাহী গৰম হ’লে এই মিশ্ৰণখিনি ঢালি দিব৷ এতিয়া একেৰাহে লৰাই ২-৩ মিনিট মান ৰান্ধিব ৷
- তাত অলপ নিমখ আৰু হালধি দিব৷ ইয়াৰ পিছত আৰু ৩-৪ মিনিট ৰান্ধিব ৷
- মিশ্ৰণখিনি কেৰাহী এৰি নিদিয়ালৈকে লৰাই থাকক, যদি এনে হোৱা দেখিছে তেন্তে আপোনাৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে ৷
- এতিয়া এই মিশ্ৰণখিনি প্লেট এখনত উলিয়াই লওক ৷ ঠাণ্ডা হ’বলৈ দিব ৷ ঠাণ্ডা হোৱাৰ পিছত নিজৰ পছন্দৰ আকৃতিৰ সৰু সৰু কেণ্ডি প্ৰস্তুত কৰক ৷
- আৱৰণৰ বাবে নিমখ আৰু চেনি মিহলাই তাৰ ওপৰত লগাব পাৰে ৷ এতিয়া সকলো কেণ্ডি কোট কৰি এয়াৰ টাইট পাত্ৰত ৰাখি দৈনিক এটা কেণ্ডি উপভোগ কৰক ৷
লগতে পঢ়ক: বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষণাবেক্ষণ দিয়াত মাস্কে কিদৰে সহায় কৰে ?