ETV Bharat / sukhibhava

Surprising Health Benefits Of Black Raisins : ক'লা কিচমিচৰ আশ্চৰ্যজনক লাভালাভ

ক'লা কিচমিচ পুষ্টিৰ এক শক্তিক্ষেত্ৰ আৰু স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োৰে বাবে উপকাৰী ৷ সংক্ৰমণ প্ৰতিৰোধ কৰা আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি ৰখাত ইয়াৰ ব্যৱহাৰ অতি উপকাৰী ৷ জানোচোন আহক ক'লা কিচমিচৰ কেইটামান উপকাৰী গুণ...

author img

By

Published : Jan 9, 2022, 5:05 PM IST

Benefits Of Black Raisins
ক'লা কিচমিচৰ আশ্চৰ্যজনক লাভালাভ

শুকান ফলবোৰক আদৰ্শ লঘু আহাৰ হিচাপে গণ্য কৰা হয় যিহেতু সেইবোৰৰ কোনোধৰণৰ নেতিবাচক প্ৰভাৱ শৰীৰত নপৰে বৰঞ্চ অসংখ্য লাভালাভহে থাকে ৷ আমি যেতিয়া শুকান ফলৰ কথা পাঁতো সহজেই মনলৈ আহে কাজু, কাঠবাদাম আৰু পিস্তাৰ বিষয়ে ৷ কিন্তু এই ফলসমূহক বাদ দি আৰু এবিধ ফল আছে যাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট যোগাত্মক প্ৰভাৱ আছে ৷ এই শুকান ফলবিধ হ’ল কিচমিচ ৷ বজাৰত বিভিন্ন প্ৰকাৰৰ কিচমিচ উপলব্ধ , কিন্তু আজি আমি ইয়াত ক'লা কিচমিচৰ কিছুমান লাভালাভৰ বিষয়ে আলোচনা কৰিম ৷

পুনেস্থিত এগৰাকী ডায়েটিচিয়ান Radhika Kalra ই কৈছে যে ওজন হ্ৰাস কৰা, শৰীৰত শক্তি বজাই ৰখা আৰু বহুতো ৰোগ প্ৰতিৰোধ কৰাত ক'লা কিচমিচ যথেষ্ট সহায়ক ৷ ঔষধি গুণেৰে ভৰপূৰ ক'লা কিচমিচ সমগ্ৰ শৰীৰৰ লগতে চুলি আৰু ছালৰ বাবে মহৌষধ সদৃশ ৷ পুষ্টিৰে ভৰপূৰ এই ক'লা কিচমিচ আপোনালোকে নিয়মীয়াকৈ খাব পাৰে ৷

Radhika Kalra ই জনায় যে ক'লা কিচমিচ ক'লা আঙুৰৰ পৰা তৈয়াৰ কৰা হয় ৷ ইয়াত আঁহ, প্ৰ'টিন, কেলচিয়াম, এণ্টিঅক্সিডেণ্ট, পটাছিয়াম আৰু পলিফেনল থাকে ৷ আইৰন, পটাছিয়াম আৰু মেঙ্গানিজৰ ই এক ভাল উৎস বুলিও তেওঁ জানিবলৈ দিয়ে ৷

Keeps blood pressure under control

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগ আৰু ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰত (NCBI) প্ৰকাশিত গৱেষণা অনুসৰি, ক'লা কিচমিচত পোৱা পলিফেনল, ফাইবাৰ আৰু পটাছিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ আমাৰ বিশেষজ্ঞই কয় যে কিচমিচত পোৱা উচ্চ পটাছিয়াম স্তৰে তেজত ছডিয়াম হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয় ৷

Beneficial for bones

ক'লা কিচমিচত ব’ৰন থাকে, যাক হাড়ৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আমি সকলোৱে জানো, আমাৰ হাড়ৰ বাবে কেলচিয়াম অত্যাৱশ্যকীয় ৷ ক'লা কিচমিচত উপযুক্ত পৰিমাণত কেলচিয়াম পোৱা যায় ৷ সেয়েহে, ক'লা কিচমিচ খোৱাটো স্বাস্থ্যৰ বাবে ভাল, বিশেষকৈ Osteoporosis ত ভুগি থকা লোকসকলৰ বাবে ই উপকাৰী ৷

Enhances blood flow

ক'লা কিচমিচৰ ওপৰত কৰা বহুতো গৱেষণাত দেখা গৈছে যে যিহেতু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়, নিয়মীয়াকৈ এমুঠি ক'লা কিচমিচ সেৱনে ৰক্তহীনতাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে ৷ ইয়াৰ উপৰিও, ই ঋতুস্ৰাৱৰ বিষ উপশম কৰাৰ বাবেও উপকাৰী ৷

Reduces bad cholesterol

NCBI ৰ প্ৰকাশিত এক গৱেষণাত কোৱা হৈছে যে নিয়মীয়াকৈ ক'লা কিচমিচ খালে Low-density Lipoprotein বা বেয়া কলেষ্টৰেল আৰু triglyceride (তেজত থকা এক প্ৰকাৰৰ চৰ্বি) হ্ৰাস কৰে ৷ ইয়াৰ উপৰিও, কিচমিচত থকা ফাইবাৰ আৰু পলিফেনলবোৰেও কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

Strengthens the immune system

আমি সকলোৱে জানো যে ভিটামিন চি থকা খাদ্যবোৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয় ৷ বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ পৰা সুৰক্ষা প্ৰদানতো ভিটামিন চি দৰকাৰী । ক'লা কিচমিচবোৰো ভিটামিন চি সমৃদ্ধ খাদ্য ৷

Enhances digestion

আঁহসমৃদ্ধ হোৱাৰ বাবে, ক'লা কিচমিচে কোষ্ঠকাঠিন্যৰ দৰে বহুতো হজম সমস্যাত সকাহ দিয়ে আৰু পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে ৷

Improves skin and hair health

ক'লা কিচমিচ খোৱাটো ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয় ৷ কিচমিচৰ এণ্টিঅক্সিডেটিভ আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণ থাকে, যি ছালৰ সৈতে সম্পৰ্কিত কেইবাটাও বেক্টেৰিয়াৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰে ৷ লগতে, ইয়াত থকা লো আৰু ভিটামিনে চুলিৰ মানদণ্ড বজাই ৰখাত সহায় কৰে ৷

লগতে পঢ়ক : Reduce Your Eye Strain : আয়ুৰ্বেদিক চিকিৎসাৰে হ্ৰাস কৰক চকুত পৰা অতিৰিক্ত চাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.