ETV Bharat / sukhibhava

Sunny Deol Fitness: ৬৫ বছৰ বয়সত ৩০ বছৰৰ ফিটনেছ বজাই ৰাখিছে ছানী দেউলে, জানক অভিনেতাগৰাকীৰ ফিটনেছ ৰুটিন

author img

By

Published : Jul 12, 2023, 3:47 PM IST

বলীউডত বলিষ্ঠ সংলাপ আৰু উজ্জ্বল অভিনয়ৰ বাবে পৰিচিত অভিনেতা ছানী দেউলে ফিটনেছত ক্ষেত্ৰত যুৱ অভিনেতাকো চেৰ পেলায় গৈছে ।তেওঁৰ ফিট শৰীৰক চাই তেওঁৰ বয়সৰ অনুমান লগোৱাটো খুবেই কঠিন । সেয়ে এই প্ৰতিবেদনৰ জৰিয়তে তেওঁৰ ফিটনেছৰ ৰহস্য জানো আহক-

Sunny Deol maintains the fitness of 30 at the age of 65, know what is the actor's routine
৬৫ বছৰ বয়সত ৩০ বছৰৰ ফিটনেছ বজাই ৰাখিছে ছানী দেউলে

বলীউডৰ অভিনেতা প্ৰখ্যাত অভিনেতা ছানী দেউলৰ শক্তিশালী কণ্ঠস্বৰ আৰু আচৰিত ফিটনেছৰ অনুৰাগী বিভিন্ন লোক । এই সময়ত ছানী দেউল ব্যস্ত তেওঁৰ ছবি ‘গদৰ ২’ত । ছানী দেউলক দেখি তেওঁৰ বয়স অনুমান কৰাটো বৰ খুবেই টান । ৬৫ বছৰ বয়সতো অভিনেতাজনক অতি ফিট আৰু ডেকা দেখা যায় । ছানী দেউলৰ ফিটনেছ যে তেওঁৰ ফিটনেছৰ প্ৰতি অতি সচেতন তাৰেই প্ৰমাণ এয়া । আজিও মানুহে ছানী দেউলৰ দৰে এটি সুঠাম শৰীৰ এটা পাব বিচাৰে । যদিও ইয়াৰ আঁৰৰ ৰহস্য হ’ল তেওঁ অতি সুষম জীৱনশৈলী মানি চলে ।

স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়ামৰ আঁৰত আছে ছানী দেউলৰ সুস্বাস্থ্য আৰু ফিটনেছ । উজ্জ্বল অভিনয়েৰে নিজৰ বাবে এক বিশেষ পৰিচয় খোদিত কৰা ছানী দেউলে নিজৰ ফিট শৰীৰেৰে যুৱ অভিনেতাসকলক কঠোৰ প্ৰতিযোগিতা দিয়া দেখা গৈছে । গতিকে জানো আহক তাৰা সিঙৰ আচৰিত ফিটনেছৰ ৰহস্য কি-

এয়া অভিনেতা ছানী দেউলৰ স্বাস্থ্যৰ ৰুটিন

তথ্য অনুসৰি অভিনেতা ছানী দেউলে নিজকে ফিট আৰু মেইণ্টেন কৰি ৰাখিবলৈ নিজৰ ৱৰ্কআউটৰ সময়সূচী কঠোৰভাৱে পালন কৰে । ব্যায়ামৰ লগতে ছানী পাজীয়ে যোগাসন কৰে । তথ্য অনুসৰি পিঠিৰ সমস্যাৰ বাবে অভিনেতাগৰাকীয়ে ভাৰোত্তোলন আৰু নকৰে । ৰুটিনৰ কথা ক’বলৈ গ’লে ছানি দেউলে পুৱা সোনকালে উঠে আৰু ব্ৰেকফাষ্ট মিছ নকৰে । পুৱা কণী খাই ভাল পায় ছানি দেউলে । ছানি দেউল পাঞ্জাবী, গতিকে ঘৰতে তৈয়াৰী ঘিউৰ সৈতে মিচি ৰুটি গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে ।

এয়া অভিনেতা ছানী দেউলৰ ফিটনেছ ৰহস্য

ছানী দেউল সুস্থ হৈ থকাৰ আঁৰৰ ৰহস্য হ’ল তেওঁ যিকোনো ধৰণৰ সুৰাৰ পৰা আঁতৰি থাকে । কেৱল এয়াই নহয়, ছানি দেউলে চিগাৰেটো সেৱন নকৰে । ডাঙৰ পৰ্দাত দেখা যায় যিদৰে তেওঁক ফিট আৰু চঞ্চল দেখা যায় বাস্তৱ জীৱনতো তেওঁৰ সিমানেই ফিট তথা এক্টিভ দেখা যায় । আপুনিও ছানি দেউলৰ দৰে নিয়মীয়াকৈ ৱৰ্কআউট আৰু স্বাস্থ্যসন্মত সুষম খাদ্য অনুসৰণ কৰি ফিট আৰু সুস্থ জীৱন যাপন কৰিব পাৰে ।

লগতে পঢ়ক: Celebs Fitness: ৫৪ বছৰ বয়সতো নিজকে ফিট ৰাখিছে ভাগ্যশ্ৰীয়ে, আপুনিও অনুসৰণ কৰিব পাৰে অভিনেত্ৰীগৰাকীৰ এই ফিটনেছ ৰুটিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.