ETV Bharat / sukhibhava

বৃক্কৰ সৰু সৰু পাথৰবোৰ আওকাণ কৰিলে বিপদত পৰিব পাৰে আপুনি

author img

By

Published : Aug 12, 2022, 10:51 PM IST

কিডনী বা বৃক্কৰ সৰু সৰু পাথৰবোৰক আপুনি আওকাণ কৰে নেকি ? যদি কৰে তেন্তে এতিয়াৰে পৰা হওক সাৱধান (leaving small kidney stones behind causes complications later) ৷ প্ৰায় সংখ্যক লোকেই কিডনীত হোৱা সৰু সৰু পাথৰ সমূহৰ বাবে কোনো চিকিৎসা গ্ৰহণ নকৰাৰ লগতে ইয়াক অপাৰেশ্যনৰ জৰিয়তে বাহিৰ নকৰে ৷ কিন্তু আপুনি জানেনে ? যে ইয়াৰ ফলত ভৱিষ্যতে ই এক মাৰাৎত্মক ৰূপ ধাৰণ কৰিব পাৰে ৷ পঢ়ক সবিশেষ...

Study reveals leaving small kidney stones behind causes complications later
বৃক্কৰ সৰু সৰু পাথৰবোৰ আওকাণ কৰিলে বিপদত পৰিব পাৰে আপুনি

কিডনী বা বৃক্ক আমাৰ শৰীৰৰ ভিতৰৰ এক অপৰিহার্য অংগ । কিডনীয়ে দেহৰ তৰল পদার্থ লৱণ, খনিজ পদার্থ আৰু অন্যান্য উপাদানসমূহৰ পৰিমাণ নিয়মীয়া কৰি ৰাখে আৰু অতিৰিক্ত ভাগ নিষ্কাশন কৰে । এই পদার্থসমূহৰ সন্তুলনৰ তাৰতম্য হ'লে কিডনীত পাথৰ (Stone) সৃষ্টি হ'ব পাৰে(Leaving small kidney stones behind causes complications later) ।

আমাৰ দুটা কিডনী থাকে । কিডনীৰ লগত ইউৰেটৰ, ইউৰিনেৰি ব্লাডাৰ আৰু ইউবেথা সংলগ্ন হৈ থাকে । ইয়াৰ যিকোনো অংশতে পাথৰৰ সৃষ্টি হ'ব পাৰে । এই পাথৰবোৰ প্রকৃততে সৰু সৰু লৱণ আৰু খনিজ পদার্থৰ স্তুপ । কিডনীত উৎপন্ন হৈ পাথৰবোৰ মূত্ৰনলীৰ তলৰ ফালে গতি কৰিব পাৰে ।

প্ৰায় সংখ্যক লোকেই কিডনীত হোৱা সৰু সৰু পাথৰ সমূহৰ বাবে কোনো চিকিৎসা গ্ৰহণ নকৰাৰ লগতে ইয়াক অপাৰেশ্যনৰ জৰিয়তে বাহিৰ নকৰে ৷ কিন্তু আপুনি জানেনে ? যে ইয়াৰ ফলত ভৱিষ্যতে ই এক মাৰাৎত্মক ৰূপ ধাৰণ কৰিব পাৰে ৷

লগতে পঢ়ক : Vegetarian women: নিৰামিষভোজী মহিলাসকলৰ নিতম্বৰ হাড় ভঙাৰ সম্ভাৱনা অধিক

নিউ ইংলেণ্ড(New England Journal of Medicine) জাৰ্নেল অৱ মেডিচিন আলোচনীত গৱেষণাৰ এক তথ্য প্ৰকাশ পাইছে যে, সাধাৰণতে, অধ্যয়নৰ পূৰ্বে কিছুমান পাথৰৰ চিকিৎসা কৰা উচিত হয় নে নহয় সেই সম্পৰ্কে ক্লিনিকেল মতামত যথেষ্ট মিশ্ৰিত আছিল । ইয়াৰ নিৰাময়ৰ বাবে কেনেধৰণ চিকিৎসা বা অস্ত্ৰোপচাৰৰ দৰকাৰ সেয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ব্যৱহাৰ কৰা উচিত ৷

অধিকাংশ চিকিৎসকে পাথৰৰ আকাৰৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব যে পাথৰৰ বাবে কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন ৷ কিন্তু এই সৰু সৰু পাথৰবোৰ যদি সঠিক সময়ত আঁতৰোৱা হয় তেন্তে পুনৰ ৰোগ হোৱাৰ আশংকা ৮২ শতাংশ হ্ৰাস পায় ৷ যাৰ বাবে সৰু সৰু পাথৰবোৰ আঁতৰোৱাৰ ক্ষেত্ৰত পলম কৰিব নালাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক : COVID Symptoms : 8 জনৰ ভিতৰত এজন ৰোগীৰ দীঘলীয়া ক'ভিড লক্ষণ বিকশিত হয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.