ETV Bharat / sukhibhava

জোখতকৈ অধিক নিমখে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ - টাইপ ২ ডায়বেটিছ

টাইপ ২ ডায়বেটিছৰ অন্যতম কাৰণ নিমখ । যিসকলে টাইপ ২ ডায়বেটিছৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেওঁলোকে অতিৰিক্ত নিমখ খোৱা বাদ দিয়ক ।

Stop eating too much salt in your diet
জোখতকৈ অধিক নিমখে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:15 PM IST

দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি ডায়েবেটিচৰ দৰে দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে । জাংক ফুড আৰু চেনি ডায়েবেটিচৰ মূখ্য কাৰণ বুলি গণ্য কৰা হয় । কিন্তু আপুনি জানি আচৰিত হ'ব যে নিমখো হৈছে ডায়েবেটিছৰ অন্যতম কাৰণ । হয়, টাইপ ২ ডায়বেটিছৰ অন্যতম কাৰণ নিমখ । যিসকলে টাইপ ২ ডায়বেটিছৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেওঁলোকে অতিৰিক্ত নিমখ খোৱা বাদ দিয়ক ।

নিমখ অবিহনে খাদ্যৰ সোৱাদ সদায় আধৰুৱা ৷ ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হয় । ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম পোৱা যায় । কিন্তু, জোখতকৈ অধিক নিমখ খোৱাটোও স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে । ইয়াৰ ফলত বহু ধৰণৰ ৰোগে দেখা দিব পাৰে ।

টুলেন বিশ্ববিদ্যালয়ত প্ৰকাশিত এক অধ্যয়নত পোহৰলৈ আহিছে সকলোকে আচৰিত কৰা এই তথ্য । বিগত ১১ বছৰ ধৰি চাৰি লাখতকৈও অধিক লোকৰ ক্ষেত্ৰত কৰা এই গৱেষণা কৰা হৈছিল । এই গৱেষণাত ১৩ হাজাৰৰো অধিক লোকৰ দেহত ধৰা পৰে টাইপ ২ ডায়েবেটিছ ।

এই অধ্যয়নত পোহৰলৈ আহিছে যে যিসকল লোকে কেতিয়াবা বা সদায়ে তেওঁলোকৰ খাদ্যত অত্যাধিক নিমখ খায়, তেওঁলোকৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা সীমিত পৰিমাণে খোৱা লোকৰ তুলনাত ১৩%, ২০% আৰু ৩৯% অধিক হ'ব পাৰে ।

এই অধ্যয়ন সন্দৰ্ভত লেখক আৰু টুলেন ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থ এণ্ড ট্ৰপিকেল মেডিচিনৰ মুৰব্বীয়ে কয়, 'আমি ইতিমধ্যে জানো যে নিমখ সেৱন সীমিত কৰিলে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস হ'ব পাৰে, কিন্তু এই অধ্যয়নটোৱে প্ৰথমবাৰৰ বাবে দেখুৱাইছে যে খাদ্যৰ সৈতে অতিৰিক্ত নিমখ অন্তৰ্ভূক্ত নকৰিলে টাইপ ২ ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰি । অধিক নিমখ খোৱাৰ ফলত টাইপ ২ ডায়েবেটিছৰ আশংকা বৃদ্ধি হোৱাৰ লগতে মেদবহুলতাৰ দৰে সমস্যাও হয় ।' কেৱল সেয়াই নহয় উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ই কোনো বৰবিহতকৈ কম নহয় । গতিকে খাদ্যত নিমখৰ পৰিমাণ সীমিত হ’ব লাগে ।

লগতে পঢ়ক: ফিটনেছ লাভ কৰিবলৈ আপুনি কৰে নেকি অভাৰ এক্সাৰচাইজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.