ETV Bharat / sukhibhava

বহি বহিয়েই দিনটো পাৰ কৰি নিদিব, খোজ কাটলো অলপ কাঢ়িব - একেৰাহে বহি থকাটো হানিকাৰক

আপুনি বাৰু কাৰ্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে ঘন্টাৰ পিছত ঘন্টা ধৰি একেৰাহে বহি থাকে নেকি ? যদি আপুনি এনে কৰিছে তেন্তে সাৱধান হওক ৷ শৰীৰটোক আৰাম দিবৰ আমি প্ৰায়েই বহি বহিয়েই দিনটো কটাই দিও (Sitting continuously is harmful)। কিন্তু এনে কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে ৷

Sitting continuously can be dangerous for our health
বহি বহিয়েই দিনটো পাৰ কৰি নিদিব, খোজ কাটলো অলপ কাঢ়িব
author img

By

Published : Nov 8, 2022, 5:52 PM IST

আপুনি বাৰু কাৰ্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে ঘন্টাৰ পিছত ঘন্টা ধৰি একেৰাহে বহি থাকে নেকি ? যদি আপুনি এনে কৰিছে তেন্তে সাৱধান হওক ৷ শৰীৰটোক আৰাম দিবৰ আমি প্ৰায়েই বহি বহিয়েই দিনটো কটাই দিও (Sitting continuously is harmful) । কিন্তু এনে কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে ৷

জীৱন-পদ্ধতিত থিয় হৈ বা বহি যিকোনো কাম কৰাটো এক অবিচ্ছেদ্য অংশ । কিন্তু শাৰীৰিক সুস্বাস্থ্যৰ বাবে একে ঠাইতে থিয় হৈ, বহি নাথাকি চলা-ফুৰা কৰাটোহে প্ৰয়োজন । হৃদৰোগ আৰু ডায়েবেটিছ ৰোগ সম্প্ৰতি জীৱন যাপন পদ্ধতিৰ ফলত হোৱা ৰোগ হিচাপে চিনাক্ত হৈছে । এই ৰোগৰ অন্যতম কাৰণ হৈছে একে ভংগীত, একে ঠাইতে বহু সময় ধৰি বহি থকাটো । অথচ সম্প্ৰতি শিশুৰ পৰা বৃদ্ধলৈকে আধুনিক প্ৰযুক্তিৰ পণ্য হাতত লৈ এনেদৰে বহি ঘণ্টা সময় পাৰ কৰে ।

লগতে পঢ়ক: Lunar Eclipse 2022: আজি বৰ্ষটোৰ অন্তিম চন্দ্ৰগ্ৰহণ, জানি লওক চন্দ্ৰগ্ৰহণৰ সঠিক সময়

গৱেষণাৰ পৰা দেখা গৈছে যে, যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকেও যদি দিনটোৰ বেছিভাগ সময় বহি কটায়, তেতিয়া এই সমস্যাবোৰে দেখা দিব পাৰে । বিশেষকৈ শিশুক দিনটোৰ কিছু সময় বাহিৰত কটাবলৈ দিয়ক । দৌৰা,জঁপিওৱা আদি খেল শিশুৰ লগত খেলিবলৈ লওক । শিশুৱে স্কুলত খেলে যদিও ঘৰতো কিছু সময় খেলিবলৈ উৎসাহ দিয়ক । এনে কৰিলে আপোনাৰ লগতে আপোনাৰ শিশুটিও সুস্থ হৈ থাকিব ৷ অন্যথা দৈনিক ঘৰৰ পোহনীয়া জন্তুৰ সৈতে খোজ কাঢ়িবলৈ যাওক এনে কৰিলেও আপুনি শাৰিৰীকভাৱে সুস্থ হৈ থাকিব ৷

কাৰ্যালয়ৰ কাম-কাজৰ পৰিৱেশ আৰু নিয়ম সলনি কৰাটো সম্ভৱ নহয়-

স্বাস্থ্যজনিত কাৰণতে নিজৰ আচৰণৰ পৰিৱৰ্তন কৰক । কাম-কাজৰ মাজে মাজে কিছু সময় উলিয়াই চকীৰ পৰা থিয় হওক আৰু হাত-ভৰিৰ জোৰাত হেঁচা পৰাকৈ শৰীৰটো টনাটনি কৰক । কাৰ্যালয়ত প্ৰতি ঘণ্টাৰ মুৰত ইণ্টাৰনেটৰ তথ্য বিচৰাৰ অজুহাতত আপুনি হাততেই ফোন ৰাখি থয় । এই কাম নকৰি ফোনটো টেবুলত থৈ ঘণ্টাৰ মুৰে মুৰে থিয় হৈ দুই মিনিটৰ কাৰণে শৰীৰটো টানি দিয়ক । মাজে মাজে সহকৰ্মীৰ সৈতে কথা-বতৰা পতাৰ বাবে কিছু সময় কামৰ পৰা বিৰতি লওক । যিবোৰ ব্যায়াম কাৰ্যালয়ত কৰা সম্ভৱ তেনে কাম কৰিব পাৰে ।

এই নিয়ম ঘৰতো মানি চলক । কাৰ্যালয়ত বেছিভাগ সময় বহি কটাবলগীয়া হ’লে ঘৰত বহি কৰা কামৰ পৰিমাণ কমাই দিব । টেলিভিছন,কম্পিউটাৰ আদিৰ সন্মুখত বেছি সময় বহি নাথাকি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে শাৰিৰীক ব্যায়াম আদি কৰিব পাৰে ।

লগতে পঢ়ক: Aloe Vera Juice for health: এলোভেৰাৰ ৰসৰ কিছুমান আচৰিত গুণাগুণৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.