ETV Bharat / sukhibhava

Shankh Benefits: দৈনিক শংখ বজালে দূৰ হ’ব আপোনাৰ বহু ৰোগ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:26 PM IST

দৈনিক শংখ বজালে বহু ৰোগৰ পৰা সকাহ পোৱাৰ লগতে লাভ কৰিব এইসমূহ উপকাৰিতা ৷ এই বিষয়ে বিতংভাৱে জানো আহক...

Health benefits of blowing a shankh or a conch shell
দৈনিক শংখ বজালে দূৰ হ’ব আপোনাৰ এইসমূহ ৰোগ; কিন্তু কেনেকৈ ?

শংখ বজোৱা প্ৰথা হিন্দু ধৰ্মত যুগ যুগ ধৰি চলি আহিছে ৷ শংখনাদে কেৱল আধ্যাত্মিক শান্তি প্ৰদান কৰাই নহয় ইয়াৰ লগত বহুতো স্বাস্থ্য উপকাৰিতাও জড়িত হৈ আছে ৷ বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে শংখ বজালে শৰীৰৰ বহু অংশ উপকৃত হয় আৰু বহু ৰোগৰ পৰা সকাহ পাব পাৰি ৷ ইয়াক দৈনিক বজালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, মানসিক চাপৰ পৰা উপশম পোৱা যায় আৰু মুখৰ উজ্বলতা বৃদ্ধি কৰে ৷ সেয়ে স্বাস্থ্য আৰু সৌন্দৰ্য উন্নত কৰিবলৈ দৈনিক শংখ বজাবলৈ আৰম্ভ কৰক ৷ শংখ বজোৱাৰ অন্য উপকাৰিতাৰ সম্পৰ্কে জানো আহক...

মানসিক চাপ দূৰ কৰে

আধুনিক জীৱনশৈলীত মানসিক চাপ এটা সাধাৰণ সমস্যা ৷ কামৰ বোজা, ঘৰ আৰু পৰিয়ালৰ দায়িত্বই আমাক মানসিকভাৱে ভাগৰুৱা কৰি তোলে ৷ এনে পৰিস্থিতিত শংখ বজোৱাটো এটা ভাল বিকল্প ৷ শংখৰ পৰা নিৰ্গত হোৱা পবিত্ৰ শব্দই শৰীৰ আৰু মনক শান্ত কৰাত সহায় কৰে ৷ ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগ দূৰ হয় আৰু মনটোৱে শান্তি অনুভৱ কৰে ৷ সেয়ে আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে দৈনিক শংখ বজাবলৈ আৰম্ভ কৰক ৷

পেটৰ গেছৰ সমস্যাৰ পৰা সকাহ

শংখ বজালে আপোনাৰ মলদ্বাৰৰ পেশীবোৰো শক্তিশালী হয় ৷ শংখৰ উচ্চ শব্দই শৰীৰৰ অভ্যন্তৰীণ অংগ সক্ৰিয় কৰে আৰু মলদ্বাৰৰ পেশীবোৰ সংকোচন আৰু প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলত ইহঁতৰ মাজত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ইহঁত শক্তিশালী হয় ৷ ইয়াৰ গেছৰ সমস্যাও দূৰ হয় ৷ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ সুস্থ কৰি ৰাখিবলৈ আপুনি দৈনিক শংখ বজাব পাৰে ৷

হাওঁফাওঁ শক্তিশালী কৰে

হাওঁফাওঁ আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংশ যিয়ে উশাহ-নিশাহ লোৱাত সহায় কৰে ৷ বহু সময়ত প্ৰদূষণ বা আন কাৰণত হাওঁফাওঁৰ ক্ষমতা কমি যায় ৷ তেনেস্থলত শংখ বজালে হাওঁফাওঁৰ বাবে অতি উপকাৰী ৷ শংখৰ শব্দই হাওঁফাওঁত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত হাওঁফাওঁ শক্তিশালী হয় ৷

মুখৰ বলিৰেখা কম কৰে

শংখ বজালে মুখৰ বলিৰেখা কমি যায় ৷ শংখৰ শব্দই মুখৰ পেশীবোৰক উদ্দীপিত কৰে, যাৰ ফলত তেজৰ সঞ্চালন উন্নত হয় ৷ সেয়ে নিয়মিত শংখ বজালে মুখৰ বলিৰেখা কমি যায় আৰু ছালৰ উজ্বলতা বৃদ্ধি হয় ৷

লগতে পঢ়ক: Kidney Stone: এই ৫বিধ খাদ্যই বৃদ্ধি কৰে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা, ভুলতো নকৰিব সেৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.