ETV Bharat / sukhibhava

পুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত

author img

By

Published : Jul 20, 2020, 3:58 PM IST

কিয় আৰু কেনেকৈ সৃষ্টি হ'ব পাৰে পুৰুষৰ যৌনাংগৰ সমস্যা ? এই ক্ষেত্ৰত কি কি সমাধান আছে ? ডাঃ ৰাহুল ৰেড্ডীৰ বিশেষ সমিধান মন্ত্ৰৰ সৈতে আমাৰ এই বিশেষ লেখা...

Sexual Dysfunction in male affects cardiac health
পুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত

নিউজ ডেস্ক, 20 জুলাইঃ বহু কাৰণৰ বাবে পুৰুষৰ যৌন ৰোগ উৎপন্ন হয়,আৰু ই এক যথেষ্ট চিন্তাৰ বিষয় ৷ পুৰুষৰ যৌন ৰোগে যৌন জীৱনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে ৷ শেহতীয়াকৈ গৱেষণাৰ অন্তত এটা কথা পোহৰলৈ আহিছে যে,দীৰ্ঘ সময় ধৰি উপেক্ষা কৰা যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে পুৰুষৰ হৃদযন্ত্ৰজনিত স্বাস্থ্যৰ ক্ষেত্ৰত ৷ Andrologist ডাঃ ৰাহুল ৰেড্ডীয়ে কৈছে,"পুৰুষৰ যৌন ৰোগ দুই প্ৰকাৰৰ ৷ "

1. নপুংসকতা ( Erectile Dysfunction)

2. ত্ৰুটিপূৰ্ণ বীৰ্য স্খলন (Ejaculatory Dysfunction)

নপুংসকতা এনে এক স্থিতি য'ত,পুৰুষে সম্ভোগ কালত উত্থান অৱস্থা পাবলৈ সক্ষম নহয় ৷

ইফালে বীৰ্য স্খলনৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ শিথিলতা থাকে ৷ বিল্মবিত স্খলন আৰু সময়ৰ পূৰ্বেই স্খলন হোৱা ৷ অৰ্থাৎ পুৰুষৰ বহুত সোনকালে অথবা বহুত দেৰিকৈ বীৰ্য স্খলন হোৱা সমস্যা ৷

পুৰুষৰ মাজত সৃষ্টি হোৱা যৌন ৰোগৰ কাৰণ সমূহ কি কি?

বহু কাৰকে পুৰুষৰ যৌগ ৰোগ সৃষ্টি কৰিব পাৰেঃ

1.অসন্তুলিত অৱস্থাত থকা হৰম'ন

2. মানসিক অসুবিধা

3.পৰিৱৰ্তিত জীৱনশৈলী

4. সংবহনজনিত কাৰণ

5.পুৰুষাংগৰ স্নায়ুৰ ক্ষতি ( দুৰ্লভ সমস্যা তথা এই সমস্যাৰ প্ৰতিকাৰ নাই)

আমি যদি মানসিক অসুবিধাৰ কথালৈ চাও,তেতিয়া জানিম যে বিফল হোৱাৰ ভয় মানসিক উদ্বেগতাৰ কাৰণ হ'ব পাৰে ৷ মানসিক অস্থিৰতাই পুৰুষৰ নপুংসকতাৰ কাৰক হ'ব পাৰে ৷

কেৱল সেয়াই নহয়,খাদ্যাভাস,মাদক দ্ৰব্য সেৱন,কোনো ধৰণৰ শাৰীৰিক ব্যায়াম নকৰা আৰু অধিক চিন্তাও ইয়াৰ কাৰণ হ'ব পাৰে ৷

প্ৰাৰম্ভিক হস্তমৈথুন আৰু বয়স্ক ভিডিঅ' চোৱা আৰু তাৰ সৈতে নিজৰ তুলনা কৰা আৰু প্ৰাপ্ত বয়স্ক ভিডিঅ' চাই ভিডিঅ'ৰ সৈতে একেই প্ৰদৰ্শন কৰাৰ চেষ্টা কৰা,অন্যান্য ঔষধৰ অধিক ব্যৱহাৰো ত্ৰুটিপূৰ্ণ বীৰ্য স্খলনৰ কাৰণ হ'ব পাৰে ৷

জীৱনশৈলীৰ কিছু পৰিৱৰ্তন,নিয়মতি ব্যায়াম,পৰ্যাপ্ত পৰিমাণৰ টোপনি আৰু দুঃশ্চিন্তা কমকৈ কৰা, নিজৰ সংগীৰ সৈতে ভাল সম্পৰ্ক স্থাপন, কোনোধৰণৰ জাংক ফুড,মাদক দ্ৰব্য,ধুম্ৰপান পৰিহাৰ কৰাৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে যৌন জীৱনত সফলতা পাব পাৰে ৷

প্ৰাকৃতিক পন্থা অৱলম্বন কৰি হৰমনৰ ভাৰসাম্যতা সুস্থিৰ কৰিব পাৰি ৷ যেনে, সুষম তথা ভাল আহাৰ, নিয়মিত ব্যায়াম কৰাৰ জৰিয়তে সুফল পাব পাৰে এই ক্ষেত্ৰত ৷

হৰমনেল ভাৰসাম্যতা সুস্থিৰ কৰাৰ বাবে ঔষধৰ ব্যৱহাৰ (ব্লু পিলছ) লিংগ আৰু সংবহন স্বাস্থ্য সুস্থিৰ কৰাৰ অন্যতম উপায় ৷ এই দৰৱ নিয়মিত ৰূপত তিনিৰ পৰা চাৰিমাহ খাব লাগিব ৷ কিছুমান ক্ষেত্ৰত যি সকল পুৰুষক ঔষধে সুফল দিব নোৱাৰে তেওঁলোকক Shock wave therapy গ্ৰহণ কৰিব পাৰে ৷

"ই পুৰুষৰ যৌন ৰোগৰ চিকিৎসা কৰাৰ নতুন প্ৰক্ৰিয়া ,যাৰ কোনো বিৰূপ প্ৰভাৱ নথকাৰ লগতে ইয়াৰ দ্বাৰা কোনো ধৰণৰ বিষ নহয় ৷ এই প্ৰতিকাৰৰ ফলাফল পাঁচৰ পৰা আঠ বছৰলৈকে থাকে ৷এই প্ৰতিকাৰৰ মুখ্য লক্ষ্য হ'ল লিংগৰ ক্ষতিগ্ৰস্ত ৰক্ত বাহিকাৰ স্থানত নতুন ৰক্তবাহিকাৰ নিৰ্মাণ কৰা ৷"-ডাঃ ৰাহুল ৰেড্ডী

ডাঃ ৰাহুল ৰেড্ডীয়ে কয়,"যৌন ৰোগৰ চিকিৎসাৰ অন্তিম বিকল্প হ'ল ছাৰ্জাৰী ৷"

তেওঁ লগতে কয় যে,2010 চনত Shock wave therapy গ্ৰহণ কৰাৰ পিছত বহু পৰিমাণে ছাৰ্জাৰী কৰা মানুহৰ হাৰ কমি গৈছে৷

ডাঃ ৰেড্ডীয়ে কয়, " অৱশ্যে শিথিলতাৰ চিকিৎসাৰ বাবে আন বহু প্ৰতিকাৰ উপলব্ধ আছে,কিন্তু এনে প্ৰতিকাৰে পুৰুষৰ স্থায়ী বীৰ্যস্খলনৰ কাৰক হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা থাকে ৷"

তেওঁ লগতে উল্লেখ কৰে যে,পুৰুষাংগৰ ক্ষতিগ্ৰস্ত ৰক্ত বাহিকাৰ চিকিৎসা নকৰালে বা এই ক্ষেত্ৰত অৱহেলা কৰিলে এই ক্ষতিগ্ৰস্ত ৰক্ত বাহিকাই হৃদযন্ত্ৰত প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব পাৰে ৷

" উচিত ব্যৱস্থা আৰু যৌন ৰোগৰ মূল কাৰণৰ প্ৰতিকাৰ এই প্ৰতিকাৰ প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ ৷ "-এইদৰে জনাই বিষয়টোৰ সামৰণি মাৰে ডাঃ ৰাহুল ৰেড্ডীয়ে ৷

লগতে পঢ়কঃ অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন আৰ্চেনাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.