ETV Bharat / sukhibhava

Asthma: দীৰ্ঘ সময়ৰ পৰা এই ৰোগৰ সৈতে যুঁজি আছে প্ৰিয়ংকাই, আপুনিও হওঁক সাৱধান

প্ৰিয়ংকাক দেখিলে কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁ হাঁপানিৰ দৰে ৰোগৰ সৈতে যুঁজি আছে ৷ ৫ বছৰ বয়সৰ পৰাই তেওঁক এই ৰোগে আগুৰি আছে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:13 PM IST

Is Priyanka Chopra having asthma this disease since childhood
দীৰ্ঘ সময়ৰ পৰা এই ৰোগৰ সৈতে যুঁজি আছে প্ৰিয়ংকাই, আপুনিও হওঁক সাৱধান

ধনীয়েই হওঁক বা দুখীয়াই হওঁক, সকলো ব্যক্তিৰ জীৱনতে সমস্যা থাকে ৷ কাৰো জীৱনেই সুচল নহয় ৷ সকলোৱে জীৱনৰ এটা সময়ত অসুবিধাৰ সন্মুখীন হ'বই লাগিব ৷ ইয়াৰ উদাহৰণস্বৰূপে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ কথাকেই ক’ব পাৰি ৷ প্ৰিয়ংকাক দেখিলে কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁ হাঁপানিৰ দৰে ৰোগৰ সৈতে যুঁজি আছে ৷ ৫ বছৰ বয়সৰ পৰাই তেওঁক এই ৰোগে আগুৰি আছে ৷

কিন্তু বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকাৰ বিশেষত্ব এয়ে যে তেওঁ কেতিয়াও এই ৰোগক তেওঁৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ দিয়া নাই ৷ প্ৰিয়ংকাই নিজেই উল্লেখ কৰিছিল যে কেনেকৈ হাঁপানিয়েও তেওঁৰ কেৰিয়াৰৰ উচ্চতাত উপনীত হোৱাত বাধা দিব নোৱাৰিলে ৷ এই ৰোগৰ সৈতে যুঁজিয়েই তেওঁ গোটেই দিনটো কামত ব্যস্ত থাকে ৷প্ৰিয়ংকাৰ মতে কোনো ৰোগ লুকুৱাই ৰখাটো উচিত নহয় ৷ সদায়েই ৰোগৰ সৈতে যুঁজ দি আগবাঢ়ি গ’লে জীৱনত একো ৰোগেই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ৷

হাঁপানি কি ?

হাঁপানি হৈছে এক শ্বাসতন্ত্ৰৰ ৰোগ, য'ত শ্বাসনলী ফুলি থাকে ৷ হাঁপানি থাকিলে হাঁওফাঁওৰ ওপৰত চাপ পৰে ৷ ই হৈছে এনে ৰোগ যিয়ে সকলো বয়সৰ লোককে প্ৰভাৱিত কৰে, যদিও মহিলাৰ ওপৰত ইয়াৰ প্ৰভাৱ পুৰুষতকৈ পৃথক ৷ বিজ্ঞানীসকলৰ মতে, মহিলাৰ ক্ষেত্ৰত উৎপন্ন যৌন হ’ৰম’নৰ ফলত হাপানীৰ দৰে সমস্যা হয় ৷

মহিলাসকলে কিয় এই ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে ?

ঋতুস্ৰাৱৰ সময়ত মহিলাৰ এষ্ট্ৰোজেনৰ স্তৰ হ্ৰাস হয় ৷ যি ফুলাৰ সমস্যা আৰু হাঁপানিৰ সমস্যা বৃদ্ধি কৰে ৷ হাঁপানি থকা প্ৰায় ২০% ৰ পৰা ২৫% মহিলাই ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ ঠিক আগতে বুকুখন টান হোৱা যেন আৰু শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে ৷ আনহাতে, মহিলাসকলে পাকঘৰত অধিক সময় অতিবাহিত কৰে আৰু পাকঘৰৰ প্ৰদূষণে তেওঁলোকৰ হাঁওফাঁওক প্ৰভাৱিত কৰে ৷ শৈশৱতে এই ৰোগ হোৱা লোকসকলে যদি সময়মতে সঠিক চিকিৎসা আৰু পৰিৱেশ নাপায়, তেওঁলোকৰ বাবে স্বাস্থ্যৱান জীৱন-যাপন কৰাটো অতি কঠিন হৈ পৰে ৷

হাঁপানিৰ লক্ষণ

  • চুটি উশাহ
  • কাঁহ
  • বুকুত কফ জমা হোৱা
  • বুকুখন টান হোৱা যেন অনুভৱ হোৱা
  • ভাগৰ অনুভৱ কৰা

হাঁপানিৰ ৰোগীসকলে এইসমূহ দিশত মন দিয়া উচিত

  • ৰাতিপুৱা মৌ খাব ৷ আহাৰত সেউজীয়া পাচলি, পুদিনা, আদা, নহৰু, ব্ৰকলী অন্তৰ্ভুক্ত কৰিব ৷
  • কৰ্মৰত মহিলাসকলে বায়ু প্ৰদূষণ পৰিহাৰ কৰিব লাগে ৷ সদায় নাকটো ভালদৰে ঢাকি ওলাই যাব লাগে ৷

হাঁপানিয়ে কেতিয়া আক্ৰমণ কৰে ?

  • যেতিয়া বতৰ সলনি হয়
  • যথেষ্ট ব্যায়াম কৰাৰ পিছত
  • ঠাণ্ডা বতৰত
  • যেতিয়া ধোঁৱা শৰীৰৰ ভিতৰলৈ যায়
  • বৰষুণৰ বতৰত

সেয়েহে এই ৰোগৰ লক্ষণবোৰ শৰীৰত দেখা দিয়াৰ লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী ৷

লগতে পঢ়ক: Happy Hormones: আপোনাৰ খিংখিঙীয়া স্বভাৱৰ বাবে চিন্তিত নেকি ? এই খাদ্যবোৰে বৃদ্ধি কৰিব আপোনাৰ হেপ্পী হৰম’ন!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.