ETV Bharat / sukhibhava

গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:30 PM IST

যদি মহিলাসকলে গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে আৰু অধিক নিজৰ যত্ন লোৱাটো দৰকাৰ ৷ গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিলে এগৰাকী মহিলাই কোনবোৰ দিশত মন দিব লাগে, আজি জানো আহক-

Pregnant women should be careful when travelling
গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

প্ৰতিগৰাকী মহিলাৰ বাবেই গৰ্ভধাৰণৰ সময়খিনি খুবেই বিশেষ হয় ৷ গৰ্ভাৱস্থাত শৰীৰটোৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন ৷ গৰ্ভাৱস্থাত খোৱা-বোৱাৰ পৰা ধৰি উঠি বহালৈ, প্ৰায় সকলো সময়তে মহিলাগৰাকীয়ে নিজৰ যত্ন ল'ব লাগে ৷ আনহাতে, যদি মহিলাসকলে গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে আৰু অধিক নিজৰ যত্ন লোৱাটো দৰকাৰ ৷ গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিলে এগৰাকী মহিলাই কোনবোৰ দিশত মন দিব লাগে, আজি জানো আহক-

চিকিৎসকৰ পৰামৰ্শ অবিহনে ভ্ৰমণ নকৰিব

গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰাটো কিমান শুদ্ধ বা ভুল তাৰ বাবে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল'ব ৷ যদি চিকিৎসকে আপোনাক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়ে, তেতিয়াহে ভ্ৰমণ কৰিব ৷ এইটো বিশ্বাস কৰা হয় যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহ ভ্ৰমণ কৰাটো উচিত নহয় ৷

দীঘলীয়া বাট ভ্ৰমণ নকৰিব

এনে বহু মহিলা আছে, যিসকলে কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা বহু দূৰত বাস কৰে ৷যাৰ বাবে উৎসৱ-পাৰ্বনত তেওঁলোক ঘৰলৈ আহিবলৈ সাজু হয় ৷কিন্তু যদি আপুনিও ঘৰৰ পৰা বহু দূৰত বাস কৰে, তেন্তে গৰ্ভধাৰণৰ সময়ত দীঘলীয়া বাট ভ্ৰমণ কৰাটো পৰিহাৰ কৰিব ৷

ভ্ৰমণত মাজে মাজে বিৰতি ল’ব

গৰ্ভাৱস্থাৰ সময়ত নিৰন্তৰ ভ্ৰমণে মাতৃৰ লগতে কেঁচুৱাৰ ক্ষতি কৰিব পাৰে ৷ গতিকে যদি আপুনি দীঘলীয়া যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে নিৰন্তৰ ভ্ৰমণ কৰাটো পৰিহাৰ কৰিব ৷ গৰ্ভধাৰণৰ সময়ত ভ্ৰমণৰ মাজে মাজে বিৰতি ল’ব, ই শৰীৰটোক আৰাম দিয়ে আৰু গৰ্ভস্থ সন্তানটোৰ কোনো ক্ষতি হোৱাৰ ভয় নাথাকে ৷

গধুৰ সামগ্ৰী উঠোৱাটো পৰিহাৰ কৰিব

যদি আপুনি গৰ্ভধাৰণৰ সময়ত ভ্ৰমণলৈ যাবলৈ ওলাইছে, তেতিয়া গধুৰ সামগ্ৰী উঠোৱাটো পৰিহাৰ কৰিব ৷ ই শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ সেয়েহে গৰ্ভধাৰণৰ সময়ত যিমান পাৰে সিমান কম সামগ্ৰী লৈ যাত্ৰা কৰিব ৷

এই কথাবোৰো মনত ৰাখিব

যদি আপুনি গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি ঔষধ, পুষ্টিকৰ খাদ্য আৰু কুহুমীয়া পানী লগত ৰাখিব ৷ ভ্ৰমণলৈ যাওঁতে আৰামদায়ক কাপোৰ পিন্ধিব ৷তদুপৰি, গৰ্ভধাৰণৰ সময়ত ওখ-চাপৰ, বেয়া পথত ভ্ৰমণ নকৰিব ৷ভিৰৰ পৰা সদায়েই আঁতৰি থাকিব ৷

লগতে পঢ়ক: চীনত নিউমোনিয়াৰ প্ৰাদুৰ্ভাৱ; জানি লওক ইয়াৰ ৫টা বিপজ্জনক লক্ষণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.