ETV Bharat / sukhibhava

Diwali 2023: দীপাৱলীৰ পূৰ্বেই বৃদ্ধি পাইছে প্ৰদূষণ; এই সময়ত হাঁপানি ৰোগীয়ে কেনেদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন ?

প্ৰদূষণ বৃদ্ধি পোৱাৰ বাবে এই সময়ত শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱা উচিত । কাৰণ প্ৰদূষণ বাঢ়ি অহাৰ বাবে যদি শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে নিজৰ যত্ন লোৱা নাই তেন্তে হাঁপানিয়ে অসুবিধাৰ সৃষ্টি কৰিব পাৰে । যাৰ বাবে ৰোগীয়ে আনকি নিজৰ প্ৰাণো হেৰুৱাব পাৰে । সেয়েহে এই প্ৰতিবেদনত আমি আপোনালোকক ক'বলৈ ওলাইছো হাঁপানি ৰোগীয়ে কেনেকৈ নিজৰ যত্ন লোৱাটো উচিত ?

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:33 PM IST

Pollution has started increasing even before Diwali, asthma patients should take care of themselves like this
দীপাৱলীৰ পূৰ্বেই বৃদ্ধি পাইছে প্ৰদূষণ; এই সময়ত হাঁপানী ৰোগীয়ে কেনেদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন ?

দিনক দিনে বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে মানুহৰ উশাহ-নিশাহ লোৱাটো কঠিন হৈ পৰিছে ৷ দীপাৱলী অহাৰ লগে লগে বায়ু প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৈতে ভুগিবলগীয়া হয় ৷ ৰোগী তেন্তে এইটো আপোনাৰ বাবে কঠিন সময় ৷

সেয়ে এই সময়ত শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱা উচিত ৷ কাৰণ প্ৰদূষণ বাঢ়ি অহাৰ বাবে যদি শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে নিজৰ যত্ন লোৱা নাই তেন্তে হাঁপানিৰ এটেক আহিব পাৰে ৷ যাৰ বাবে এনে ৰোগীয়ে নিজৰ জীৱন হেৰুৱাব পাৰে ৷ সেয়েহে ইয়াত আমি আপোনালোকক ক'ম যে হাঁপানি ৰোগীয়ে কেনেকৈ নিজৰ যত্ন ল'ব লাগে ?

হাঁপানি ৰোগীয়ে এনেদৰে নিজৰ যত্ন লোৱা উচিত-

১) হাঁপানি ৰোগী যদি ক’ৰবাত বাহিৰলৈ ওলাই যায় তেন্তে তেওঁলোকে নিজৰ বিশেষ যত্ন ল’ব লাগে ৷ ইয়াৰ বাবে তেওঁলোকে সদায় লগত ইনহেলাৰ এটা ৰাখিব লাগে ৷

২) হাঁপানি ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিব লাগে ৷ ইয়াৰ বাবে হাঁপানি ৰোগীয়ে এবাৰতে খাদ্য খোৱা উচিত নহয় ৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে ২ ঘণ্টাৰ মূৰে মূৰে কিবা নহয় কিবা এটা খাব লাগে ৷ তেলীয়া খাদ্য পৰিহাৰ কৰিব লাগে কাৰণ ইয়াৰ ফলত ডিঙিৰ বিষো হ’ব পাৰে ৷ যাৰ বাবে শ্বাসৰুদ্ধ হোৱা যেন অনুভৱ হ’ব পাৰে ৷

৩) যদি আপুনি হাঁপানি ৰোগী, তেন্তে প্ৰতি নিশা শুবলৈ যোৱাৰ পূৰ্বে গৰম পানী খাব লাগে, এনে কৰিলে আপোনাৰ হজম শক্তি ভালদৰে থাকে আৰু আপোনাৰ উশাহ-নিশাহতো কোনো সমস্যা নহয় ৷

৪) শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা ৰোগীয়ে দৈনিক হালধিৰ গাখীৰ খাব লাগে ৷ প্ৰতিদিনে ৰাতি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ এনে কৰিলে উশাহ-নিশাহ লোৱাত কোনো সমস্যাৰ সৃষ্টি নহয় ৷

৫) শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা ৰোগীয়ে এনে ঠাইলৈ যাব নালাগে য’ত অধিক ফটকা ফুটাৰ শব্দ শুনা যায় লগতে এনে ঠাইলৈ যাওঁতে ৰুমালেৰে মুখখন ঢাকি ৰাখক ৷

লগতে পঢ়ক: Workout Tips: ফিট হৈ থাকিবলৈ কোন সময়ত ৱৰ্কআউট কৰিব লাগে, পুৱা নে গধূলি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.