নিউজ ডেস্ক,5 আগষ্টঃ প্লাজমা থেৰাপিৰ জৰিয়তে বহু COVID ৰোগীৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত সুফল পোৱা গৈছে ৷ উশাহ জনিত সমস্যা হোৱা ৰোগীসকলৰ বাবে যথেষ্ট উপযোগী হিচাপে বিবেচিত হৈছে এই থেৰাপি ৷ সেয়ে সময়ৰ আৱশ্যকতালৈ লক্ষ্য কৰি কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীক উৎসাহিত কৰিব লাগে প্লাজমা দান দিবৰ বাবে ৷ অৱশ্যে আৰোগ্য লাভ কৰা ৰোগীসকলে ওলাই আহি প্লাজমা দান কৰাৰ ক্ষেত্ৰত মনত শংকাৰ সৃষ্টি হৈছে ৷ ইটিভি ভাৰত সুখীভৱক এই সন্দৰ্ভত MBBS, DCH, 'Thalassemia and Sickle Cell Society' ৰ CEO ড৹ সুমন জৈনে বহুখিনি কথাই প্ৰকাশ কৰে ৷
COVID 19ৰোগৰ উপশম কৰাত প্লাজমা থেৰাপি ব্যৱহাৰৰ অৰ্থ কি ?
ক'ভিড প্লাজমা থেৰাপিত সেইসকল ক'ভিড ৰোগৰ পৰা প্লাজমা লোৱা হয় , যি সকলে COVID 19 সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে ৷ ইয়াক Convalescent প্লাজমা বুলি কোৱা হয় ৷ এই থেৰাপি COVID 19 ৰ বিৰুদ্ধে এন্টিব'ডী গঠনৰ বাবে সেইসকল ৰোগীৰ সহায়ক হ'ব যি সকল COVID ৰোগী গম্ভীৰ অৱস্থাত আই.চি.ইউত ভৰ্ত্তি হৈ আছে ৷ অৱশ্যে 90 শতাংশ ৰোগীকে প্লাজমা থেৰাপিৰ প্ৰয়োজন নাই ৷
কোন সকল লোকে প্লাজমা দান কৰিব পাৰে ?
- COVID ৰোগ উপশম হোৱাৰ পিছত অতি কমেও 14 দিন থকাৰ পিছত আৰোগ্য ৰোগীয়ে প্লাজমা দান কৰিব পাৰে ৷
এগৰাকী ব্যক্তিয়ে প্লাজমা দিব পাৰিব,যেতিয়া তেওঁ
- ব্যক্তিজন যদি ফিট আৰু সুস্থ হয় ৷
- যদি তেওঁৰ বয়স 17 বছৰৰ ওপৰৰ হয় ৷
- সুৰক্ষিত ৰক্তদান কৰিবৰ বাবে তেওঁৰ শৰীৰত যদি পৰ্যাপ্ত পৰিমাণৰ ৰক্ত থাকে ৷
এগৰাকী ব্যক্তিয়ে প্লাজমা দান কৰিব নালাগে, যদি তেওঁ
- HIV পজিটিভ হয় ৷
- হেপেটাইটিজ বি বা হেপেটাইটিজ চিৰ বাহক হয় ৷
- syphilisৰ দৰে সংক্ৰামক ৰোগ আছে বা যদি কেতিয়াবা হৈছিল তেতিয়া তেওঁ প্লাজমা দান কৰিব নালাগে ৷
- যদি কেতিয়াবা ইঞ্জেকচন ড্ৰাগছ গ্ৰহণ কৰিছে বা চিকিৎসকৰ পৰামৰ্শ অবিহনে ব'ডী বিল্ডিং ড্ৰাগছ, ইনজেকটেবল ট্যানিং এঞ্জেচ গ্ৰহণ কৰিছে ,সেইসকলে প্লাজমা দান কৰিব নালাগে ৷
এগৰাকী ক'ভিড আৰোগ্য ৰোগীয়ে কিয় প্লাজমা দান কৰিব লাগে ?
এগৰাকী ক'ভিড আৰোগ্য ৰোগীয়ে প্লাজমা দান কৰিব পাৰে কাৰণ কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিব পৰা প্ৰতিৰক্ষা শক্তি তেওঁলোকৰ শৰীৰে লাভ কৰিছে ৷ এগৰাকী ক'ভিড আৰোগ্য ৰোগীয়ে দিয়া প্লাজমা দুগৰাকী ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰা যায় ৷
এগৰাকী ক'ভিড আৰোগ্য ৰোগীয়ে কিমান বাৰ প্লাজমা দান কৰিব পাৰে ?
এগৰাকী ক'ভিড আৰোগ্য ৰোগীৰ ক'ভিডৰ বাবে সৃষ্টি হোৱা এন্টিব'ডী সাধাৰণতে তিনি মাহলৈকে যথেষ্ট সক্ৰিয় হৈ থাকে ৷ সেয়ে তিনি মাহৰ ভিতৰত প্লাজমা দান কৰিলে ই কাৰ্যকৰী হয় ৷ কিন্তু এনেকুৱা অৱস্থাত এইটো কথালৈ লক্ষ্য কৰিব লাগে , দাতা গৰাকীয়েও ভাল এন্টিব'ডী টাইটাৰ বজাই ৰখা উচিত ৷ এনেকুৱা কিছুমান ঘটনা দেখা গৈছে যে, এগৰাকী প্লাজমা দাতাই তিনিমাহত 6 বাৰকৈ প্লাজমা দান কৰিছে ৷ অধিক বাৰ প্লাজমা দান কৰাৰ ক্ষেত্ৰত প্লাজমা কেন্দ্ৰত চিকিৎসকে দাতা গৰাকীৰ ফিটনেছ পৰিদৰ্শন কৰি ইয়াক দিয়াৰ বাবে অনুমতি দিয়ে ৷
যদি কোনো ব্যক্তিয়ে প্লাজমা দান কৰে তেতিয়া তেওঁৰ নিজৰ জীৱনৰ কিবা বিপদ হ'ব নেকি?
- প্লাজমা দান কৰিলে ব্যক্তি গৰাকীৰ জীৱনক লৈ বিপদ নহয় ৷ প্ৰতিটো দানৰ পূৰ্বে প্লাজমা কেন্দ্ৰত দাতাগৰাকীৰ শৰীৰৰ গুৰুত্বপূৰ্ণ সংকেতবোৰ পৰীক্ষা কৰাৰ লগতে তেওঁক তেওঁৰ স্বাস্থ্য আৰু ভ্ৰমণ বৃত্তান্তও সোধা হয় ৷
- প্লাজমা সংগ্ৰহৰ বাবে ব্যৱহৃত টিউব আৰু অন্য সামগ্ৰী এবাৰ ব্যৱহাৰৰ পিছত তাক নিস্ফল কৰা বা পেলাই দিয়া হয় ৷
- প্ৰত্যেকবাৰ প্লাজমা সংগ্ৰহ কৰোঁতে নতুন সামগ্ৰী ব্যৱহাৰ কৰা হয় ৷
প্লাজমা ক'ত দান কৰিব পৰা যায় ? এই দান প্ৰক্ৰিয়াত বহুত সময় লাগে নেকি ?
যিকোনো ব্লাড বেংক,এফ.ডি.এৰ দ্বাৰা অনুমোদিত চৰকাৰী হাস্পতালত প্লাজমা দান কৰিব পাৰি ৷ এই দান প্ৰক্ৰিয়াত 60-90 মিনিট সময় লাগে ৷ কিন্তু ইয়াত অলপো বিষ নহয় ৷ আপুনি প্লাজমা দান কৰা সময়খিনিত আৰামত পঢ়িব বা সংগীত শুনি থাকিব পাৰে ৷
প্লাজমা দান কৰাৰ ক্ষেত্ৰত কেনেকৈ জাগৰণ সৃষ্টি কৰিব ?
- ব্লাড বেংক, চৰকাৰী হাস্পতালত নিজৰ ইচ্ছা ব্যক্তি কৰি প্লাজমা দান কৰিবৰ বাবে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে ৷
- প্লাজমা দান কৰাৰ কথা ছ'চিয়েল মিডিয়া যোগে প'ষ্ট কৰি নিজৰ বন্ধু ,পৰিয়াল বৰ্গ তথা আত্মীয়ক টেগ কৰি নিজৰ প্লাজমা দানৰ অনুভৱ ব্যক্ত কৰিব পাৰে আৰু আনকো এনে কৰাৰ বাবে উৎসাহিত কৰিব পাৰে ৷ কাৰণ আপুনি দান কৰা প্লাজমা অন্য ৰোগীৰ বাবে জীৱনদায়িনী হ'ব পাৰে ৷
লগতে পঢ়কঃনেপোটিজম, বলীউড আৰু ৰাজনীতি