ETV Bharat / sukhibhava

Cracked Heels: ফাটি যোৱা গোৰোহাক হৈ আপুনি চিন্তিত নেকি ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ি পাওক ইয়াৰ সমাধান

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:48 PM IST

গোৰোহাৰ চাৰিওফালে থকা ছাল শুকান আৰু ডাঠ হোৱাৰ বাবে গোৰোহা ফটাৰ সমস্যাই দেখা দিয়ে । গোৰোহাৰ ছালখন শৰীৰৰ বাকী অংশৰ ছালতকৈ ডাঠ আৰু শুকান । সেয়ে এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক...

Now say goodbye to cracked heels, make your feet soft with these home remedies
ফাটি যোৱা গোৰোহাক হৈ আপুনি চিন্তিত নেকি ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ি পাওক ইয়াৰ সমাধান

সমাধান বিচাৰি ফুৰাৰ পৰিৱৰ্তে ফাটি যোৱা গোৰোহা লুকুৱাবলৈ চেষ্টা কৰেনে ? বজাৰত উপলব্ধ ছালৰ যত্ন লোৱা সামগ্ৰীয়েই ফাটি যোৱা গোৰোহাৰ চিকিৎসাৰ একমাত্ৰ বিকল্প নহয় ৷ কেতিয়াবা গোৰোহাৰ ফাটবোৰ খুব গভীৰ হৈ পৰে ৷ থিয় হ’লে তেজ ওলাব পাৰে বা বিষ হ’ব পাৰে ৷ সেয়ে ঘৰতে ফাটি যোৱা গোৰোহা আৰোগ্য কৰিব পৰা কিছুমান ঘৰুৱা উপায় আমি আপোনালোকক জনাম ৷ অৱশ্যে প্ৰথমে গোৰোহা ফাটি যোৱাৰ কাৰণবোৰ জানি লওক ৷

ফাটি যোৱা গোৰোহাৰ চাৰিওফালে থকা ছাল শুকান আৰু ডাঠ হোৱাৰ বাবে গোৰোহা ফাটি যায় ৷ গোৰোহাৰ ছালখন শৰীৰৰ বাকী অংশৰ ছালতকৈ ডাঠ আৰু শুকান ৷ সেয়ে সহজে ফাটি যাব পাৰে ৷ গোৰোহা ফাটি যোৱাৰ কিছুমান সাধাৰণ কাৰণ আছে, য’ত-

ছালৰ শুকানতা: গোৰোহাৰ ছালত আৰ্দ্ৰতা প্ৰদান কৰা তেলৰ উৎপাদন কমি যায় ৷ ইয়াৰ বাবে ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে আৰু ফাটি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

বহু সময় থিয় হৈ থকা বা খোজ কঢ়া: বহু সময় থিয় হৈ থকা বা খোজ কঢ়াৰ ফলত ভৰিৰ গোৰোহাত হেঁচা পৰে ৷ ইয়াৰ ফলত ছালত ফাট মেলিব পাৰে ৷

সঠিক জোতা নিপিন্ধা: কঠিন, টাইট বা বেয়াকৈ ফিটিং হোৱা জোতাযোৰে গোৰোহাত হেঁচা প্ৰয়োগ কৰি শুকান হ’ব পাৰে ৷

ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ: ভিটামিন এ, ই আৰু চি আৰু জিংকৰ অভাৱে ছালত আৰ্দ্ৰতা প্ৰদান কৰাত সহায় নকৰে ৷ ইয়াৰ ফলত ছাল শুকান আৰু ফাটি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

ৰোগ: কিছুমান ছালৰ ৰোগ (যেনে চ’ৰিয়াচিছ আৰু একজিমা)ৰ ফলত গোৰোহা শুকান আৰু ফাটি যোৱাৰ সম্ভাৱনা বেছি হ’ব পাৰে ৷

গোৰোহা ফাটি যোৱাৰ ঘৰুৱা উপায়

- গোৰোহা গৰম পানীত তিয়াই লওক আৰু তাৰ পিছত পিউমিচ ষ্টোনেৰে ঘঁহি লওক ৷ ইয়াৰ ফলত মৃত ছাল আঁতৰোৱাত সহায়ক হ’ব ৷

- গোৰোহাত এলোভেৰা জেল বা শ্বিয়া বাটাৰ প্ৰয়োগ কৰক ৷ এইবোৰ প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ, যিয়ে শুকান ছাল ভাল কৰাত সহায় কৰে ৷

- গোৰোহাত পেট্ৰলিয়াম জেলী লগাই তাৰ পিছত মোজা পিন্ধিব ৷ ইয়াৰ ফলত গোৰোহাত আৰ্দ্ৰতা আহিব আৰু গোটেই ৰাতিটো সুৰক্ষিত হৈ থাকিব ৷

- গোৰোহাত নাৰিকল তেল বা সৰিয়হৰ তেল লগাই ৰাতিটো থৈ দিব ৷ এই প্ৰাকৃতিক তেলে শুকান ছাল ভাল কৰাৰ লগতে আৰ্দ্ৰতা প্ৰদান কৰাত সহায় কৰে ৷

- গোৰোহাত দিনে দুবাৰকৈ নাৰিকল গাখীৰ লগাব ৷ নাৰিকল গাখীৰ এটা প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ, যিয়ে শুকান ছাল ভাল কৰাত সহায় কৰে ৷

- গোৰোহা গৰম পানীত তিয়াই লওক আৰু তাৰ পিছত পিউমিচ ষ্টোনেৰে ঘঁহি লওক ৷

লগতে পঢ়ক: World Heart Day 2023: হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.