ETV Bharat / sukhibhava

Gold nanoparticlesয়ে কৰ্কট ৰোগৰ ব্যৱস্থাপনা তথা চিকিৎসা পদ্ধতিত উন্নত সাধন কৰিব: অধ্যয়ন - নেন’মেডিচিন

শেহতীয়াকৈ কৰা এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, Gold nanoparticles ব্যৱহাৰ কৰি এক নতুন স্থান-নিৰ্দিষ্ট ঔষধ প্ৰদান পদ্ধতিয়ে কৰ্কট ৰোগৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ উন্নতি সাধন কৰিব পাৰে ।

A drug delivery solution can improve cancer management and treatment
Gold nanoparticlesয়ে কৰ্কট ৰোগৰ ব্যৱস্থাপনা তথা চিকিৎসা পদ্ধতিত উন্নত সাধন কৰিব
author img

By

Published : Oct 5, 2022, 1:54 PM IST

ভাৰতীয়কে ধৰি বিশ্বব্যাপী বিজ্ঞানীৰ এটা গোটে শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে, Gold nanoparticles ব্যৱহাৰ কৰি এক নতুন স্থান নিৰ্দিষ্ট ঔষধ প্ৰদান পদ্ধতিয়ে কৰ্কট ৰোগৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ উন্নতি সাধন কৰিব পাৰে(Gold nanoparticles site specific drug delivery)।

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰাণালয়ে (DST) এক বিবৃতিত কয় যে ‘Gold nanoparticles’ সমাধানৰ ওপৰত কৰা অধ্যয়নে উন্নত কৰ্কট ৰোগ ব্যৱস্থাপনা আৰু চিকিৎসাৰ বাবে নতুন সুযোগ মুকলি কৰিব, আৰু কৰ্কট ৰোগৰ বাহিৰেও ভৱিষ্যতে নেন’মেডিচিনৰ বাবে পথ প্ৰশস্ত কৰিব(Drug delivery solution can improve cancer management treatment) ।

২০০ৰো অধিক বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে জনা যায় যিবোৰ বৰ্তমান অস্ত্ৰোপচাৰ, কেমোথেৰাপি, আৰু ৰেডিয়’থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা হৈছে । ইয়াৰে বহুতো কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলালে আৰু ফলপ্ৰসূ চিকিৎসা কৰিলে ইয়াৰ নিৰাময় হ'ব পাৰে । কিন্তু উপলব্ধ চিকিৎসাসমূহ সময়সাপেক্ষ, ব্যয়বহুল, আৰু আন অসংখ্য পাৰ্শ্বক্ৰিয়াৰ সূচনা কৰে আৰু চিকিৎসাৰ প্ৰকৃত স্বাস্থ্য উপকাৰীতা কৰ্কট ৰোগীসকলৰ ওচৰলৈ ফলপ্ৰসূভাৱে নাপায় বুলি অধ্যয়নটোত কোৱা হৈছে ।

এমিটি চেণ্টাৰ ফৰ নেন’বায়’টেকন’লজি এণ্ড নেন’মেডিচিন (ACNN)ৰ গৱেষকসকলে, ‘Gold nanoparticles’ৰ এক অনন্য সমাধান ব্যৱহাৰ কৰি নেন’-বায়’টেকন’লজিকেল পদ্ধতিৰ সহায়ত চিকিৎসামূলক এজেণ্ট প্ৰস্তুত কৰিছে যিয়ে কৰ্কট ৰোগ ব্যৱস্থাপনাৰ বাবে স্থান-নিৰ্দিষ্ট ঔষধ প্ৰদান আৰু ইয়াৰ ফলপ্ৰসূতা উন্নত কৰাত সহায় কৰিব ৷

কেনেকৈ কাম কৰে(How does it work)

‘Gold nanoparticles’ প্ৰস্তুত কৰিছিল এচিচিএনৰ পৰা- হেমন্ত কুমাৰ দৈমা, আখেলা উমাপাঠী আৰু অধ্যাপক এছ.এল. কোথাৰীয়ে । দ্ৰৱটোৰ এটা সুকীয়া কাৰ্যকৰী পৃষ্ঠ থাকিব য’ত জৈৱ অণু আৰু এন্টিবায়’টিক থাকিব যাতে প্ৰতিক্ৰিয়াশীল অক্সিজেন প্ৰজাতিৰ (ROS) নিৰ্বাচিত প্ৰজন্মৰ জৰিয়তে উন্নত কেঞ্চাৰ প্ৰতিৰোধী কাৰ্যকলাপ বৃদ্ধি পায় ।

অধ্যয়নৰ উদ্ধৃতিৰে মন্ত্ৰাণালয়ে জনোৱা অনুসৰি এক ফলাফলত প্ৰকাশ পাইছে যে, Gold nanoparticles সমূহৰ ওপৰত উপযুক্ত পৃষ্ঠ কৰ’না নিৰ্বাচিত পদ্ধতিৰে ফলপ্ৰসূ কৰ্কট চিকিৎসাৰ বাবে অতি প্ৰয়োজনীয় আছিল ।

কাৰ্যক্ষম Silver nanoparticles ব্যৱহাৰ কৰি হাওঁফাওঁৰ কৰ্কট কোষৰ ফালে গৱেষণাটো সম্প্ৰসাৰিত কৰা হৈছিল আৰু Silver nanoparticlesৰ পৃষ্ঠ ৰসায়নৰ পৰা উৎপন্ন হোৱা নিৰ্বাচিত কৰ্কট প্ৰতিৰোধী প্ৰভাৱ এখন গৱেষণা পত্ৰত প্ৰদৰ্শন কৰা হৈছিল । দুয়োটা অধ্যয়নে কাৰ্যক্ষম Nanoparticles সমূহৰ কৰ্কট ৰোগ প্ৰতিৰোধী ক্ৰিয়াৰ ব্যৱস্থা সম্পৰ্কে গভীৰ বুজাবুজি প্ৰদান কৰিছে ।

জাপানৰ মিয়াজাকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ(Researchers from University of Miyazaki) সৈতে এই গৱেষণাটো আছিল এক বিশ্বব্যাপী প্ৰচেষ্টা, আৰু অষ্ট্ৰেলিয়াৰ আৰ এম আই টি বিশ্ববিদ্যালয়ে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে । এতিয়া দলটোৱে প্ৰস্তুত কৰা Nanoparticles সমূহৰ ওপৰত ক্লিনিকেল অধ্যয়নৰ পৰিকল্পনা কৰিছে বুলিও কোৱা হৈছে ।

লগতে পঢ়ক : বুদ্ধি কম নহয় ডিছলেক্সিয়াত ভোগা শিশুৰ: জানক ডিছলেক্সিয়া হয়নো কি ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.