ETV Bharat / sukhibhava

আজি ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱস; জানি লওক এই দিনটোৰ ইতিহাস তথা গুৰুত্ব

National Motivation and Inspiration Day 2024: ২ জানুৱাৰীত ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱস উদযাপন কৰা হয় । জানো আহক এই দিৱসৰ বিশেষত্ব

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 1:41 PM IST

National Motivation and Inspiration Day 2024 Date, History and Significance
আজি ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱস; জানি লওক এই দিনটোৰ ইতিহাস তথা গুৰুত্ব

১ জানুৱাৰীত সমগ্ৰ বিশ্বতে নৱবৰ্ষ উদযাপন কৰা হ’ল আৰু মানুহে নিজৰ নিজৰ ধৰণেৰে নতুন বছৰক আদৰণি জনাইছিল ৷ নতুন বছৰতো মানুহে নতুন সংকল্প লয় ৷ কিন্তু বাস্তৱত এই সংকল্পবোৰত অটল হৈ থকাটোহে এক কঠিন কাম ৷ সেয়ে ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱসে আপোনাক এই সংকল্পসমূহ পূৰণৰ বাবে বাস্তৱসন্মত পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে ৷

উৎসাহ আৰু প্ৰেৰণা দিৱস প্ৰতি বছৰে ২ জানুৱাৰীত পালন কৰা হয় ৷ ১ জানুৱাৰী অৰ্থাৎ নৱবৰ্ষ উদযাপন শেষ হোৱাৰ পিছত এই দিনটো আমাৰ সংকল্পৰ ওপৰত কাম কৰাৰ দিন ৷ ইয়াৰ লগতে উৎসাহ আৰু প্ৰেৰণা দিৱস হৈছে আমেৰিকাত ৯/১১ৰ কৰুণ পৰিঘটনাক স্মৰণ কৰাৰ লগতে দৈনন্দিন জীৱনৰ কাম-কাজত নতুনকৈ মনোনিৱেশ কৰাৰো দিন ৷

উৎসাহ আৰু প্ৰেৰণা দিৱসৰ ইতিহাস

  • উৎসাহ আৰু প্ৰেৰণা দিৱস আমেৰিকাৰ এজন প্ৰেৰণাদায়ক বক্তা কেভিন এল. মেকক্ৰুডেন', যাক "মিষ্টাৰ" নামেৰেও জনা যায় ৷ তেওঁৰ প্ৰয়াসত ২ জানুৱাৰীত ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱসে প্ৰতিষ্ঠা কৰিছিল আৰু এই দিনটোতে তেওঁ নিজৰ কোম্পানী মটিভেট আমেৰিকা, ইনকৰ্পৰেটেড প্ৰতিষ্ঠা কৰে ৷
  • ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আল কায়দা নামেৰে পৰিচিত উগ্ৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সমন্বিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল আমেৰিকা ৷ এই আক্ৰমণত প্ৰায় তিনি হাজাৰ আমেৰিকান লোকে প্ৰাণ হেৰুৱাইছিল আৰু সমগ্ৰ দেশখন শোক আৰু দুখৰ অৱস্থাত ডুব গৈছিল ৷
  • ৯/১১ৰ আক্ৰমণৰ প্ৰভাৱ মানুহৰ মনোবলত দেখাৰ পিছত মেকক্ৰাডেনে প্ৰেৰণাৰ বাবে এটা বিশেষ দিন সৃষ্টি কৰাৰ পোষকতা কৰিছিল ৷ কাৰণ তেওঁলোকে বিচাৰিছিল যে ক্ষতিক সন্মান জনোৱা, জীৱনৰ শলাগ লোৱা আৰু আমাৰ দৈনন্দিন জীৱনত উৎসাহ আৰু প্ৰেৰণাৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ এইটো এটা গুৰুত্বপূৰ্ণ দিন ৷
  • ২০০১ চনৰ ১৮ ডিচেম্বৰত আমেৰিকাৰ কংগ্ৰেছে "H.Res.308" বিধেয়কখন গৃহীত কৰে, যাৰ ফলত আমেৰিকাত ৰাষ্ট্ৰীয় উৎসাহ আৰু প্ৰেৰণা দিৱস আনুষ্ঠানিক হৈ পৰে আৰু আমেৰিকাৰ কংগ্ৰেছে এই কথাত সন্মত হয় যে উৎসাহ আৰু প্ৰেৰণাই সৰ্বাধিক কৃতিত্বত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বছৰৰ আৰম্ভণিটোৱেই হৈছে চিন্তা-চৰ্চা, পৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰণৰ বাবেও উপযুক্ত সময় ৷
  • প্ৰতি বছৰে মটিভেট আমেৰিকাই কেইজনমান আমেৰিকানক ‘দ্য আমেৰিকান মটিভেচন এৱাৰ্ড’ৰ প্ৰাপক হিচাপে নিৰ্বাচন কৰে ৷ যিয়ে আমেৰিকাৰ প্ৰেৰণাদায়ক আৰু দেশপ্ৰেমী নাগৰিকক সন্মান জনায় ৷

কিহৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰি ?

যিকোনো ব্যক্তি, বস্তু বা পৰিস্থিতিৰ পৰা আমি অনুপ্ৰাণিত হ’ব পাৰো ৷ ই সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ ওপৰত ৷ মানুহৰ মাজত দুবিধ প্ৰেৰণা থাকে বুলি বিশ্বাস কৰা হয় – জন্মগত আৰু অৰ্জিত ৷ ভোক, পিয়াঁহ, টোপনি, যৌন ইচ্ছা, শৌচ আদি জন্মগত অভ্যাস৷ কিন্তু ইয়াৰ বাহিৰেও আন কিছুমান কথাও আছে, যিবোৰ এজন ব্যক্তিয়ে হয় সমাজৰ পৰা উপাৰ্জন কৰে নহয় নিজৰ স্বাৰ্থ অনুসৰি গ্ৰহণ কৰে ৷ সেয়ে নিজৰ বাবে উপযুক্ত লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত প্ৰেৰণাই আপোনাক আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰে ৷ সেইবাবেই কোৱা হয় যে যদি প্ৰেৰণা জাগ্ৰত হৈছে তেন্তে ভাগ্য জাগ্ৰত হৈছে ৷ নিজকে প্ৰেৰণা যোগোৱাৰ উপায়সমূহ জানো আহক-

  • ধ্যান: প্ৰতিদিনে কমেও ২০ মিনিট সময় ধ্যান কৰক ৷ কিছু সময় নিৰৱে থাকিলে যথেষ্ট প্ৰেৰণা লাভ কৰিব পাৰি ৷
  • প্ৰেৰণা লাভ কৰা অনুষ্ঠান চাওক: মোবাইল অথবা টিভিৰ জৰিয়তে আমি আজিকালি দেশ-বিদেশৰ তথ্য বা কথা জানিব বা শিকিব পাৰো । কিন্তু ইয়াৰে ভিতৰত এনে কিছুমান কথা আছে যিয়ে আমাক প্ৰেৰণা প্ৰদান কৰে ।
  • মহান মানুহৰ চিন্তাধাৰা পঢ়ক: মহান আৰু শক্তিশালী চিন্তা আৰু উক্তি পঢ়ক ৷ ইয়াৰ জৰিয়তে আপুনি অনুপ্ৰাণিত হ’ব পাৰে আৰু নিজৰ লক্ষ্যত কেনেদৰে উপনীত হ’ব পাৰি ৷

লগতে পঢ়ক: পুৰুষ নে মহিলা কোন বেছি শক্তিশালী ? জানক গৱেষণাই কি কয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.