ETV Bharat / sukhibhava

National Cancer Awareness Day: ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসত কিছু গুৰুত্বপূৰ্ণ কথা জানি লওক

author img

By

Published : Nov 7, 2022, 5:06 AM IST

আজি সমগ্ৰ ভাৰতত পালন কৰা হৈছে ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস । কেঞ্চাৰৰ দৰে এই মাৰাৎত্মক ৰোগৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে 7 নৱেম্বৰ তাৰিখে এই ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি কৰ্কট ৰোগ হৈছে মানুহৰ মৃত্যুৰ কাৰণ হোৱা দ্বিতীয় মাৰাত্মক ৰোগ ।

National Cancer Awareness Day 2022
ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসত কিছু গুৰুত্বপূৰ্ণ কথা জানি লওক

আজি সমগ্ৰ ভাৰতত পালন কৰা হৈছে ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস । কেঞ্চাৰৰ দৰে এই মাৰাৎত্মক ৰোগৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে 7 নৱেম্বৰ তাৰিখে এই ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি কৰ্কট ৰোগ হৈছে মানুহৰ মৃত্যুৰ কাৰণ হোৱা দ্বিতীয় মাৰাত্মক ৰোগ(National Cancer Awareness Day 2022) ।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অৱস্থা ভাৰতৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে । ২০১৮ চনত ভাৰতত ১৫ লাখ লোকৰ কৰ্কট ৰোগৰ ফলত মৃত্যু হৈছিল । ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী(Former Union Minister of Health and Family Welfare) ডাঃ হৰ্ষ বৰ্ধনে ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসৰ ঘোষণা কৰিছিল(Why we observe National Cancer Awareness Day) ।

তেওঁ কেঞ্চাৰ নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিছিল, আৰু ৰাইজক বিনামূলীয়া পৰীক্ষাৰ বাবে পৌৰসভাৰ ক্লিনিকত ৰিপৰ্ট দিবলৈ উৎসাহিত কৰিছিল । এই সময়ত কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ লোৱা ব্যৱস্থাৰ বিষয়ে কোৱা এখন পুস্তিকাও বিতৰণ কৰা হয় ।

এই ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসত কৰ্কট ৰোগৰ(Cancer disease) আশংকা হ্ৰাস, এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পূৰ্বে এই ৰোগক ধৰা পেলোৱা আৰু নিজকে তথা আমাৰ আপোনজনক সুৰক্ষিত ৰখাৰ বাবে আমি কি কৰিব পাৰো জানো আহক...

কৰ্কট ৰোগৰ লক্ষণসমূহ জানি লওক

কিছুমান প্ৰকাৰৰ কেঞ্চাৰৰ বাবে লক্ষণসমূহ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰিলে এই মাৰাত্মক ৰোগৰ পৰা ৰোগীক উদ্ধাৰ কৰিব পৰা যায় । বিভিন্ন কৰ্কট ৰোগত আক্ৰান্ত অংগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন লক্ষণ দেখা যায়(some important things on National Cancer Awareness Day) । কিন্তু ইয়াত কিছুমান সাধাৰণ লক্ষণ উল্লেখ কৰা হ’ল যিবোৰ আপুনি আওকাণ কৰিব নালাগে লগতে ইয়াৰে ভিতৰত কোনো লক্ষণ দেখা দিলে তৎক্ষণাত আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত-

  • আপোনাৰ শৰীৰৰ যিকোনো অংশত বিষ যিটো স্থায়ী আৰু কোনো কাৰণ নোহোৱাকৈ থাকে
  • কোনো কাৰণ নোহোৱাকৈ হঠাতে ওজন কমি যোৱা
  • সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
  • কম নোহোৱা জ্বৰ বা সঘনাই হোৱা জ্বৰ
  • ছালৰ ৰং বা টেক্সচাৰৰ পৰিৱৰ্তন
  • শৰীৰৰ যিকোনো অংশত, বিষ থকা বা বিষ নোহোৱাকৈ গাঁঠি হোৱা
  • শৰীৰৰ যিকোনো অংশৰ পৰা অস্বাভাৱিক স্ৰাৱ বা ৰক্তক্ষৰণ
  • ছাল বা মুখৰ ঘাঁ যিবোৰ ভাল হোৱা নাই

যদি আপুনি বা আপোনাৰ কোনো আপোনজনে এনে লক্ষণ দেখা পায়, তেন্তে আন কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । এই লক্ষণবোৰ দেখা দিয়াটোৱে সদায় কেঞ্চাৰ হোৱাটো নুবুজায় এইসমূহৰ ভিতৰত বহু লক্ষণ অন্য ৰোগৰ কাৰণো হ'ব পাৰে সেয়ে নাৰ্ভাছ নহৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: Heart disease: পূৰ্বে কৰ’নাত আক্ৰান্ত লোকৰ হৃদৰোগ হোৱাৰ আশংকা অধিক: অধ্যয়ন

কেঞ্চাৰ স্ক্ৰীনিং গ্ৰহণ কৰক

যদি আপোনাৰ পৰিয়ালত কেঞ্চাৰ হৈছে, বা যদি আপুনি দীৰ্ঘদিন ধৰি ধঁপাতজাতীয় সামগ্ৰী (যিকোনো ৰূপত) ব্যৱহাৰ কৰি আহিছে, তেন্তে আপোনাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অন্য লোকতকৈ বেছি হ’ব পাৰে । আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক যে আপোনাৰ বাবে কোনবোৰ স্ক্ৰীনিং পৰীক্ষা উপযুক্ত হ’ব যাতে আপুনি কেঞ্চাৰ বৃদ্ধি হোৱাৰ পূৰ্বে ধৰা পেলাব পাৰে, ই প্ৰাৰম্ভিক পৰ্যায়ত হ’ব পাৰে ।

স্তন কেঞ্চাৰৰ বাবে ৪০ বছৰৰ ওপৰৰ মহিলাসকলক কেঞ্চাৰৰ আশংকাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বছৰে বা প্ৰতিটো বিকল্প বছৰতে মেম’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিয়া হয় । একেদৰে ছাৰ্ভাইকেল কেঞ্চাৰৰ বাবে পেপ স্মিয়ৰে ৰোগটো আগৰ পৰ্যায়ত উপনীত হোৱাৰ আগতেই চিনাক্ত কৰাত সহায় কৰিব পাৰে । সকলো ধৰণৰ কেঞ্চাৰতে স্ক্ৰীনিং টেষ্ট নাথাকে । বছৰি স্বাস্থ্য পৰীক্ষা কৰক যাতে যিকোনো অস্বাভাৱিকতা শীঘ্ৰেই ধৰা পেলাব পৰা যায় ।

এজন দন্ত চিকিৎসকে আপোনাৰ মুখ আৰু ওঁঠত মুখৰ কৰ্কট ৰোগৰ যিকোনো লক্ষণ ধৰা পেলাব পাৰিব ।

টিকাকৰণ কৰা

কিছুমান কেঞ্চাৰ টিকাকৰণৰ জৰিয়তে বহুগুণে প্ৰতিৰোধ কৰিব পৰা যায় । উদাহৰণস্বৰূপে, ছাৰ্ভাইকেল কেঞ্চাৰ বেছিভাগ ক্ষেত্ৰতে ১৩ বছৰ বয়সত, বা যৌন সংক্ৰমিত এইচ পি ভি ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ কোনো সম্ভাৱনা থকাৰ পূৰ্বে টিকাকৰণৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা যায় । যকৃতৰ কৰ্কট ৰোগৰ দৰে কৰ্কট ৰোগৰ বাবে কোনো নিৰ্দিষ্ট টিকাকৰণ নাই যদিও হেপাটাইটিছ ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰিলে যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

ধঁপাত সেৱন পৰিহাৰ কৰক

ধঁপাত কৰ্কট ৰোগৰ অন্য়তম এটি প্ৰধান কাৰণ বুলি গণ্য কৰা হয়(How does tobacco increase risk of cancer)। ই হাওঁফাওঁ, মুখ আৰু জৰায়ুৰ কেঞ্চাৰকে ধৰি কেইবাবিধো কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে । যদি আপুনি বা আপোনাৰ আপোনজন ধূমপানৰ প্ৰতি আসক্ত, তেন্তে আপোনাৰ ওচৰত পৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ বিকল্প আছে যিয়ে আপোনাক এই অভ্যাস ত্যাগ কৰিবলৈ সহায় কৰিব ।

শাৰীৰিকভাৱে সক্ৰিয় হ’ব লাগে

সুস্থ জীৱনশৈলীৰে মেদবহুলতা প্ৰতিৰোধ কৰিব পাৰি, মেদবহুলতাও কেঞ্চাৰৰ প্ৰধান কাৰণ । মেদবহুলতাৰ সৈতে বহু ৰোগৰ সম্পৰ্ক আছে আৰু ইয়াৰ ভিতৰত কেঞ্চাৰ অন্যতম । সুস্থ ওজন বজাই ৰখা, আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটোৱে বহু ধৰণৰ কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে আৰু যদি কেতিয়াবা কেঞ্চাৰ ধৰা পৰে তেন্তে জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । আনকি মধ্যমীয়া পৰিমাণৰ ব্যায়াম, যেনে ৩০ মিনিট এৰোবিক ব্যায়ামৰ দৰে, সপ্তাহত পাঁচবাৰ কৰিলেও আপুনি বিভিন্ন ধৰণৰ ৰোগ বহু পৰিমাণে হ্ৰাস পাব পাৰে ।

সুষম, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক

ৰিফাইন কাৰ্বহাইড্ৰেট, চেনি, প্ৰচেছড খাদ্য আৰু ৰঙা মাংস বেছিকৈ থকা খাদ্যই আপোনাৰ কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে । এনে খাদ্যৰ ফলত পাচনতন্ত্ৰত দীৰ্ঘদিনীয়া প্ৰদাহ হয়, যাৰ ফলত টাইপ ২ ডায়েবেটিছ, হৃদৰোগকে ধৰি আন বহুতো ৰোগৰ সৃষ্টি হয় ।

সেউজীয়া শাক-পাচলি যেনে পালেং, সতেজ ফল-মূল আৰু অলিভ অইলৰ সৈতে শাক-পাচলি, স্বাস্থ্যকৰ চৰ্বি যেনে ফেট ফ্ৰী মাংস যেনে ছালমন আৰু বাদাম যেনে আলমণ্ড আৰু আখৰোট আদি অন্তৰ্ভুক্ত কৰিব লাগে । যিহেতু অত্যধিক মদ আৰু ৰঙা মাংস সেৱনে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে, সেয়েহে দৈনন্দিন খাদ্য তালিকাত এইসমূহ অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ । ডিপ ফ্ৰাইড খাদ্য পৰিহাৰ কৰিলেও আপুনি বহু মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷

লগতে পঢ়ক: Stomach Cancer Awareness Month: প্ৰয়োজনীয়তা আহি পৰিছে পেটৰ কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.