ETV Bharat / sukhibhava

Taking Care of Mental Health : কৰ’ণাৰ সময়ত যত্ন লওক মানসিক স্বাস্থ্যৰ

author img

By

Published : Jan 27, 2022, 2:05 PM IST

কৰ’ণা মহামাৰীৰ সময়ত শাৰিৰীক আৰু মানসিক স্বাস্থ্য অটুট ৰখাতো অত্যন্ত জৰুৰী (Taking Care of Mental Health) ৷ এনে পৰিস্থিতিত মানসিক ভাৰসাম্য বজাই ৰখাটো নিতান্তই প্ৰয়োজনীয় ৷ অনিশ্চয়তা আৰু বিপদৰ সৈতে যুঁজি যুঁজি কেতিয়াবা সু-স্বাস্থ্য বৰ্তাই ৰখা প্ৰক্ৰিয়াসমূহ মানি চলিবলৈ অসুবিধা হয় ৷ যদি আপুনি ক’ভিড-19 ত আক্ৰান্ত হৈ হোম আইছ’লেচনত আছে, তেন্তে জ্বৰ-চৰ্দি, ডিঙিৰ বিষ আদিৰ দৰে বেমাৰবোৰৰ পৰা নিজকে বচাই ৰাখক ৷ ফাৰ্মাচীত সহজেই উপলব্ধ পেৰাচিটামল আৰু ইবুপ্ৰ’ফেন টেবলেটেৰে আপুনি এই সকলোবোৰ বেমাৰৰ পৰা উপশম পাব ৷

Mental Health
ক’ৰণাৰ সময়ত যত্ন লওক মানসিক স্বাস্থ্যৰ

কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘৰত বন্দী হৈ থকাটো আমাৰ সকলোৰে বাবে কষ্টকৰ ৷ তাৰ ওপৰঞ্চি যদি ক’ভিড-19 ত আক্ৰান্ত হৈ সকলোৰে পৰা আঁতৰি একাষৰীয়াকৈ থাকিবলগা হয়, তেন্তে ই আমাৰ বাবে অধিক দুৰ্বিসহ হৈ পৰে ৷ পূৰ্বৰে পৰাই মানসিক ৰোগত আক্ৰান্তসকলৰ বাবে এই অকলশৰীয়াকৈ থাকিবলগা কথাটো অধিক ভয়ানক (Taking Mental Health care during covid pandemic) ৷

যদি আপুনি ক’ভিড-19 ত আক্ৰান্ত হৈ নিজৰ পৰিয়ালৰ সদস্যসকলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, তেনেহ’লে কেনেদৰে আপুনি মানসিকভাৱে নিজকে সবল কৰি ৰাখিব পাৰিব, তাৰ কেইটামান উপায় আমি আপোনালোকলৈ আগবঢ়ালো...

পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক :

তৰল জাতীয় খাদ্য বেছিকৈ খাওক অৰ্থাৎ পানী, ফলমূলৰ ৰস, শাক-পাচলিৰ ৰস আদি অধিক পৰিমাণত খাওক ৷ যদিহে আপুনি জ্বৰ-চৰ্দিত আক্ৰান্ত হৈ আছে, তেন্তে ব্যায়াম কৰাৰ পৰা কিছুদিন বিৰত থাকক ৷ গভীৰকৈ উশাহ লওক, যিয়ে হাওঁফাওঁৰ গতিবিধি সূচাৰুৰূপে চলাত সহায় কৰে ৷ লগতে মন শান্ত হৈ থকাতো অৰিহণা যোগায় ৷ পিছে নিজাববীয়াকৈ যিকোনো কাম কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক ৷

মন প্ৰফুল্লিত কৰি ৰাখক :

ক’ভিড-19 মহামাৰীৰ লগতে নিজৰ বৰ্তমানৰ অৱস্থাটো পাহৰাই ৰখাৰ যত্ন কৰক ৷ আপোনাৰ মন ভাল লগা কামত মনোনিৱেশ কৰক ৷ কিতাপ পঢ়ক, চিনেমা চাওক নতুবা যিকোনো ইতিবাচক কাম এটা বাচি লওক (শিশুসকলৰ বাবে এই কথাটো অধিক গুৰুত্বপূৰ্ণ) ৷ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে অনলাইন মাধ্যমত সংযোগ হৈ থাকক ৷ ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছত বেমাৰটোৰ লক্ষণসমূহ পৰীক্ষা কৰক ৷

অকলে থকা মূহুৰ্তত এইটো সুনিশ্চিত কৰক যে, কোনোবাই যাতে নিয়মীয়াকৈ আপোনাৰ স্বাস্থ্যৰ খবৰ লৈছে ৷ এই সময়খিনিত কিছুমান অভ্যাস এৰাই চলক ৷ মানসিক অশান্তি দূৰ কৰিবলৈ মদ, ড্ৰাগছ, অস্বাস্থ্যকৰ ভোজন কৰাৰ পৰা বিৰত থাকক ৷

উক্ত কাৰ্যবোৰে ৰোগীসকলক মানসিকভাৱে কিছু সকাহ দিলেও কিন্তু দীৰ্ঘসময়ৰ বাবে মানসিক ৰোগীৰ ক্ষেত্ৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে ৷ মানসিক ৰোগীসকলৰ বাবে এই সময় অধিক কঠোৰতম সময় ৷ মানসিক ৰোগৰ লগতে অন্য পুৰণা ৰোগত আক্ৰান্ত হৈ থকাসকলে এই মহামাৰীৰ সময়ত নিজৰ যতন লোৱা প্ৰণালীও সলনি কৰিবলগীয়া হৈছে ৷

মানসিক ৰোগৰ সৈতে যুঁজ দিবলৈ ইতিবাচক সামাজিক চিন্তা, ব্যায়াম আদিয়ে যথেষ্ট সহায় কৰে ৷ বৰ্তমান পৰিস্থিতিত হাস্পতাল আৰু চিকিৎসকসকলে ৰোগীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ৷

লগতে পঢ়ক: Diet for Breastfeeding Moms : স্তনপান কৰাই থকা মহিলাসকলে গ্ৰহণ কৰিব লাগে বিশেষ আহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.