উচ্চ ৰক্তচাপৰ সমস্যাৰ বিষয়ে আমি বহুত শুনিছোঁ, কিন্তু উল্লেখ কৰিব লাগিব যে যদি আপোনাৰ ৰক্তচাপ স্বাভাৱিকতকৈ কম হয়, তেন্তে ইও এক চিন্তাৰ বিষয় হৈ পৰে(Low blood pressure)। নিম্ন ৰক্তচাপো মানুহৰ স্বাস্থ্যৰ বাবে বেয়া হ'ব পাৰে । ৰক্তচাপ ১২০/৮০ হ'লে স্বাভাৱিক শ্ৰেণীত আহে, কিন্তু যেতিয়া ই ৯০/৬০লৈ নামি আহে, ই হাইপোটেনচন বা নিম্ন ৰক্তচাপ (Low Blood Pressure) শ্ৰেণীত পৰে । হেলথলাইন অনুসৰি শৰীৰত নিম্ন ৰক্তচাপৰ ফলত মস্তিষ্ক, হৃদযন্ত্ৰ, হাঁওফাঁও, বৃক্ক আদিৰ দৰে অত্যাৱশ্যকীয় অংগবোৰলৈ তেজ আৰু অক্সিজেনৰ সঠিক যোগান প্ৰতিহত হয়, যি এই অংগবোৰ প্ৰভাৱিত কৰে আৰু কেতিয়াবা হৃদ আক্ৰমণ আৰু মস্তিষ্কৰ ষ্ট্ৰোকৰ সৃষ্টি কৰে । যদি আপুনি নিম্ন ৰক্তচাপৰ সৈতে যুঁজি আছে তেন্তে আপুনি কি ঘৰুৱা প্ৰতিকাৰ (Home Remedies) গ্ৰহণ কৰিব সেই বিষয়েই আজিৰ এই প্ৰতিবেদন(Home Remedies For Low Blood pressure)।
১. কম কমকৈ ঘনাই খাওক খাদ্য
যদি আপুনি ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতি গধুৰ আহাৰ গ্ৰহণ কৰে তেন্তে আপুনি আপোনাৰ মুঠ আহাৰক ৫ ৰ পৰা ৬ ভাগত ভাগ কৰা উচিত । আহাৰৰ মাজত দীঘলীয়া ব্যৱধান পৰিহাৰ কৰাটো হ'ব উচিত । ভোক নালাগিবৰ বাবে আপুনি গোটেই দিনটো কম কমকৈ আৰু ঘনাই খাব লাগিব খাদ্য । আপুনি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈও এই পদ্ধতিটো কৰিব পাৰে ।
২. অত্যধিক নিমখ গ্ৰহণ
অত্যধিক নিমখ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু নিম্ন ৰক্তচাপ থকা লোকসকলক যথেষ্ট নিমখৰ প্ৰয়োজন । তেওঁলোকে প্ৰাকৃতিক নিমখৰ উপৰি গোটেই দিনটোত এচামুচ নিমখ খাব লাগিব । যদি আপুনি গ্ৰীষ্মকালত ব্যায়াম কৰে, সদায়ে নেমু পানীত এক চামুচ নিমখ যোগ দিয়ক আৰু সদায়ে এইদৰে খাওক । যদি আপুনি নিম্ন ৰক্তচাপ অনুভৱ কৰে তেন্তে লগে লগে এই পানীয় গ্ৰহণ কৰক আপুনি সকাহ পাব ।
৩. অধিক পানী খাওক
যিমান সম্ভৱ তৰল বস্তু গ্ৰহণ কৰিব । প্ৰতিদিনে কমেও ২ ৰ পৰা ৩ লিটাৰ পানী খাব আৰু লগতে নাৰিকল পানী, বেল চৰবত, আমৰ পিচা, নেমু পানী আদি খাব ।
৪. কফি খাওক
যদি আপোনাৰ নিম্ন ৰক্তচাপ অনুভৱ হৈ আছে, তেন্তে লগে লগে কফি বা চাহ খাব । এনে কৰিলে আপোনাৰ ৰক্তচাপ স্বাভাৱিক হৈ আহিব আৰু আপুনি ভাল অনুভৱ কৰিব ।
৫. তুলসী পাত
তুলসীত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন C থাকে যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, আপোনাৰ নিম্ন ৰক্তচাপ হোৱাৰ লগে লগে ৪ ৰ পৰা ৫ টা তুলসী পাত চোবাই খাওক । তাৎক্ষণিক সকাহ পাব ।
৬. বাদাম খাওক
ৰাতি ৪ ৰ পৰা ৫ টা বাদাম পানীত তিয়াই ৰাতিপুৱা উতলাওক আৰু সেইবোৰ ঠাণ্ডা কৰি গুড়ি কৰক আৰু খাওক । ই আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব ।
৭. কিচমিচ
গোটেই ৰাতি কিচমিচ পানীত তিয়াই ৰাতিপুৱা খাওক । ৰক্তচাপৰ সমস্যা আৰু নাথাকিব ।
লগতে পঢ়ক: Benefits of Spondias Mombin: অমৰাৰ বিষয়ে আমি নজনা কিছু কথা জানো আহক