ETV Bharat / sukhibhava

লিথিয়ামে ডিমেনচিয়া হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে

author img

By

Published : Mar 19, 2022, 12:28 PM IST

বৰ্তমান সময়ত বৃদ্ধাৱস্থাত ডিমেনচিয়া বা মানসিক ৰোগ এক জটিল সমস্যা হিচাপে দেখা গৈছে । ডিমেনচিয়াক লৈ বিভিন্ন গৱেষণা চলি আছে । এক গৱেষণাত পোহৰলৈ আহিছে যে লিথিয়াম ডিমেনচিয়াৰ প্ৰতিৰোধমূলক চিকিৎসা হ'ব পাৰে (Lithium could be a preventative treatment for Dementia) ।

Lithium may decrease risk of developing dementia
লিথিয়ামে ডিমেনচিয়া হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে

প্ৰতিবছৰে প্ৰায় ১০ নিযুত লোক ডিমেনচিয়াৰ (Dementia) স্বীকাৰ হয় । বিশ্বৰ প্ৰায় ৫৫ নিযুতৰো অধিক লোক ডিমেনচিয়াত আক্ৰান্ত হৈ আছে । বৃদ্ধ বয়সত বহু লোক শাৰিৰীকভাৱে অক্ষম (disability) হোৱাৰো কাৰণ এই ডিমেনচিয়া । বিভিন্ন ৰোগৰ ভিতৰত মানুহৰ মৃত্যুৰ সপ্তম কাৰক হিচাপে বিবেচিত হৈছে ডিমেনচিয়া ।

অৱশ্যে শেহতীয়াকৈ গৱেষকসকলে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে, লিথিয়ামে ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰিব পাৰে (Lithium may decrease risk of developing dementia) । কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত কৰা অধ্যয়নে দেখুৱাইছে যে লিথিয়াম গ্ৰহণ কৰা ৰোগীসকলৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি থাকে । অৱশ্যে অধ্যয়নটোত লিথিয়াম গ্ৰহণ কৰা ৰোগীৰ সামগ্ৰিক সংখ্যা তাকৰ আছিল । দলটোৱে প্ৰায় ৩০,০০০ ৰোগীৰ ক্ষেত্ৰত এই অধ্যয়ন চলাইছিল । ৫০ বছৰতকৈ অধিক বয়সৰ লোকসকলৰ পূৰ্বৰ স্বাস্থ্যৰ ওপৰত তথ্য সংগ্ৰহ কৰা হৈছিল ।

PLoS Medicine আলোচনীত প্ৰকাশিত অধ্যয়নৰ ফলাফলে দাবী কৰে যে, লিথিয়াম ডিমেনচিয়াৰ প্ৰতিৰোধমূলক চিকিৎসা হ'ব পাৰে (Lithium could be a preventative treatment for Dementia) । কেমব্ৰিজৰ মনোৰোগ বিজ্ঞান বিভাগৰ লেখক ডাঃ শানকুয়ান সেনৰ মতামত অনুসৰি, ডিমেনচিয়া থকা লোকৰ সংখ্যা ক্ৰমাৎ দিনকদিনে বৃদ্ধি পাইছে (The number of people with dementia is increasing) ৷ যাৰ ফলত স্বাস্থ্যসেৱাৰ পদ্ধতিৰ ওপৰত যথেষ্ট চাপ পৰিছে ।

ডিমেনচিয়া আৰম্ভ হোৱাৰ পৰা মাত্ৰ পাঁচ বছৰৰ ভিতৰত ইয়াক প্ৰতিৰোধ কৰিব পাৰিলে, ইয়াৰ প্ৰভাৱ আৰু অৰ্থনৈতিক প্ৰভাৱ ৪০ শতাংশলৈ হ্ৰাস কৰিব পাৰি বুলি সেনে লগতে কয় । যিসকল ইতিমধ্যে ডিমেনচিয়া বা প্ৰাৰম্ভিক মানসিক বিকাৰত আক্ৰান্ত হৈছে, পূৰ্বৰ অধ্যয়নবোৰত লিথিয়ামক উক্ত ৰোগীসকলৰ ক্ষেত্ৰত এক সাম্ভাব্য চিকিৎসা হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ৷

কিন্তু লিথিয়ামে ডিমেনচিয়াৰ প্ৰভাৱ বৃদ্ধিত বাধা দিব পাৰেনে নাইবা প্ৰতিৰোধ কৰিব পাৰে নে (Can lithium prevent increased effects of Dementia) সেয়া স্পষ্ট নহয় ৷ কিয়নো এই অধ্যয়নবোৰ অতি সীমিত হৈ আছে ।

লিথিয়াম হৈছে সাধাৰণতে বাইপ’লাৰ প্ৰভাৱাত্মক বিকাৰ (Bipolar affective disorder) আৰু হতাশাৰ (Depression) দৰে স্থিতিৰ বাবে নিৰ্ধাৰিত এক মুদ ষ্টেবিলাইজাৰ (Mood stabiliser) । সেনে কয় যে বাইপ’লাৰ ডিচঅৰ্ডাৰ (Bipolar disorder) আৰু হতাশাই যিকোনো লোকৰ ক্ষেত্ৰতে ডিমেনচিয়াৰ আশংকা বৃদ্ধি কৰিব পাৰে বুলি বিবেচনা কৰা হয় । গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, বাইপ’লাৰ ডিচঅৰ্ডাৰ থকা ৰোগীসকলৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা অধিক ৷ সেয়ে লিথিয়ামৰ প্ৰভাৱ জনাটো অতিকে দৰকাৰী ।

অৱশ্যে নিশ্চিতভাৱে কোৱাটো কঠিন যদিও সম্ভৱত লিথিয়ামে বাইপ’লাৰ বিকাৰ থকা লোকসকলৰ ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰিব পাৰে । এই পৰিস্থিতিত লিথিয়াম সঁচাকৈয়ে সহায়ক হয় নে নহয়, তা চাবলৈ অধিক পৰীক্ষামূলক ঔষধ আৰু ক্লিনিকেল পৰীক্ষাৰ প্ৰয়োজন ।

লগতে পঢ়ক : বয়স অনুপাতে মহিলাসকলে কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.