ETV Bharat / sukhibhava

Sara Ali Khan's beauty secret: কিদৰে ঘৰুৱা সামগ্ৰীৰে নিজৰ ছালৰ যতন লয় ছাৰা আলী খানে

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:57 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ছাৰা আলী খান দেশবাসীৰ মাজত খুব বেছি জনপ্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে আনুবংশিকভাৱেই লাভ কৰিছে তেওঁৰ অতুলনীয় সৌন্দৰ্য ৷ এসময়ত যাৰ সৌন্দৰ্যত মতলীয়া আছিল সমগ্ৰ দেশ, তেওঁৰেই কন্যা ছাৰা আলী খান ৷

Learn the secret of Sara Ali Khan's buttery cheeks
ঘৰুৱা সামগ্ৰীৰে নিজৰ ছালৰ যতন লয় ছাৰা আলী খানে

বলীউডত সকলো সময়তে চৰ্চাত থকা অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে ছাৰা আলী খান ৷ বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ছাৰা আলী খান ৷ দেশবাসীৰ মাজত খুব বেছি জনপ্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে আনুবংশিকভাৱেই লাভ কৰিছে তেওঁৰ অতুলনীয় সৌন্দৰ্য ৷ ছৈফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খান বৰ্তমান বলীউড জগতত খুবেই জনপ্ৰিয় ৷ অমৃতা সিং যাৰ বাবে এসময়ত সৌন্দৰ্যত মতলীয়া আছিল সমগ্ৰ দেশ, তেওঁৰেই কন্যা ছাৰা আলী খান ৷

হয়, প্ৰখ্যাত অভিনেত্ৰী অমৃত সিঙৰ একমাত্ৰ কন্যা ছাৰা আলী খান ৷ কিন্তু, এনে উত্তৰাধিকাৰী হোৱাৰ পিছত নিজৰ সৌন্দৰ্য বজাই ৰখাটোও ছাৰাৰ বাবে এটা প্ৰত্যাহ্বান ৷ সেয়া ছাৰাইও ছাগৈ ভালদৰে উপলব্ধি কৰিব পাৰিছে ৷ সেয়েহে তেওঁ বজাৰৰ নামী-দামী প্ৰসাধনৰ বিপৰীতে সৌন্দৰ্যচৰ্চাৰ বাবে সহায় লয় সকলো ঘৰুৱা প্ৰতিকাৰৰ ৷

ছাৰাই জনোৱা মতে, তেওঁৰ ছাল-চুলিৰ যত্নৰ বাবে ঘৰুৱা সামগ্ৰী কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেয়া তেওঁৰ মাতৃৰ পৰা শিকিছিল ৷আজি ছাৰাৰ মসৃণ ছালৰ ৰহস্যৰ বিষয়ে জানো আহক-

শেহতীয়া এক সাক্ষাৎকাৰত ডাঠ চুলি আৰু উজ্জ্বল ছাল সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ‘পিঁয়াজেই হৈছে মোৰ আকৰ্ষণীয় ছাল-চুলিৰ ৰহস্য ৷ গৱেষণাতো দেখা গৈছে যে, পিঁয়াজৰ ফেচপেক ব্যৱহাৰ কৰিলে ছালত যাদুকৰী ফলাফল পোৱা যায় ৷আজিলৈকে আপুনি হয়তো পিঁয়াজ কেৱল চুলিৰ বাবেহে উপকাৰী বুলি জ্ঞাত আছিল ৷ কিন্তু পিঁয়াজ চুলিৰ লগতে ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ সেয়েহে আপুনিও চুলিৰ লগতে ছালৰ যত্নটো পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে ৷

ছালত পিঁয়াজ প্ৰয়োগ কৰাৰ উপকাৰিতা

১) পিঁয়াজ ছালফাৰ সমৃদ্ধ ৷ শালমইনা থকা ছাল স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ছালফাৰ অতি গুৰুত্বপূৰ্ণ ৷

২) ছালত পিঁয়াজ প্ৰয়োগ কৰিলে ছালৰ বৰণ উন্নত হয় ৷

৩) ভিটামিন-এ, চি, ই সমৃদ্ধ হোৱাৰ বাবে মুখত পিঁয়াজ প্ৰয়োগ কৰিলে এণ্টিএজিঙৰ সমস্যা সমাধান কৰে ৷

৪) পিঁয়াজত তথা উপাদানে ছালক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে আৰু ছালখনত বয়সৰ চাপ পৰিবলৈ নিদিয়ে ৷

৫) যদি ছালত বহুতো দাগ থাকে, তেনেহ'লে পিঁয়াজৰ পৰা প্ৰস্তুত কৰা ফেচপেক প্ৰয়োগ কৰিলে আপুনি মাত্ৰ দুই সপ্তাহৰ ভিতৰতে ফলাফল লাভ কৰিব ৷

৬) যদি ছাল অতি তৈলাক্ত বা অতি সংবেদনশীল হয়, তেন্তে পিয়াজৰ ৰস প্ৰয়োগ কৰক ৷ ই আপোনাৰ ছালখনক সকলো প্ৰকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা আঁতৰত ৰাখিব ৷

  • এইদৰে তৈয়াৰ কৰা হয় পিঁয়াজৰ ফেচপেক
  • পিঁয়াজখিনি গুৰি কৰি ইয়াৰ পৰা ডেৰ চামুচ ৰস উলিয়াই লওঁক ৷
  • এক চামুচ নেমুৰ ৰস, এক চামুচ মৌ লওঁক ৷
  • একৰ পৰা ডেৰ চাহ চামুচ বেচন লওঁক ৷
  • সকলো উপাদান ভালদৰে মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক ৷ এই পেষ্টটো মুখ আৰু ডিঙিত ভালদৰে প্ৰয়োগ কৰি ২৫ মিনিটৰ পিছত মুখখন ধুই পেলাব ৷
  • এই ফেচ পেকটো সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰক আৰু আপুনি মাত্ৰ দুই সপ্তাহৰ ভিতৰতে পাৰ্থক্য দেখিব ৷

লগতে পঢ়ক: Dry Eyes: চকু বাৰে বাৰে শুকাই যোৱাৰ বাবে অশান্তি পাইছে নেকি ? এই খাদ্যসমূহে দিব উপশম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.