ETV Bharat / sukhibhava

শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী এইকেইবিধ ফল - ৰোগ প্ৰতিৰোধ ক্ষমতা

Immune System in Winter: শীতকালত সাধাৰণতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ আহাৰত কেৱল মাত্ৰ ৫বিধ ফল অন্তৰ্ভুক্ত কৰিয়েই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী তথা ভাইৰেল সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ ভাইৰেল সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কোনবিধ ফল খোৱাটো দৰকাৰী, আজি জানো আহক-

Learn the easiest ways to strengthen your immune system in winter
শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী এইকেইবিধ ফল
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:24 PM IST

ঠাণ্ডাৰ দিনকেইটাত চৰ্দি, ভাইৰেল ফ্লুৰ দৰে সংক্ৰমণবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ এই ঋতুত ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ আহাৰত কেৱল মাত্ৰ ৫বিধ ফল অন্তৰ্ভুক্ত কৰিয়েই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী তথা ভাইৰেল সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ ভাইৰেল সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কোনবিধ ফল খোৱাটো দৰকাৰী, আজি জানো আহক-

কমলা

কমলা ভিটামিন-চিৰ এক অতি ভাল উৎস ৷ ই শৰীৰক ঋতুগত সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ শীতকালত নিয়মীয়াকৈ কমলা খোৱাটোৱে শৰীৰটোক শক্তিশালী কৰি তোলে ৷ এই ঋতুত আপুনি কমলা ৰসো খাব পাৰে ৷

প্লাম

প্লাম এণ্টিঅক্সিডেণ্টৰ উৎস ৷ ইয়াত পোৱা গুণাগুণবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ শীতকালত প্লাম খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷

মধুৰিআম

ইয়াক ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয় ৷ ই শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে আৰু যিকোনো ধৰণৰ ক্ষতিৰ পৰা কোষবোৰক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মধুৰিআম অতি উপকাৰী বুলিও বিবেচনা কৰা হয় ৷ ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যি হৃদযন্ত্ৰ আৰু ডায়েবেটিচত ভুগি থকা লোকসকলৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় ৷

মৌচুমী

মৌচুমী হৈছে এক নেমুজাতীয় ফল, যি ভিটামিন-চি সমৃদ্ধ ৷ সুস্বাদু মৌচুমী আপুনি ৰস তৈয়াৰ কৰিও খাব পাৰে ৷ ইয়াত আঁহ থাকে যিয়ে পেটৰ সমস্যাৰ পৰা শৰীৰটোক সুৰক্ষিত কৰে ৷

নাচপতি

নাচপতিত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ৷ ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে শৰীৰটোক বিভিন্ন সমস্যাৰ পৰা সুৰক্ষা দিয়ে ৷ সেয়েহে, যদি আপুনি এই ঋতুত স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, তেন্তে নাচপতি খাব পাৰে ৷

লগতে পঢ়ক: কি হয় স্প’ৰ্টছ হাৰ্নিয়া ? যি সমস্যাত ভুগিছে ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.