ETV Bharat / sukhibhava

Conjunctivitis: চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক - কনজাংকটিভাইটিছ

বৰ্তমান সময়ত বহু সংখ্যক লোক আক্রান্ত হৈছে কনজাংকটিভাইটিছত। কনজাংকটিভাইটিছত আচলতে কি হয় আৰু ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি ? জনালে জ্যেষ্ঠ নেত্ৰ চিকিৎসক ডাঃ দীপক ভূঞাই ।

Conjunctivitis
চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক
author img

By

Published : Aug 9, 2023, 6:43 PM IST

চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ আৰু ল'বলগীয়া সাৱধানতাসমূহ জানি লওক

কনজাংকটিভাইটিছ হ'ল চকুৰ একপ্ৰকাৰৰ সংক্ৰমণ । চকুৰ মণিৰ বগা অংশখিনিৰ ওপৰত এখন পাতল পনীয়া আৱৰণ থাকে । এই আৱৰণ খনকে কনজাংকটিভা বোলে । যেতিয়া কনজাংকটিভাৰ ইনফেক্সন বা সংক্ৰমণ হয় তেতিয়া কনজাংকটিভাইটিছ হয়। কনজাংকটিভাইটিছক জয়বাংলা বুলিও কোৱা হয় । এই ৰোগ সাধাৰণতে বেক্টেৰিয়াৰ বা ভাইৰাচৰ বাবে হ'ব পাৰে ।

কনজাংকটিভাইটিছ যি বেক্টেৰিয়াৰ দ্বাৰা হয় সেইটো অতি বেছি সোচৰা বা বিয়পা বেক্টেৰিয়া । এজনৰ পৰা আন এজনলৈ এই ৰোগ অতি সহজে বিয়পে। সেয়েহে পৰিয়ালৰ এজনৰ এই ৰোগ হ’লে আন সদস্য সকলে যদি বিশেষ সাৱধানতা অৱলম্বন নকৰে তেন্তে আন সদস্যসকলৰো এই ৰোগ হ'ব পাৰে । ঠিক তেনেদৰে অফিচ বা বিদ্যালয়বোৰতো ইজনৰ পৰা সিজনৰ চকুত এইৰোগ অতি সোনকালে সংক্ৰমণ হয় ।

কনজাংকটিভাইটিছকৰ লক্ষণ কি ?

১) কনজাংকটিভাইটিছ হ’লে চকু ৰঙা পৰে । অৱশ্যে সকলো সময়তেই চকু ৰঙা পৰিলেই কনজাংকটিভাইটিছ নহ’বও পাৰে ।

২) কনজাংকটিভাইটিছ হ’লে চকু খজুৱায়, চকু খচ খচায় । কিবা বস্তু চকুৰ মণিৰ ভিতৰত সোমাই থকা যেন লাগে ।

৩) চকু ৰঙা পৰাৰ লগতেই চকুৰ পৰা পানী ওলোৱাটোও কনজাংকটিভাইটিছৰে আন এটা লক্ষণ ।

৪) চকুৰ পৰা মলি বা কেটাৰ ওলায় । যাৰ ফলত ৰাতি শুই থাকিলে সেইবোৰ লাগি চকু বান্ধি থয়, আৰু ৰাতিপুৱা উঠি চকু মেলিবলৈ অসুবিধা হয় ।

কনজাংকটিভাইটিছ হ’লে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) কনজাংকটিভাইটিত আক্রান্ত হ’লে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ নলোৱালৈ নিজেই কোনো ফাৰ্মাচিত গৈ দৰৱ লগাব নালাগে ।

২) চিকিৎসকৰ পৰামৰ্শ লৈহে দৰৱ লগাব লাগে ।

৩) সদায় পৰিষ্কাৰ হাতেৰে হে চকু স্পৰ্শ কৰিব লাগে । চকু স্পৰ্শ কৰাৰ পূৰ্বে আৰু স্পৰ্শ কৰাৰ পিছত ভালদৰে হাত চাবোনেৰে ধুব লাগে ।

৪) সদায় পৰিষ্কাৰ হৈ থকাৰ লগতেই পৰিষ্কাৰ কাপোৰ-কানি পৰিধান কৰিব লাগে ।

৫) চকু সদায় পৰিষ্কাৰ পানীৰে ধুব লাগে ।

৬) চকুত জোৰেৰে পানী মাৰিব নালাগে ।

লগতে পঢ়ক: Benefits of Arjuna Tree: অৰ্জুন গছৰ ১০টা স্বাস্থ্য উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.