ETV Bharat / sukhibhava

Parenting Tips: শিশুৰ বাবে খেলা-ধূলা কৰাটো কিমান গুৰুত্বপূৰ্ণ জানি লওক - প্ৰাপ্তবয়স্কৰ বাবে খেলাৰ গুৰুত্ব

শিশুৰ বাবে খেলা-ধূলা কৰাটো অতিকৈয়ে প্ৰয়োজনীয় । শিশুৰ মানসিক অৱস্থাৰ লগতে শাৰীৰিক স্বাস্থ্যৰ বাবেও ই গুৰুত্বপূৰ্ণ । শিশুৰ বাবে খেলা-ধূলা কৰাটো কিয় গুৰুত্বপূৰ্ণ জানক এই প্ৰতিবেদনত ।

know-the-importance-of-play-in-child-development
শিশুৰ বিকাশত খেলাৰ গুৰুত্ব
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 11:59 AM IST

মানুহ যিমানেই ডিজিটেল হৈছে সিমানেই দ্ৰুতগতিত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷ আজিৰ ডিজিটেল যুগত আমাৰ জীৱনশৈলীত বহুত পৰিৱৰ্তন সাধন হৈছে । আজিকালি সৰু সৰু ল’ৰা-ছোৱালীৰ হাতে হাতে স্মাৰ্টফোন ৷ যাৰ বাবে শিশুসকলে ঘৰৰ বাহিৰত খেলা-ধূলাৰ পৰিৱৰ্তে ঘণ্টাৰ পিচত ঘণ্টা মোবাইলতে লাগি থাকে আৰু ইয়াৰ বেয়া প্ৰভাৱ পৰে চকুৰ ওপৰত ৷ কেৱল চকুৰ ওপৰতেই নহয় ই শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় ৷

সেয়াহে, শিশুৰ বাবে বাহিৰত খেলা-ধূলা কৰাটো অতিকৈয়ে গুৰুত্বপূৰ্ণ ৷ কেৱল শিশুৰ শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয়, তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবেও এয়া অতিকৈয়ে গুৰুত্বপূৰ্ণ । ইয়াৰ দ্বাৰা শিশুৰ ব্যক্তিত্বও বিকশিত হয় । গতিকে জানো আহক বাহিৰত খেলা-ধূলা কৰাটো এটি শিশুৰ বাবে কিমান গুৰুত্বপূৰ্ণ ৷

শ্ৰেষ্ঠ ব্যায়াম

বাহিৰত খেলা-ধূলা কৰিলে শিশু শাৰীৰিকভাৱে সুস্থ হৈ থাকে । কিন্তু বহু অভিভাৱকে আঘাতৰ ভয়ত বাহিৰত খেলিবলৈ নিদিয়ে শিশুক । কিন্তু শিশুৱে আঘাত পালে এই বস্তুটোৱে তেওঁলোকক শক্তিশালী কৰি তোলে । শিশুৰ বাবে এইটো এটা অতি উত্তম ব্যায়াম । শিশুসকল সদায় সুস্থ হৈ থাকে । শিশুৰ শাৰীৰিক বিকাশৰ বাবেও এয়া গুৰুত্বপূৰ্ণ ।

যোগাযোগ দক্ষতা

ইয়াৰ ফলত শিশুৰ যোগাযোগৰ দক্ষতাও বৃদ্ধি পায় । বন্ধু-বান্ধৱীৰ সৈতে হোৱা কথা-বতৰাবোৰে শিশুৰ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱ পেলায় । ইয়াৰ ফলত শিশুৰ আত্মবিশ্বাস বৃদ্ধি পায় । ইয়াৰ ফলত শিশুৰ যোগাযোগৰ দক্ষতাও বৃদ্ধি পায় । ইয়াৰ ফলত শিশুৰ সংকোচো দূৰ হয় ।

সামাজিক দক্ষতা

সামাজিক দক্ষতাও উন্নত হয় । ল’ৰা-ছোৱালীয়ে মানুহৰ আগত কথা ক’বলৈ শিকে । শিশুৱে সামাজিকভাৱে মিলিজুলি থাকিবলৈ শিকে । ইয়াৰ জৰিয়তে শিশুৱে আনৰ লগত কথা-বতৰা আৰু আচৰণ কৰিবলৈ শিকিবলৈ সক্ষম হয় ।

মানসিক স্বাস্থ্য

বাহিৰত খেলা-ধূলা কৰিলে শিশুৰ মানসিক স্বাস্থ্যৰ বাবে বহুত ভাল । ই শিশুক মানসিক চাপৰ পৰা ৰক্ষা কৰে । শিশু সুখী আৰু সুস্থ হৈ থাকে । ইয়াৰ ফলত শিশুৰ মানসিক স্বাস্থ্যৰ উন্নতি ঘটে । শিশুৰ মানসিক স্বাস্থ্য সুস্থ হৈ থাকে ।

অধ্যয়নৰ বাবে ভাল

শিশুৰ খেলা-ধূলা পঢ়া-শুনাৰ বাবেও বহুত উত্তম । ইয়াৰ দ্বাৰা শিশুৰ কঠোৰ পৰিশ্ৰমৰ মনোভাৱ গঢ় লৈ উঠে ।

লগতে পঢ়ক: Ayurvedic Herbs: এই ৰঙীন ফুলবিধে নিয়ন্ত্ৰণ কৰিব আপোনাৰ ডায়েবেটিছ; এনেদৰে কৰক ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.