ETV Bharat / sukhibhava

Best time to eat Curdt: ৰাতি দৈ খাব লাগেনে ? এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় জানি লওক - দৈ গাখীৰ english

এইটো সঁচা যে দৈত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু সঁচাকৈয়ে নিশাৰ আহাৰ গ্ৰহণৰ পিছত দৈ খোৱাটো এটা ভাল অভ্যাস নে ? এই প্ৰতিবেদনত আমি এই বিষয়ে আপোনালোকক সবিশেষ জনাম ।

Is it beneficial to eat curd at night ? Know what experts say
ৰাতি দৈ খাব লাগেনে ? এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় জানি লওক
author img

By

Published : Jul 3, 2023, 5:01 PM IST

দৈ যিকোনো বস্তুৰ লগত খাব পাৰি, ইয়াৰ সোৱাদ বাঢ়ে। দৈয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াক পুষ্টিকৰ কৰি তোলে । বিশেষকৈ গ্ৰীষ্মকালত শৰীৰ শীতল কৰি ৰাখিবলৈ দৈ খোৱাটো বাঞ্ছনীয় । স্বাস্থ্য বিশেষজ্ঞসকলেও খাদ্যত দৈ অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ।

কিন্তু বেছিভাগ মানুহৰে ৰাতি শুবলৈ যোৱাৰ পূৰ্বে দৈ খোৱাৰ অভ্যাস আছে । অৱশ্যে দৈত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । কিন্তু সঁচাকৈয়ে ৰাতিৰ আহাৰ খোৱাৰ পিছত দৈ খোৱাটো এটা ভাল অভ্যাস নেকি ? ইয়াত আমি এই বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো ।

ৰাতি দৈ খোৱাটো লাভজনক নে ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে ৰাতি দৈ খোৱাৰ কোনো ক্ষতি নহয় । কিন্তু যদি কোনো ব্যক্তিৰ পাচনতন্ত্ৰত অসুবিধা হয়, তেন্তে ৰাতি দৈ খোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে । কাৰণ ই চৰ্বি আৰু প্ৰ’টিন সমৃদ্ধ দুগ্ধজাত সামগ্ৰী, যিটো ৰাতি হজম কৰাটো কঠিন হ’ব পাৰে । ৰাতি বিপাকীয় ক্ৰিয়াই লাহে লাহে কাম কৰে । এই কাৰণে আমাৰ পাচনতন্ত্ৰই লাহে লাহে কাম কৰে ।

কফৰ সমস্যা বৃদ্ধি হ’ব পাৰে

আয়ুৰ্বেদৰ মতে দৈয়ে শৰীৰত কফৰ সমস্যা বৃদ্ধি কৰিব পাৰে । ৰাতি ডিঙিত কফ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি । ইয়াৰ বাবে নাকৰ পথত শ্লেষ্মা গঢ় লৈ উঠাৰ আশংকা থাকে । অৱশ্যে বিভিন্ন মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱো বেলেগ বেলেগ হ’ব পাৰে । হাঁপানী, কাহ আৰু চৰ্দি সমস্যাৰ সন্মুখীন হোৱা লোকসকলে ৰাতি দৈ খোৱাৰ পৰা বিৰত থাকিব লাগে ।

দৈ খোৱাৰ উপযুক্ত সময় কি ?

ৰাতি দৈ খোৱাৰ সলনি পুৱা বা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত খাব লাগে । দিনৰ এই সময়ত দৈ হজম হোৱাটো সহজ । ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপেও খাব পাৰে । দৈৰ লগত কল বা আমো খাব পাৰে ।

লগতে পঢ়ক: Coconut Malai: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি শৰীৰক শীতল কৰি ৰখালৈকে নাৰিকল মলাইৰ উপকাৰিতা জানি লওক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.