ETV Bharat / sukhibhava

আয়ুৰ্বেদত দুগ্ধপানৰ গুৰুত্ব

হায়দৰাবাদৰ ডা৹ বি আৰ কে আৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বি.এ.এম.এছ.এম.ডি আয়ুৰ্বেদ ডা৹ শ্ৰীকান্ত পেৰুগুৱে দুগ্ধপানৰ গুৰুত্বতা সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত তেওঁ কি কি জনাইছে, জানিবলৈ পঢ়ক.....

Importance Of Breastfeeding In Ayurveda
আয়ুৰ্বেদত দুগ্ধপানৰ গুৰুত্ব
author img

By

Published : Aug 5, 2020, 12:37 PM IST

নিউজ ডেস্ক,5 আগষ্টঃ মাতৃ আৰু নৱজাতক দুয়োৰে বাবে মাতৃদুগ্ধ অতিকৈ উপকাৰী । মাতৃদুগ্ধই শিশুটিৰ বিকাশত সহায় কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুপৰি ইয়াৰ জৰিয়তে শিশুটিৰ সৈতে মাতৃগৰাকীৰ নৈকট্য বৃদ্ধি পায় । আয়ুৰ্বেদেও শিশুক মাতৃদুগ্ধ পান কৰোৱাত গুৰুত্ব দি আহিছে । হায়দৰাবাদৰ ডা৹ বি আৰ কে আৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বি.এ.এম.এছ.এম.ডি আয়ুৰ্বেদ ডা৹ শ্ৰীকান্ত পেৰুগুৱে এনেদৰে কয়—“আৰম্ভণিৰে পৰা দুগ্ধপান কৰাবলৈ আয়ুৰ্বেদে পৰামৰ্শ দিয়ে । সাধাৰণতে জন্ম দিয়া মাতৃগৰাকীয়ে শিশুটিক দুগ্ধপান কৰায় । কিন্তু মাকগৰাকীয়ে যদি নিৰ্দিষ্ট কিছুমান অসুস্থতাত ভুগি থাকে তেতিয়া আন এগৰাকী মহিলাই নৱজাতকটিক দুগ্ধপান কৰাব পাৰে । তেওঁক ধাত্ৰী বুলি কোৱা হয় ।"

প্ৰয়োজনীয় দিশসমূহ (স্তন সম্পদ)ঃ

গতিকে মাতৃদুগ্ধ শিশুটিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । অন্ততঃ জন্মৰ ছমাহলৈকে শিশুটি ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে । মাতৃদুগ্ধত থাকিব লগা গুণাগুণবোৰৰ বিষয়ে ডা৹ শ্ৰীকান্তই তলত দিয়া ধৰণে ব্যাখ্যা কৰিছে ।

  • ইয়াৰ ৰং স্বাভাৱিক হ’ব লাগে ।
  • গোন্ধ স্বাভাৱিক হ’ব লাগে ।
  • গাঢ়তা স্বাভাৱিক অৱস্থাত থকা উচিত ।
  • অলপ মিঠা আৰু শিশুটিৰ বাবে সোৱাদযুক্ত হ’ব লাগে ।
  • যেতিয়া এটা কাপত গাখীৰখিনি থোৱা হয় তেতিয়া ই সহজে আৰু সম্পূৰ্ণভাৱে গলি যাব লাগে । এইসমূহ গুণ থাকিলে মাকৰ গাখীৰে শিশুটিৰ সঠিক পুষ্টি আৰু বিকাশত সহায় কৰে।

অন্যান্য প্ৰয়োজনীয়তা (স্তন লক্ষণ)ঃ

অত্যধিক গাখীৰ আৰু অপৰ্যাপ্ত গাখীৰৰ লগত জড়িত এই দুটা দিশ আয়ুৰ্বেদে বৰ্ণনা কৰিছে ।

১. স্তন বৃদ্ধি লক্ষণ

ই মাকৰ অত্যধিক গাখীৰ থকাটো বুজায় । এই ক্ষেত্ৰত সঘনে মাতৃদুগ্ধ বাহিৰ হয় আৰু স্তনৰ আকাৰ ডাঙৰ হয় ।

২. স্তন ক্ষয় লক্ষণ

ই মাকৰ অপৰ্যাপ্ত গাখীৰৰ কথা বুজায় । ইয়াৰ ফলত কমকৈ মাতৃদুগ্ধ ওলায় আপু স্তনত অধিক গেছ থাকে । ইয়াৰ ফলত স্তনত চাপ বৃদ্ধি পায় ।

উপকাৰিতা (স্তন গুণ-কৰ্ম)

আয়ুৰ্বেদৰ মতে মাতৃদুগ্ধৰ তলত দিয়া ধৰণে উপকাৰিতা আছেঃ

(১) প্ৰাণদান, ইয়াৰ জৰিয়তে শিশুটিয়ে জীৱন লাভ কৰে ।

(২) মাতৃদুগ্ধই শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে ।

(৩) মাতৃদুগ্ধই শিশুটিক সঠিকভাৱে ডাঙৰ-দীঘল হোৱাত সহায় কৰে ।

(৪) শৰীৰৰ কোষৰ সংখ্যা বৃদ্ধি কৰে ।

(৫) মাতৃদুগ্ধৰ সোৱাদ মিঠা, পাতল আৰু শীতল ।

(৬) শক্তিবৰ্ধক হোৱাৰ হেতুকে ই দেহক সক্ৰিয় কৰি তোলে ।

ডা৹ শ্ৰীকান্তে লগতে কয়—“মানৱ শৰীৰৰ সাতটা উপাদান থাকে । সেইবোৰক ধাতু বুলি কোৱা হয় । মাতৃদুগ্ধ ৰস ধাতুৰ পৰা নিসৃত আৰু ইয়াৰ অন্তৰ্ভুক্ত । গতিকে মাতৃগৰাকীয়ে গ্ৰহণ কৰা পুষ্টিকৰ আহাৰ আৰু ভাল হজম শক্তিয়ে স্বাস্থ্যকৰ মাতৃদুগ্ধ উৎপন্ন হোৱাত সহায় কৰে । "

গতিকে নানা উপকাৰেৰে ভৰা মাতৃদুগ্ধ বিশ্বৰ সকলো জীৱৰে বাবে অতি গুৰুত্বপূৰ্ণ । আন খাদ্য খাব পৰা বয়সত উপনীত নোহোৱালৈকে শিশুটিৰ বাবে মাতৃদুগ্ধই হৈছে আটাইতকৈ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য ।

লগতে পঢ়কঃকেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকা নিবেদিতাৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.