ETV Bharat / sukhibhava

Constipation: কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৈতে যুঁজি আছে ? তেন্তে আজিয়েই খাবলৈ আৰম্ভ কৰক এইসমূহ শুকান ফল - শুকান ফল

কোষ্ঠকাঠিন্যৰ সমস্যাই বহু অশান্তিৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত কিছুমান শুকান ফলৰ দ্বাৰা আপুনি আৰোগ্য লাভ কৰিব পাৰে । তলত আমি কিছুমান শুকান ফলৰ কথা উল্লেখ কৰিছো এই ফলবোৰে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আপোনাক সকাহ দিয়াত সহায় কৰিব ।

If you want to get rid of the problem of constipation then eat these dry fruits
কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৈতে যুঁজি আছে ? তেন্তে আজিয়েই খাবলৈ আৰম্ভ কৰক এইসমূহ শুকান ফল
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:17 PM IST

শুকান ফলত অত্যাৱশ্যকীয় পুষ্টি আৰু এন্টিঅক্সিডেন্ট গুণ পোৱা যায় বুলি সকলোৱে জানে ৷ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে ই আপোনাক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰাও ৰক্ষা কৰে ৷ কিন্তু আপুনি জানেনে যে কিছুমান শুকান ফল আছে যিয়ে আপোনাক কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম দিয়ে ৷ বহু সময়ত অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পিছত বদহজম আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷

ইয়াৰ বাবেই আপুনিও অস্বস্তি অনুভৱ কৰে ৷ এনে পৰিস্থিতিত কিছুমান শুকান ফলো খাব পাৰে ৷ এই শুকান ফলবোৰে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ কৰাত সহায় কৰিব ৷

শুকান প্লাম

প্লাম এবিধ অতি সুস্বাদু টেঙা-মিঠা সোৱাদৰ ফল ৷ ই কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি খাদ্য তালিকাত শুকান প্লামো অন্তৰ্ভুক্ত কৰিব পাৰে ৷

শুকান ডিমৰু

শুকান ডিমৰু খাব পাৰে ৷ শুকান ডিমৰুত খাদ্য আঁহ থাকে ৷ শুকান ডিমৰুত প্ৰ’টিন, কেলচিয়াম, জিংক, আইৰণ আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে ৷ ই আপোনাক কোষ্ঠকাঠিন্যৰ লগতে আন বহুতো ৰোগৰ পৰাও ৰক্ষা কৰে ৷

শুকান এপ্ৰিকোট

শুকান এপ্ৰিকোট খাব পাৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ শুকান এপ্ৰিকোটত কেলৰি কম থাকে ৷ ইয়াৰ উপৰিও ইয়াত আইৰণৰ দৰে পুষ্টিকৰ উপাদান থাকে ৷ শুকান এপ্ৰিকোট খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাই নহয়, ওজন কমোৱাতো সহায় কৰে ৷ শুকান এপ্ৰিকোট খালে ৰক্তহীনতাও দূৰ হয় ৷

খেজুৰ

খেজুৰ বৰ সোৱাদযুক্ত ৷ ইয়াৰ দ্বাৰা বহু ধৰণৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি ৷ বিশেষকৈ খেজুৰৰ লাৰু অতি সোৱাদযুক্ত আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ নিয়মিত খেজুৰ খাব পাৰে ৷

ক’লা কিচমিচ

ক’লা কিচমিচ পানীত তিয়াই খাব পাৰে ৷ ক’লা কিচমিচত প্ৰচুৰ পৰিমাণে আঁহ থাকে তথা ই এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ ৷ ক’লা কিচমিচে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে ৷ ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ চুলিৰ বাবেও ক’লা কিচমিচ অতি উত্তম ৷

লগতে পঢ়ক: Cauliflower: আপোনাৰ শৰীৰৰ এই সমূহ অংগৰ বাবে ক্ষতিকাৰক ফুলকবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.