ETV Bharat / sukhibhava

Coffee Side Effects: হৃদৰোগৰ পৰা আদি কৰি অগণন স্বাস্থ্য়ৰ সমস্যা সৃষ্টি কৰে কফিয়ে!

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:19 PM IST

আমাৰ মাজৰ অধিকাংশ লোকেই গৰম কফিৰ সৈতে দিনটো আৰম্ভ কৰিবলৈ পচন্দ কৰে, কিন্তু কফিৰ অত্যধিক সেৱনে আমাৰ স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে । জানো আহক ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ...

If you consume coffee excessively then it can cause health problems
হৃদৰোগৰ পৰা আদি কৰি অগনন স্বাস্থ্য়ৰ সমস্যা সৃষ্টি কৰে কফিয়ে!

আমাৰ বহুতৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি কফি খোৱাৰ অভ্যাস আছে । কফি প্ৰেমীসকলৰ মতে, কফিয়ে এলেহুৱা ভাৱ দূৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে । কিন্তু আপুনি জানেনে যে অত্যাধিক কফি খোৱাটো স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক ?

শেহতীয়া এক অধ্যয়নৰ মতে, অধিক কফি খোৱাটোৱে ডিমেনচিয়াৰ আশংকা বৃদ্ধি কৰে । হয়, লগতে গৱেষণাত এইটোও কোৱা হৈছে যে, ৬ কাপতকৈ অধিক কফি খালে হৃদযন্ত্ৰৰ ষ্ট্ৰোক, উচ্চ ৰক্তচাপ আৰু আন বহু ৰোগৰো আশংকা বৃদ্ধি হয় । অত্যাধিক কফি খোৱাৰ ফলত স্বাস্থ্যৰ অন্য কি কি ক্ষতি কৰিব পাৰে, আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

টোপনিৰ অভাৱ

কফি খালে এলেহুৱা ভাৱ দূৰ হয় আৰু সক্ৰিয় হৈ থকাত সহায় কৰে । কিন্তু অত্যাধিক পৰিমাণৰ কেফেইন সেৱনে নিশা টোপনি অহাত বাধা দিয়ে, যিয়ে বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

পেটৰ সমস্যা

কফি খোৱাটোৱে শৰীৰৰ বিভিন্ন অংশ প্ৰভাৱিত কৰে । কফি খালে শৰীৰৰ পৰা গেষ্ট্ৰিয়েন হৰমন মুকলি হয়, যি মলাশয়ৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ কাম কৰে । যদি আপুনি অত্যাধিক কফি খায়, তেতিয়া আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে ।

ৰক্তচাপ বৃদ্ধি

অত্যাধিক কফি খালে ৰক্তচাপো বৃদ্ধি হয় । উচ্চ ৰক্তচাপৰ ফলত ৰোগীৰ কোষ ক্ষতি হ'ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ হ্ৰাস হ'ব পাৰে । ই ষ্ট্ৰ’ক আৰু হৃদ আক্ৰমণৰ আশংকাও বৃদ্ধি কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ ৰোগী, তেনেহ'লে কেফি খোৱা বাদেই দিব ।

ভাগৰ

কফি খালে কিছু সময়ৰ বাবে শৰীৰে শক্তি লাভ কৰে সেইটো ঠিকেই, কিন্তু অত্যাধিক পৰিমাণৰ কেফেইনে এলেহুৱা ভাৱ বৃদ্ধি কৰে । কিছুমান অধ্যয়নত পোৱা গৈছে যে অত্যাধিক পৰিমাণৰ কেফেইনৰ বাবে শৰীৰে অধিক ভাগৰুৱা হৈ পৰে ।

টোপনিৰ অভাৱ

যিসকল লোকে টোপনিৰ সৈতে জড়িত সমস্যা আছে, তেওঁলোকে অধিক কফি খোৱাৰ পৰা বিৰত থাকিব লাগে । দৰাচলতে কফিত প্ৰচুৰ পৰিমাণৰ কেফেইন থাকে, যাৰ ফলত টোপনি কমি যায়, গতিকে যদি আপুনি ইতিমধ্যে অনিদ্ৰাৰ সৈতে যুঁজি আছে, তেন্তে ইয়াৰ প্ৰভাৱ আৰু বেয়া হ’ব পাৰে ।

লগত পঢ়ক: Breakfast timing: আমি কিমান সময়ত ব্ৰেকফাষ্ট গ্ৰহণ কৰা উচিত ? অধিকাংশ লোকেই কৰে এই ভুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.