ETV Bharat / health

প্ৰায়ে কম বয়সৰ পৰাই আৰম্ভ হয় এই ডায়েবেটিছ...এই সন্দৰ্ভত কি ক’লে চিকিৎসকে - Diabetes - DIABETES

Type1 Diabetes: বিশ্বৰ লাখ লাখ লোকই টাইপ ১ ডায়েবেটিছত ভুগি আহিছে । জনপ্ৰিয় চেলিব্ৰিটি যেনে সোণম কাপুৰ, সামান্থা ৰুথ প্ৰভুও এই ৰোগৰ সৈতে নিজৰ যুঁজ অব্যাহত ৰাখিছে । টাইপ ১ ডায়েবেটিছ হৈছে এনে এক অটোইম্যুন ডিছঅৰ্ডাৰ যিয়ে মূলতঃ শিশুক প্ৰভাৱিত কৰে । এই সন্দৰ্ভত প্ৰখ্যাত অন্তঃস্ৰাৱ বিশেষজ্ঞ ডাঃ বিপিন ছেঠীৰ মতামত কি জানো আহক-

type1 diabetes symptoms treatment and celebrities with type 1 diabetes
প্ৰায়ে কম বয়সৰ পৰাই আৰম্ভ হয় এই ডায়েবেটিছ...এই সন্দৰ্ভত কি ক’লে চিকিৎসকে (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 20, 2024, 12:47 PM IST

প্ৰতি বছৰে বৃদ্ধি পাইছে টাইপ ১ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা । সোণম কাপুৰ, ফাৱাদ খান, নিক জোনাছ, সামান্থা ৰুথ প্ৰভু, পুলকিত সম্ৰাট, সুধা চন্দ্ৰন আদিৰ দৰে ডাঙৰ ডাঙৰ চেলিব্ৰিটিও টাইপ ১ ডায়েবেটিছৰ সৈতে যুঁজি আছে । সেয়ে প্ৰখ্যাত অন্তঃস্ৰাৱ বিশেষজ্ঞ ডাঃ বিপিন ছেঠীয়ে শিশুৰ টাইপ-১ ডায়েবেটিছ বৃদ্ধিৰ চিন্তনীয় ধাৰাটোৰ ওপৰত আলোকপাত কৰিছে, যাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ৮ লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ডাঃ বিপিন ছেঠীয়ে কয় যে, টাইপ ১ ডায়েবেটিছৰ ৰোগীৰ বৃদ্ধি টাইপ ২ ডায়েবেটিছৰ বৃদ্ধিৰ হাৰতকৈ ২.৩% বেছি ।

type1 diabetes symptoms treatment and celebrities with type 1 diabetes
প্ৰায়ে কম বয়সৰ পৰাই আৰম্ভ হয় এই ডায়েবেটিছ...এই সন্দৰ্ভত কি ক’লে চিকিৎসকে (ETV Bharat)

ক্ৰমাৎ বৃদ্ধি হৈছে উদ্বেগ

গ্ল’বেল টাইপ ১ ডায়েবেটিছ ইনডেক্স অনুসৰি ভাৰতত টাইপ ১ ডায়েবেটিছ গড়ে ৬.৭ শতাংশ হাৰত বৃদ্ধি পাইছে, আনহাতে টাইপ ২ ডায়েবেটিছ ৪.৪ শতাংশ বৃদ্ধি পাইছে । এই ধাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেখা গৈছে, ব্ৰিটেইনত বছৰত আক্ৰান্ত পৰিসংখ্যা ৩.৫% আৰু আমেৰিকাত ২.৯% ।

এই ক্ৰমবৰ্ধমান উদ্বেগৰ প্ৰতি সঁহাৰি জনাই ৰিচাৰ্চ ছ’চাইটি ফৰ দ্য ষ্টাডি অৱ ডায়েবেটিছ– আৰ এছ এছ ডি আই আৰু ছান’ফি ইণ্ডিয়া লিমিটেড– এছ আই এলে হাত মিলাই টাইপ ১ ডায়েবেটিছত আক্ৰান্ত শিশুসকলৰ চিকিৎসা পদ্ধতি আৰু সমৰ্থনক প্ৰামাণিক কৰি তুলিছে । আৰ এছ এছ ডি আই – এছ আই এলৰ পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ দেশৰ ১৪০০ ৰোগীক বিনামূলীয়াকৈ ইনচুলিন, চিৰিঞ্জ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে, য’ত তেলেংগানাৰ ৭২ জন ৰোগী আছে ।

ভুল ধাৰণা আৰু সজাগতা

ডাঃ ছেঠীয়ে কয় যে, টাইপ ১ ডায়েবেটিছ, যিটো অটোইম্যুন ডিছঅৰ্ডাৰ যিয়ে মূলতঃ শিশুক আক্ৰান্ত কৰে ইয়াক সঠিক যত্নৰ দ্বাৰা ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পাৰি । অৱশ্যে তেওঁ কয় যে, সজাগতাৰ অভাৱে প্ৰায়ে ৰোগ নিৰ্ণয় কৰাত পলম হয় । ওজন কমি যোৱা, ভোক, পেটৰ বিষ, অত্যধিক পিয়াহ আৰু বমি আদি লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

স্বাভাৱিক জীৱন যাপন কৰিব পাৰে!

সময়মতে ইনচুলিন চিকিৎসা আৰু খাদ্যাভ্যাসৰ সৰু সৰু সালসলনি কৰিলে আক্ৰান্ত শিশুৱে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে । বিশেষকৈ গ্ৰামাঞ্চল আৰু অৰ্ধনগৰ অঞ্চলত সজাগতা বৃদ্ধিৰ লগতে ইনচুলিন আৰু ডায়েবেটিছ ব্যৱস্থাপনাৰ খৰচৰ বোজাত পৰা পৰিয়ালসমূহক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহক আহ্বান জনায় বিপিন ছেঠীয়ে ।

টাইপ ১ ডায়েবেটিছ : টাইপ ১ ডায়েবেটিছত শৰীৰত ইনচুলিন কম বা একেবাৰেই উৎপাদন নহয় । ইয়াত অগ্নাশয়ৰ কোষবোৰ ধ্বংস হয় । সাধাৰণতে সৰু ল’ৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত টাইপ ১ ডায়েবেটিছ হয় । অৱশ্যে কিছুমান মানুহৰ ক্ষেত্ৰত যিকোনো বয়সতে দেখা দিয়ে । ডায়েবেটিছ আংশিকভাৱে জিনীয় । বিশেষজ্ঞসকলৰ মতে, টাইপ ১ ডায়েবেটিছ ৰোগীয়ে সুস্থ হৈ থাকিবলৈ দৈনিক ইনচুলিন গ্ৰহণ কৰিব লাগিব ।

মূখ্য বিষয়সমূহ টাইপ ১ ডায়েবেটিছ টাইপ ২ ডায়েবেটিছ
কাৰণশৰীৰত ইনচুলিন উৎপন্ন নহয় শৰীৰে সঠিকভাৱে ইনচুলিন প্ৰয়োগ কৰিবলৈ সক্ষম নহয়
আৰম্ভণিসাধাৰণতে কম বয়সৰ পৰাই আৰম্ভ হয় সাধাৰণতে জীৱনৰ পিছৰ কালছোৱাত আৰম্ভ হয়
লক্ষণঅত্যধিক পিয়াহ, সঘনাই প্ৰস্ৰাৱ কৰা, ভোক বৃদ্ধি, ওজন কমি যোৱা, ভাগৰুৱা হোৱা । সাধাৰণতে জীৱনৰ পিচৰ সময়ছোৱাত আৰম্ভ হয়
প্ৰতিকাৰইনচুলিন বেজীখাদ্য, ব্যায়াম, ঔষধ আৰু কেতিয়াবা ইনচুলিন

ইন্দোৰৰ কোকিলাবেন হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসাৰ পৰামৰ্শদাতা ডাঃ সঞ্জয় জৈনে কয় যে টাইপ ১ ডায়েবেটিছ এটা স্থায়ী অৱস্থা । সঠিক ব্যৱস্থাপনা আৰু চিকিৎসাৰ দ্বাৰা এই ডায়েবেটিছত আক্ৰান্ত লোকসকলে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে । টাইপ ১ ডায়েবেটিছ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী বিটা কোষক লক্ষ্য কৰি এন্টিব’ডি তৈয়াৰ কৰি ইনচুলিন উৎপাদন হ্ৰাস বা বন্ধ কৰি দিয়ে, যাৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা অনিয়মিত হয় । টাইপ ১ ডায়েবেটিছ পিতৃ-মাতৃৰ যিকোনো এজনৰ পৰা জিনগতভাৱে উত্তৰাধিকাৰী সূত্ৰেও হ’ব পাৰে । টাইপ ১ ডায়েবেটিছৰ ক্ষেত্ৰত য’ত এজন পিতৃ-মাতৃৰ টাইপ ১ ডায়েবেটিছ থাকে, তেনে ক্ষেত্ৰত শিশুৰ ১০% আশংকা থাকে, আনহাতে মাতৃৰ বাবে ৮%ৰ পৰা ১০% আশংকা থাকে । যদি পিতৃ-মাতৃ দুয়োজনেই টাইপ ১ ডায়েবেটিছত আক্ৰান্ত হয় তেন্তে শিশুটিৰ এই অৱস্থা হোৱাৰ সম্ভাৱনা ৩০% বৃদ্ধি পায় ।

এনেদৰে কৰক শৰ্কৰা নিয়ন্ত্ৰণ: ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে শৰীৰৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ বাবে এজন ব্যক্তিয়ে বিশেষজ্ঞৰ পৰামৰ্শ লৈ ডায়েট গ্ৰহণ কৰিব লাগে । কেলৰি কম, চেনি কম আৰু আঁহযুক্ত খাদ্য খাব লাগে । প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰক । চিকিৎসকে দিয়া ঔষধ সেৱন কৰক । যদি ওজন অত্যধিক হয় তেন্তে ইয়াক হ্ৰাস কৰাটো উচিত ।

লগতে পঢ়ক: এনেদৰে ভৰিত দেখা দিয়ে ডায়েবেটিছৰ লক্ষণ...সময় থাকোঁতে কৰক চিনাক্ত - Diabetes Symptoms

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.