ETV Bharat / sukhibhava

খৰ-খজুৱতিৰ দৰে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সক্ষম নাৰ্জি ফুল

Marigold Extract: পূজা, গৃহসজ্জাৰ লগতে ঔষধৰো কাম কৰে নাৰ্জি ফুলে ৷ ইয়াত থকা ঔষধি গুণবোৰে ছালৰ এলাৰ্জিৰ পৰা সকাহ দিয়ে ৷ ইয়াক ব্যৱহাৰৰ পদ্ধতি জানি লও আহক...

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:23 PM IST

How to use marigold flower to treat skin problems
খৰ-খজুৱতিৰ দৰে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সক্ষম নাৰ্জি ফুল

শীতকালত বতৰটো শুকান হোৱাৰ ফলত আমাৰ ছালখনো শুকান হৈ পৰে ৷ ছালখন শুকান হৈ পৰিলে খজুৱতিৰ সমস্যা হোৱাটো একেবাৰেই স্বাভাৱিক হৈ পৰে ৷ খৰ-খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বিভিন্ন ঔষধ ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে । যদি আপুনিও ঔষধ ব্যৱহাৰ কৰি খৰ-খজুৱতিৰ পৰা সকাহ পোৱা নাই, তেন্তে আপুনি অতি সহজলভ্য নাৰ্জি ফুল ব্যৱহাৰ কৰিব পাৰে ৷ হয়, পূজা, গৃহসজ্জাৰ লগতে ঔষধৰো কাম কৰে নাৰ্জি ফুলে ৷ ইয়াত থকা ঔষধি গুণবোৰে ছালৰ এলাৰ্জিৰ পৰা সকাহ দিয়ে ৷

খৰ হৈছে এক সংক্ৰমণ, যি শৰীৰৰ বিভিন্ন অংশত হ'ব পাৰে ৷খৰ হ’লে শৰীৰত ৰঙা ঘূৰণীয়া চিহ্ন দেখা যায় ৷ যি দ্ৰুতগতিত বৃদ্ধি হৈ গৈ থাকে ৷ নাৰ্জি ফুলত থকা এণ্টি-এলাৰ্জিক আৰু এণ্টি-ফাংগাল গুণাগুণে খৰ আৰু খজুৱতিৰ দৰে সমস্যাৰ পৰা সম্পূৰ্ণৰূপে সকাহ দিয়ে।

খৰ-খজুৱতিত কিদৰে ব্যৱহাৰ কৰিব নাৰ্জি ফুল ?

প্ৰথমে, নাৰ্জি ফুলৰ পাতবোৰ ছিঙি লৈ ভালদৰে ধুই ল'ব ৷ইয়াৰ পিছত এটা পাত্ৰত পানী আৰু নাৰ্জি ফুলৰ পাতখিনি দি গেছত অলপ সময় উতলাই ল'ব ৷ পানীখিনি ঠাণ্ডা হ’লে খজুৱতি হোৱা ঠাইত প্ৰয়োগ কৰিব ৷ অলপ সময় থকাৰ পাছত এই ঔষধ লগোৱা ছালখন ভালদৰে পৰিস্কাৰ কৰিব । তদুপৰি, পানীত উতলা নাৰ্জি ফুলৰ পাতখিনি আপুনি মিক্সাৰত পিছি এটা পেষ্ট তৈয়াৰ কৰি ল’বও পাৰে । এই পেষ্টটো আপুনি খৰ-খজুৱতি হোৱা ঠাইত দিনত এবাৰকৈ লগাব পাৰে । এই প্ৰতিকাৰৰ দ্বাৰা আপুনি এক সপ্তাহৰ ভিতৰতে খৰ-খজুৱতিৰ পৰা সম্পূৰ্ণ ভাৱে পৰিত্ৰাণ পাব পাৰে ৷

লগতে পঢ়ক: শৰীৰ কপাই যোৱা এই ঠাণ্ডাৰ বতৰত চাহ নে কফি ? কোনবিধ শৰীৰৰ বাবে উত্তম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.