ETV Bharat / sukhibhava

শীতকালত খুবেই ওঁঠ ফাটে নেকি ? তেন্তে এনেদৰে লওক যতন - ওঁঠ

Lip care in winter: যিসকল লোকৰ ছাল খুবেই শুকান, এই সময়ত তেওঁলোকৰ ওঁঠ শুকান হয় আৰু শেষত ওঁঠ ফাঁটিবলৈ আৰম্ভ কৰে ৷ সেয়েহে ওঁঠৰ ছাল শুকান হোৱাৰ লগে লগে সচেতন হোৱা দৰকাৰ ৷ এনে অৱস্থাত ওঁঠযুৰিৰ কিদৰে যতন ল’ব জানো আহক-

How to take care of your lips during winter?
শীতকালত খুবেই ওঁঠ ফাটে নেকি ? তেন্তে এনেদৰে লওক যতন
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:48 PM IST

শীতকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ লগতে বায়ুৰ আদ্ৰৰ্তা, উষ্ণতা আদিৰো পৰিৱৰ্তন হয় ৷ আদ্ৰৰ্তাৰ পৰিৱৰ্তনৰ ফলত আমাৰ দেহ, ছাল আদিত প্ৰভাৱ পৰে ৷ বিশেষকৈ ছাল শুকান হোৱা, ওঁঠ ফটা, গোৰোহা ফটা আদি শীতকাল অহাৰ পাছত আৰম্ভ হয় ৷ যিসকল লোকৰ ছাল খুবেই শুকান, এই সময়ত তেওঁলোকৰ ওঁঠ শুকান হয় আৰু শেষত ওঁঠ ফাঁটিবলৈ আৰম্ভ কৰে ৷ সেয়েহে ওঁঠৰ ছাল শুকান হোৱাৰ লগে লগে সচেতন হোৱা দৰকাৰ ৷ এনে অৱস্থাত ওঁঠযুৰিৰ কিদৰে যতন ল’ব জানো আহক-

  • শীতকালত যিহেতু শৰীৰ আৰ্দ্ৰ হৈ থাকে, সেয়ে শীতকালত যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ৷ ইয়ে ছালখনক আদ্ৰৰ্তাৰ পৰা সুৰক্ষা দিয়ে ৷
  • শীতকালত ভিটামিন-C জাতীয় খাদ্য যেনে নেমু, আমলখি, অন্য টেঙাজাতীয় ফল আদি যথেষ্ট খাব লাগে ৷
  • আমাৰ বহুতৰে ওঁঠযুৰি চেলেকি থকাৰ এটা অভ্যাস আছে ৷ এই বদঅভ্যাস ত্যাগ কৰিব লাগে, কিয়নো শীতকালত যিহেতু ছালখন শুকান হৈ থাকে, সেয়েহে বাৰে বাৰে চেলেকি থাকিলে আৰু বেছি শুকান হৈ যায় ৷ ফলত ছালখন ফাটিবলৈ আৰম্ভ কৰে ৷
  • শীতত ওঁঠ শুকাই যোৱাৰ সমস্যা থাকিলে লিপবাম লগত ৰাখক ৷ ইয়াৰ লগতে ওঁঠ ফাটিবলৈ আৰম্ভ কৰিলে কেতিয়াও ওঁঠ কামুৰি নাথাকিব ৷
  • নিশা শুবলৈ যোৱাৰ আগতে ওঁঠযুৰিত মৌ বা ঘিউ অলপমান লগাই দিয়ক ৷ ১৫ মিনিটমান লগোৱাৰ পাছত ধুই দিব ৷
  • ঘৰতে নেমুৰ ৰস, মৌ আৰু চেনিৰ এটা মিশ্ৰণ তৈয়াৰ কৰক ৷ এই মিশ্ৰণটোত নাৰিকল তেল দি এটা স্ক্ৰাব প্ৰস্তুত কৰক ৷ নিশা শুবলৈ যোৱাৰ আগতে এই স্ক্ৰাবটো ওঁঠত সদায় ব্যৱহাৰ কৰক ৷

লগতে পঢ়ক: এইসমূহ খাদ্য খোৱাৰ পিচত আপুনিও অধিক পানী খাই নেকি ? তেন্তে আজিৰে পৰা ত্যাগ কৰক এই অভ্যাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.