আমলখি খোৱাটো যিমানেই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, সিমানেই আমাৰ ছাল আৰু চুলিৰ বাবেও উপকাৰী । ভিটামিন Cৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই ফলবিধ চুলিৰ স্বাস্থ্যৰ বাবেও বহু দিশত উপকাৰী । ইয়াৰ উপৰিও ইয়াত প্ৰ'টিন, আইৰণ, কেলচিয়াম, ফছফৰাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় । কিন্তু জানেনে, উফিৰ সমস্যাৰ বাবেও ই এক ঔষধ ? হয়, আপুনি ঠিকেই পঢ়িছে! মূৰৰ ছালত উফি, ভেঁকুৰ, মৰা চুলিৰ গুৰি আৰু ছাল, বেক্টেৰিয়া আদি পৰিষ্কাৰ কৰাত অমলা অতি উপকাৰী । কাৰণ ইয়াত এন্টিঅক্সিডেন্টৰ লগতে এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে । যাৰ বাবে ই উফি আঁতৰোৱাত অতি ফলপ্ৰসূ, লগতে আন বহুতো চুলিৰ সমস্যা আঁতৰোৱাত সহায় কৰে (How To Use Amla For Hair Dandruff)।
এতিয়া প্ৰশ্ন উত্থাপন হয় যে উফি পৰিষ্কাৰ কৰিবলৈ আমলখি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ? এই প্ৰশ্নটোও মানুহে প্ৰায়ে সোধা দেখা যায় । যদি আপুনিও উফিৰ বাবে মানুহৰ সন্মুখত লাজৰ সন্মুখীন হ’বলগীয়া হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাকৃতিক উপায় বিচাৰিছে, তেন্তে এই লেখাটোত আমি আপোনাক আমলখিৰ পৰা উফি আঁতৰোৱাৰ ৩টা উপায় আগবঢ়াইছোঁ (Does amla remove dandruff?)।
১/ আমলখি হেয়াৰ পেক লগাব
ইয়াক ব্যৱহাৰ কৰাৰ এক সহজ আৰু অতি ফলপ্ৰসূ উপায় । ইয়াৰ বাবে ২ টা আমলখি পিহি পেষ্ট বনাব, যদিও ইয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰি । কেৰাহীত নাৰিকল বা সৰিয়হৰ তেল গৰম কৰি ল'ব (Can I apply Amla directly on hair?)। তাৰ পিচত তাত আমলখি পেষ্ট বা পাউদাৰ দি ১-২ মিনিট ৰান্ধিব । ঠাণ্ডা কৰি ১-২ চামুচ নেমুৰ ৰস দি মিহলাই লওক । আপোনাৰ আমলখি চুলিৰ পেকটো সাজু হৈছে । মূৰৰ ছালৰ পৰা গোটেই চুলিত লগাই ইয়াক ৩-৪ ঘন্টা ৰাখিব । ইয়াৰ পিচত বনৌষধি চেম্পুৰ সহায়ত ধুই ল'ব ৷
২/ পিঁয়াজৰ ৰসৰ লগত মিহলাই লগাব
পিঁয়াজৰ ৰসে উফি আৰু চুলিৰ বহু সমস্যা দূৰ কৰাত সহায় কৰে । আমলখি আৰু পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিবলৈ প্ৰথমে একাপ বা প্ৰয়োজন অনুযায়ী পিঁয়াজৰ ৰস ল’ব লাগিব, তাৰ পিছত তাত আমলখিৰ গুড়ি দি অলপ গেছত সিজিব লাগিব । ইয়াত চুলিৰ তেল কিছুও দিব পাৰে । ঠাণ্ডা কৰি চুলিত ৩-৪ ঘন্টা লগাই ধুব ।
৩/ এলোভেৰাৰ সৈতে ব্যৱহাৰ কৰক
পিঁয়াজৰ ৰসৰ দৰে এলোভেৰাতো বহুতো ঔষধি গুণ আছে । আপুনি যিকোনো চুলিৰ তেলত আমলখি ৰান্ধি ঠাণ্ডা কৰি তাৰ পিছত এলোভেৰা জেল দিব পাৰে । চুলি ধোৱাৰ কমেও ৪ ঘণ্টা আগতে চুলিত লগাব লাগিব ৷ এইদৰে আমলখি ব্যৱহাৰ কৰিলে উফিৰ পৰা সোনকালে পৰিত্ৰাণ পাব পাৰি, কিন্তু সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ।
লগতে পঢ়ক: Protien Rich Vegetarian Foods: কেৱল মাছ-মাংসই নহয়, প্ৰচুৰ পৰিমাণৰ প্ৰ'টিনৰে সমৃদ্ধ এই ৭বিধ নিৰামিষ খাদ্য