একোচা দীঘল আৰু সুস্থ চুলিৰ অধিকাৰী হ'ব কোন পুৰুষ-মহিলাই নিবিচাৰে কিন্তু বাঢ়ি অহা প্ৰদূষণ ধূলি-মাকতিৰ ফলত বৰ্তমান বহু পুৰুষ-মহিলাই চুলি সৰা, ড্ৰাইনেচ, ফ্ৰিজি হেয়াৰৰ দৰে সমস্যাৰ সন্মূখীন হ'বলগীয়া হয় ।
এনে পৰিস্থিতিত পিঁয়াজৰ ৰস চুলিৰ বৃদ্ধি আৰু চুলিৰ ক্ষতি দূৰ কৰাৰ বাবেও এক উত্তম উপায়(Onion juice for hair problems) । চুলিৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ই এক উত্তম উপায় । পিঁয়াজৰ ৰসত এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে চুলিৰ বৃদ্ধি কৰাৰ লগতে চুলিখিনি মিহি তথা আন সমস্যাৰ পৰা মুক্ত কৰে । সেয়ে চাওক পিঁয়াজৰ ৰসৰ সহায়ত চুলিৰ বাবে হেয়াৰ মাস্ক কেনেকৈ তৈয়াৰ কৰিব পাৰি-
পিঁয়াজৰ ৰস কেনেকৈ তৈয়াৰ কৰিব লাগে
পিঁয়াজৰ ৰস তৈয়াৰ কৰিবলৈ প্ৰথমে চুলিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি দুই-তিনি কাপ পিয়াঁজ লৈ ল'ব । ইয়াৰ পিছত কাটি মিক্সাৰত পেষ্ট তৈয়াৰ কৰি লওক । তাৰ পিছত মিহি কাপোৰেৰে পাত্ৰ এটাত ৰসখিনি চেকি ঠাণ্ডা কৰি ল'ব ।
পিঁয়াজৰ সৈতে চুলিৰ মাস্ক কেনেদৰে তৈয়াৰ কৰিব লাগে
১) পিঁয়াজৰ ৰস আৰু মৌ
পিঁয়াজৰ ৰস আৰু মৌৰে চুলিৰ মাস্ক তৈয়াৰ কৰাটো অতি সহজ(Onion juice and honey) । ইয়াক তৈয়াৰ কৰিবলৈ পিয়াঁজৰ ৰস দুচামুচ লৈ তাত এচামুচ মৌ দিব । তাৰ পিছত চুলিত লগাই ২০ মিনিট সময় ৰাখিব, তাৰ পিছত ধুই পেলাওক । এই হেয়াৰ মাস্কে চুলি বৃদ্ধি কৰাত সহায় কৰিব আৰু লগতে আপোনাৰ চুলিখিনিক সুস্থ কৰি ৰাখিব । লগতে উফিৰ সমস্যাও কম কৰাত ই লাভদায়ক ।
২) পিঁয়াজৰ ৰস আৰু কেষ্টাৰ অইল
এই পেক তৈয়াৰ কৰিবলৈ মাথোঁ পিঁয়াজৰ ৰস কেষ্টাৰ অইলৰ(castor oil) লগত মিহলাই ল’ব লাগিব । ইয়াৰ বাবে সমান পৰিমাণৰ পিঁয়াজৰ ৰস আৰু কেষ্টাৰ অইল মিহলাই ল’ব লাগিব । ভালদৰে মিহলাই লোৱাৰ পিছত চুলি ধোৱাৰ এঘণ্টা পূৰ্বে মূৰৰ ছালত লগাব লাগে । এই মাস্ক সপ্তাহত দুবাৰ বা তিনিবাৰ লগাব পাৰে, ই আপোনাৰ চুলি ধুনীয়াকৈ বৃদ্ধি কৰাত সহায় কৰিব(onion juice and castor oil) । মনত ৰাখিব যে, পিঁয়াজৰ ৰসে আপোনাৰ মূৰৰ ছালত বিৰক্তিকৰ হ’ব পাৰে, গতিকে ইয়াক মৌ, নাৰিকল তেল বা এলোভেৰাৰ দৰে সামগ্ৰীৰ সৈতে মিহলাইহে প্ৰয়োগ কৰিব ।
লগতে পঢ়ক: Foreign countries tour: এতিয়াৰে পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ