ETV Bharat / sukhibhava

টকা খৰচ নকৰাকৈয়ে ঘৰতে এইদৰে বনাওক প্ৰাকৃতিক ছানস্ক্ৰীণ - গৰমত ছালখন ক’লা নপৰাকৈ ৰখাৰ উপায়

Home Made Sunscreen: মুখখন সুৰক্ষিত কৰিবলৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয় । কিন্তু যদি আপুনি বজাৰৰ পৰা দামী ছানস্ক্ৰীণ কিনিব নিবিচাৰে, তেন্তে ঘৰতেই এইদৰে প্ৰস্তুত কৰিব পাৰে ছানস্ক্ৰীণ ৷

How to make a DIY natural sunscreen at home
ঘৰতে এইদৰে বনাওক প্ৰাকৃতিক ছানস্ক্ৰীণ
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:13 PM IST

বতৰ যিয়েই নহওক কিয়, মুখখন সুৰক্ষিত কৰিবলৈ ছানস্ক্ৰীণ লগোৱাটো ছালৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, কাৰণ সূৰ্যৰ পোহৰে মুখমণ্ডলত বেয়াকৈ প্ৰভাৱ পেলায় । কেৱল ইমানেই নহয়, অধিক সময় UV ৰশ্মিৰ সংস্পৰ্শত থাকিলে ছালৰ কৰ্কট ৰোগৰ হোৱাৰ আশংকাও দেখা দিয়ে । এনে পৰিস্থিতিত ছানস্ক্ৰীণ প্ৰয়োগ কৰিলে, ই আপোনাৰ ছালত সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে, যাতে কোনো বিপদজনক ৰশ্মিয়ে আপোনাৰ মুখত ক্ষতি কৰিব নোৱাৰে । যদিও বজাৰত বহু ধৰণৰ ছানস্ক্ৰীন পোৱা যায়, তথাপিও সেইবোৰত বহুতো ৰাসায়নিক পদাৰ্থ থাকে যিয়ে মুখখনক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে । এনে পৰিস্থিতিত আপুনি হয়তো ভাবিছে তেন্তে মুখত কেনেধৰণ ছানস্ক্ৰীণ লগোৱাটো উপযুক্ত ? আপুনি বজাৰৰ পৰিৱৰ্তে ঘৰতে প্ৰাকৃতিকভাৱে ছানস্ক্ৰীণ বনাই ব্যৱহাৰ কৰিব পাৰে ৷ যাৰ ফলত আপোনাৰ ছালৰো কোনো ক্ষতি নহয় আৰু পকেটৰ ধনো খৰচ নহয় । গতিকে এই প্ৰতিবেদনত জানো আহক ছানস্ক্ৰীণ বনোৱাৰ পদ্ধতি ।

  • ঘৰতে কেনেকৈ বনাব বিশেষ ছানস্ক্ৰীণ
  • এলোভেৰা আৰু পদিনা দি ছানস্ক্ৰীণ বনাওক
  • এলোভেৰা জেল- ১/৪ কাপ
  • নাৰিকল তেল- ১ চামুচ
  • পদিনাৰ তেল – ১০ৰ পৰা ১৫ টোপাল

কেনেকৈ বনাব ?

প্ৰথমে এলোভেৰা জেল এটা সৰু বাটিত ল’ব ।

তাৰ পিচত এলোভেৰা জেলৰ সৈতে এচামুচ নাৰিকল তেল দি ভালদৰে মিহলাই ল’ব ।

ইয়াৰ পিচত তাত ১০ৰ পৰা ১৫ টোপাল পদিনাৰ তেল দিব ।

এই সকলোবোৰ মিহলাই ল’ব ।

ইয়াৰ পিচত আপোনাৰ প্ৰাকৃতিক ছানস্ক্ৰীণ সাজু, বায়ু সোমাব নোৱাৰা পাত্ৰত ইয়াক সংৰক্ষণ কৰি ৰাখিব ।

ঘৰৰ পৰা ওলোৱাৰ আগতে মুখ, ডিঙি আৰু হাতত ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব ।

এলোভেৰা আৰু ভিটামিন ইৰে ছানস্ক্ৰীণ বনাব পাৰে

  • এলোভেৰা- ১ চামুচ
  • ভিটামিন ই- ৪ৰ পৰা ৫ টোপাল
  • চানফ্লা’ৱাৰ তেল- ১ চামুচ
  • জিংক অক্সাইড – ২ৰ পৰা ৩ চামুচ

কেনেকৈ বনাব ?

এই ছানস্ক্ৰীণ বনাবলৈ এটা বাটিত ১ চামুচ এলোভেৰা জেল ল’ব ।

তাত ৪ৰ পৰা ৫ টোপাল ভিটামিন আৰু এচামুচ চানফ্লা’ৱাৰ তেল আৰু দুইৰ পৰা তিনি চামুচ জিংক অক্সাইড দিব ।

এতিয়া এই পেষ্টটো ভালদৰে মিহলাই ল’ব

আৰু হৈ গ’ল আপোনাৰ ভিটামিন ই ছানস্ক্ৰীণ সাজু ।

বায়ু সোমাব নোৱাৰা বন্ধ পাত্ৰত ইয়াক ৰাখিব লাগে । ই spf-15 ছানস্ক্ৰীণ বা লোচন হিচাপে কাম কৰিব ।

কমলাৰ ৰস আৰু গোলাপৰ পানীৰে ছানস্ক্ৰীণ বনাব পাৰে

ভিটামিন চি সমৃদ্ধ কমলা ৰসেও আপোনাৰ বাবে ছানস্ক্ৰীণ লোচনৰ দৰে কাম কৰিব পাৰে । ইয়াৰ বাবে কমলাৰ ৰসত ১০ টোপাল গোলাপৰ পানী মিহলাই মিশ্ৰণ প্ৰস্তুত কৰিব ল’ব । ঘৰৰ পৰা ওলোৱাৰ আগতে ইয়াক মুখ, ডিঙি আৰু হাতত লগাবলৈ নাপাহৰিব । ই আপোনাৰ ছালখনক ৰ’দৰ পৰা ৰক্ষা কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব ।

তিয়ঁহ আৰু গোলাপ জলেৰে ছানস্ক্ৰীণ বনাওক

ছানস্ক্ৰীণ বনাবলৈ ছালৰ বাবে উপকাৰী তিয়ঁহ ব্যৱহাৰ কৰিব পাৰে । ইয়াক বনাবলৈ প্ৰথমে তিয়ঁহখিনি কুটি লওক আৰু তাৰ পিচত ইয়াৰ সকলো ৰস উলিয়াই লওক । তাৰ পাচত তাত গোলাপৰ পানী মিহলাই লওক আৰু হৈ গ’ল আপোনাৰ ছানস্ক্ৰীণ প্ৰস্তুত । এই মিশ্ৰণটো ছানস্ক্ৰীণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: পুৰুষৰ বাবে দৈনিক মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰাটো কিয় গুৰুত্বপূৰ্ণ ? বিশেষজ্ঞৰ পৰা ৫টা কাৰণ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.