ETV Bharat / sukhibhava

হজমশক্তি উন্নত কৰিবলৈ আমি কি কৰা উচিত ?

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 6:26 PM IST

পেটৰ সকলো ধৰণৰ সমস্যা পৰিহাৰ কৰিবলৈ পাচন প্ৰক্ৰিয়া শক্তিশালী হৈ থকাটো গুৰুত্বপূৰ্ণ ৷ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰি ৰখাৰ উপায়বোৰৰ বিষয়ে আজি জানো আহক-

how to improve your gut health and digestion
হজমশক্তি উন্নত কৰিবলৈ আমি কি কৰা উচিত ?

ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে অধিকাংশ লোকেই আজিকালি হজম সম্পৰ্কীয় সমস্যাত ভোগে ৷ অধিক গধুৰ খাদ্য খোৱাৰ ফলত শৰীৰে ইয়াক হজম কৰাটো কঠিন হৈ পৰে ৷ যাৰ ফলত গেছ, বদহজম, কোষ্ঠকাঠিন্য, টেঙা উগাৰ অহা আদি সমস্যাৰ সৃষ্টি হয় ৷ যদি এই সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, পৰিস্থিতি অতি গুৰুতৰ হ'ব পাৰে ৷ পেটৰ সকলো ধৰণৰ সমস্যা পৰিহাৰ কৰিবলৈ পাচন প্ৰক্ৰিয়া শক্তিশালী হৈ থকাটো গুৰুত্বপূৰ্ণ ৷ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰি ৰখাৰ উপায়বোৰৰ বিষয়ে আজি জানো আহক-

কম চৰ্বিযুক্ত খাদ্য খাব

যদি আপুনি উচ্চ চৰ্বিযুক্ত খাদ্য খায়, তেনেহ'লে সেইবোৰ সীমিত পৰিমাণত খাব ৷ উচ্চ চৰ্বিযুক্ত খাদ্যবোৰে আপোনাৰ পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে ৷ এই খাদ্যবোৰে কোষ্ঠকাঠিন্য সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷ সেয়েহে, আপোনাৰ খাদ্য তালিকাত সদায়েই আঁহযুক্ত খাদ্য অন্তৰ্ভূক্ত কৰিব ৷

জাংক ফুডৰ পৰা আঁতৰি থাকিব

যদি আপুনি পাচনতন্ত্ৰ শক্তিশালী ৰাখিব বিচাৰে, জাংক ফুডৰ পৰা নিজকে আঁতৰাই ৰাখিব ৷ যদি আপুনি নিয়মীয়াকৈ জাংক ফুড খায়, তেনেহ'লে ইয়াৰ ফলত আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে ৷ এনে খাদ্যত উচ্চ পৰিমাণৰ চেনি আৰু চৰ্বি থাকে ৷ ইয়াক নিয়মীয়াকৈ খালে আপুনি মেদবহুলতাৰ দৰে ৰোগতো ভূগিব পাৰে ৷

যথেষ্ট পৰিমাণে পানী খাব

শৰীৰত পানীৰ অভাৱৰ বাবে পাচনতন্ত্ৰও দুৰ্বল হ'ব পাৰে ৷ পানী কমকৈ খোৱাৰ বাবে হজম সঠিকভাৱে নহয় ৷ যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ, বদহজম আদিৰ সমস্যা হয় ৷ সামান্য পৰিমাণৰ পানী খোৱাৰ ফলত পাচনতন্ত্ৰ বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে ৷

দৈ খাব লাগিব

হজম স্বাস্থ্যকৰ কৰি ৰাখিবলৈ দৈ অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত বহুতো ভাল বেক্টেৰিয়া থাকে, যি হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে ৷ ইয়াত থকা ভিটামিন-চি আৰু অন্যান্য পুষ্টিবোৰ শক্তি বৃদ্ধিত সহায়ক হ'ব পাৰে ৷

সময়মতে খাদ্য খাব

ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে পলমকৈ খাদ্য খায়, আনকি বহুলোকে পুৱাৰ আহাৰ গ্ৰহণ নকৰে ৷ যাৰ ফলত হজমৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷ গতিকে প্ৰতিদিনে সময়মতে পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ গ্ৰহণ কৰক ৷

ব্যায়াম কৰিবলৈ নিশ্চিত হ'ব

নিয়মীয়াকৈ ব্যায়াম কৰিলে পাচনতন্ত্ৰই ভালদৰে কাম কৰে ৷ ব্যায়াম কৰি আপুনি আন বহু ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰে ৷ শাৰীৰিক সক্ৰিয়তাইও ওজন নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: ৭০ বছৰীয়া মহিলাই জন্ম দিলে যমজ সন্তান; অধিক বয়সত গৰ্ভধাৰণৰ অসুবিধা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.