ETV Bharat / sukhibhava

Walking Benefits: দিনে ৫০০০ খোজ কাঢ়ি হ্ৰাস কৰক মৃত্যুৰ আশংকা

আপুনি জানেনে যে, দিনটোত মাত্ৰ ৫০০০ খোজ কাঢ়িলেও অকাল মৃত্যু আৰু হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি । এটা অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে মাত্ৰ ৪৪০০ খোজ খোজ কাঢ়িলেই মৃত্যুৰ সম্ভাৱনা ৪১% হ্ৰাস পায় ৷

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 12:47 PM IST

How many steps is healthy living ?
দিনে ৫০০০ খোজ কাঢ়ি হ্ৰাস কৰক মৃত্যুৰ আশংকা

খোজ কঢ়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷ আপোনালোকে হয়তো এই বিষয়েও জানে যে, দৈনিক ১০,০০০ খোজ কাঢ়ি আপুনি সুস্থ হৈ থাকিব পাৰে ৷ কিন্তু শেহতীয়া এক গৱেষণাৰ মতে, যদি আপুনি দৈনিক ৫০০০ খোজ কাঢ়ে, তেতিয়া আপোনাৰ সোনকালে মৃত্যু হোৱাৰ আশংকা খুব কম হৈ পৰে ৷

এই গৱেষণা ২২৬০০০ গৰাকী ব্যক্তিৰ শৰীৰত কৰা হৈছিল ৷ গৱেষণাত প্ৰমাণ পোৱা গ'ল যে, দৈনিক ৪০০০ খোজ কাঢ়িয়েই আপুনি কম বয়সত মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰে ৷ ইয়াৰ বাহিৰেও মাত্ৰ ২৩০০ খোজ কাঢ়িলে ই আপোনাৰ হৃদযন্ত্ৰ আৰু ৰক্তনলীবোৰক বহু লাভালাভ প্ৰদান কৰিব পাৰে ৷

৬০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত দেখুওৱা লাভালাভ

এই নতুন গৱেষণাত যি ফলাফল পোৱা গৈছে, সেয়া ৬০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰতহে অধিক প্ৰযোজ্য ৷ গৱেষকসকলৰ মতে, মানুহে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ চিকিৎসাৰ বাবে ঔষধৰ ওপৰত নিৰ্ভৰ কৰি আছে ৷ কিন্তু ঔষধৰ পৰিৱৰ্তে ভাল আহাৰ, ব্যায়াম আৰু জীৱনশৈলীৰ পৰিৱৰ্তন এই সমস্যাবোৰৰ আশংকা হ্ৰাস কৰিব পাৰি ৷

ভুল জীৱনশৈলী হৈছে বহু মৃত্যুৰ কাৰণ

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, পৰ্যাপ্ত শাৰীৰিক সক্ৰিয়তাৰ অভাৱৰ বাবে প্ৰতি বছৰে ৩.২ নিযুত লোকৰ মৃত্যু হয় ৷ ইয়াৰ বাহিৰেও, দীঘলীয়া সময় ধৰি বহি থাকিলে পিঠিৰ সমস্যাও বৃদ্ধি হয় ৷ বিশেষকৈ যিসকলে কাৰ্যালয়ৰ কাম কৰে তেওঁলোকে গোটেই দিনটো একেধৰণে বহি থাকিব লাগে, যাৰ ফলত পিছৰ জীৱনত তেওঁলোকে বহু শাৰিৰীক সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰে ৷

খোজ কঢ়াৰ লাভালাভ

গৱেষকসকলৰ মতে, ৰুটিনত নিয়মীয়া ব্যায়াম অন্তৰ্ভূক্ত কৰি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে ৷ খোজ কাঢ়িলে আপোনাৰ ৰক্তচাপ হ্ৰাস হ'ব, হাড় আৰু পেশী শক্তিশালী হ'ব ৷ ই আপোনাৰ শক্তিৰ স্তৰো বৃদ্ধি কৰিব ৷ ইয়াৰ বাহিৰেও, খোজ কাঢ়ি আপুনি মানসিক স্বাস্থ্য ভালে ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণ কৰি নিজকে সুস্থ ৰাখিব পাৰে ৷

খোজ কঢ়াৰ অভ্যাস কিদৰে কৰিব ?

  • আপুনি খোজ কঢ়াৰ অভ্যাস কৰিবলৈ বাছ বা গাড়ীৰ সলনি খোজ কাঢ়িবলৈ লওঁক ৷
  • যদি আপুনি অফিচত বহি বহি কাম কৰি থাকে, মাজে মাজে উঠি বাহিৰলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰক ৷
  • গৰ্ভৱতী মহিলাৰ বাবে খোজ কঢ়া সৰ্বশ্ৰেষ্ঠ ব্যায়াম হ'ব পাৰে ৷
  • বন্ধুবৰ্গৰ সৈতে আপুনি পাৰ্ক বা আন কোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷
  • ইয়াৰ বাহিৰেও যদি আপোনাৰ ঘৰত কুকুৰ আছে, তেন্তে সিহঁতক খোজ কঢ়াবলৈ নিব পাৰে ৷

লগতে পঢ়ক: Tulsi Benefits: তুলসীৰ পাতত থকা অলিয়ানোলিক এচিডে নিৰাময় কৰিব বহু ডাঙৰ ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.