ETV Bharat / sukhibhava

Vitamin E benefit: ভিটামিন E য়ে আপোনাৰ ছালক কেনেদৰে লাভান্বিত কৰে ?

author img

By

Published : Jun 23, 2022, 8:01 PM IST

ধোঁৱা, ধুলি, মানসিক চাপ আৰু প্ৰদূষণে আমাৰ ছাল নিস্তেজ আৰু শুকান কৰি ৰাখে ৷ কিন্তু ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে প্ৰতিদিনে দীৰ্ঘ সময় ধৰি ছালৰ যত্ন লোৱাটোও আমাৰ বাবে সম্ভৱ নহয় ৷ সেয়েহে ছালক সুস্বাস্থ্যৱান আৰু উজ্জ্বল কৰি ৰখাৰ একমাত্ৰ উপায়টো আমি সকলোৱে জনা উচিত ৷

vitamin E
ভিটামিন ই ৰ উপকাৰীতা

প্ৰদূষণ, চাপ, ধূমপান আৰু অপৰ্যাপ্ত আহাৰৰ ফলত ছালৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ এই সমস্যাৰ ফলত ছালৰ ক্ষেত্ৰত সোনকালে বয়সৰ চাপে দেখা দিয়ে ৷ ছালৰ সমস্যা বুলি ক’লে শালমইনা, দাগ, অসমান ছালৰ ৰং, অনুজ্জ্বলতা আদিৰ সৈতে যুঁজি থকাটো আমাৰ দৈনিক ৰুটিনৰে এটা অংশ ৷ কিন্তু এই সমস্যাবোৰৰ সৈতে যুঁজিবলৈ ছালৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি আগতে প্ৰসাধন সামগ্ৰী বাছনি কৰি লোৱা উচিত ৷

ছালৰ বিভিন্ন প্ৰকাৰ থাকিলেও কিন্তু এনে এবিধ উপাদান আমাৰ মাজত আছে যি যিকোনো প্ৰকাৰৰ ছালৰ বাবেই উপকাৰী ৷ সেইয়া হৈছে ভিটামিন E (Vitamin E benefit)। ই ছালৰ সকলো সমস্যাৰে সৈতে মোকাবিলা কৰে ৷ গতিকে ভিটামিন E সমৃদ্ধ ফেচৱাছ, ময়েশ্চাৰাইজাৰ, ক্ৰীম, চিৰাম আদি গ্ৰহণ কৰাটো ভাল ৷ এক আগশাৰীৰ প্ৰসাধন ব্ৰেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি ৰচিত গুপ্তাই IANSlife ক কৈছিল যে ভিটামিন E ছালৰ বাবে কিয় আৰু কেনেকৈ সঁচাকৈয়ে ভাল (Skin care routine) । জানো আঁহক-

1.ভিটামিন E য়ে বয়স বৃদ্ধিৰ লক্ষণ প্ৰতিহত কৰাত সহায় কৰে- প্ৰদূষণ, ধোঁৱা আৰু অশুদ্ধিয়ে আমাৰ ছালৰ কোলাজেন ধ্বংস কৰে আৰু ইয়াৰ ফলত কোঁচ, আগতীয়াকৈ বয়সৰ চাপ আৰু অনুজ্জ্বলতা দেখা দিয়ে । গতিকে ছাল সুৰক্ষিত কৰি ৰাখিবলৈ এটা ভাল ভিটামিন E যুক্ত ক্ৰীম বিচৰাতো গুৰুত্বপূৰ্ণ । ভিটামিন E য়ে ছালক বাহ্যিক কাৰকৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে ।

2.ভিটামিন E য়ে ইউভিবি পোহৰ শোষণ কৰে- ভিটামিন E য়ে ছালত এক সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে, যাৰ ফলত বয়সৰ চাপ পেলোৱা ইউভিবি পোহৰৰ পৰা ছাল সুৰক্ষিত হৈ থাকে । ভিটামিন C আৰু E ৰ সংমিশ্ৰণে এছপিএফ(SPF)ৰ সৈতে আশ্চৰ্যকৰ কাম কৰে আৰু ই ছালত এক উৎকৃষ্ট প্ৰভাৱ পেলায় ।

3.ভিটামিন E য়ে ছাল ময়েশ্চাৰাইজ কৰে- ভিটামিন E হৈছে এক উৎকৃষ্ট ময়েশ্চাৰাইজাৰ ৷ ই ছাল মেৰামতি আৰু পুনৰুজ্জীৱিত কৰি ইয়াৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে । ভিটামিন E যুক্ত ময়েশ্চাৰাইজাৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ই প্ৰদাহৰ সৈতে যুঁজিবলৈ সহায় কৰে ।

4.ভিটামিন E য়ে ছালৰ দাগ হ্ৰাস কৰাৰ ওপৰত স্পষ্টভাৱে কাম কৰে– প্ৰদূষণ আৰু চাপৰ ফলত ছালত দেখা দিয়া দাগ আঁতৰোৱাটো কঠিন হৈ পৰে । প্ৰদূষণ আৰু অশুদ্ধিৰ পৰা সুৰক্ষা দিয়াৰ লগতে দাগবোৰ নিৰাময় কৰাত ভিটামিন E য়ে দুগুণ সহায় কৰে ।

5.ভিটামিন E য়ে শালমইনা হ্ৰাস কৰাত সহায় কৰে- শালমইনাৰ সমস্যাত সহায় কৰা উপাদান সকলোৱে ডক্তৰৰ পৰামৰ্শ অনুসৰি বিচাৰি লোৱা উচিত । এটা মৃদু ভিটামিন E যুক্ত ক্ৰীমেও শালমইনা আঁতৰাই ৰখাত সহায় কৰে ৷

6.ভিটামিন E য়ে ছালৰ উজ্জ্বলতা আৰু স্বাভাৱিক স্তৰ বৰ্তাই ৰখাত সহায় কৰে– ভিটামিন C আৰু E ৰ সংমিশ্ৰণ হৈছে ছালৰ বাবে এক শক্তিক্ষেত্ৰৰ দৰে যি কেৱল বয়স বৃদ্ধিৰ লক্ষণ প্ৰতিৰোধ কৰাই নহয়; বৰঞ্চ কোলাজেনৰ উৎপাদন বৃদ্ধি কৰি ছাল উজ্জ্বল কৰি ৰাখে । ইয়াৰ ব্যৱহাৰে ছালৰ ৰং ইউনিফৰ্ম কৰাত সহায় কৰে ।

ৰচিত গুপ্তাই বৰ্ণনা কৰে যে ছালৰ যত্নৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া বহুতো উপাদান যেনে এলোভেৰা, কাঠবাদাম, সূৰ্যমুখী ফুল, অমিতা ইত্যাদি ভিটামিন E ৰ ভাল উৎস । চানস্ক্ৰীণ, ময়েশ্চাৰাইজাৰ আৰু চিৰামৰ বাবে যথেষ্ট বিকল্প বজাৰত উপলব্ধ আছে । উপাদানবোৰ পৰীক্ষা কৰি ভিটামিন ই যুক্ত ভাল সামগ্ৰী বাছনি কৰাটো এতিয়া আপোনাৰ দায়িত্ব ।

লগতে পঢ়ক: কেলেণ্ডুলা : ছালৰ ৰঙা পৰা আৰু দাগ নাইকীয়া কৰাৰ ৰহস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.