ETV Bharat / sukhibhava

ফিটনেছ লাভ কৰিবলৈ আপুনি কৰে নেকি অভাৰ এক্সাৰচাইজ ? - Ruptured Tendon

Is Over Exercise Harmful: প্ৰায়ে কোৱা হয় যে ‘জোখতকৈ অধিক যিকোনো বস্তু বেয়া’, এইটো ব্যায়ামৰ ক্ষেত্ৰতো প্ৰযোজ্য, গতিকে ৱৰ্কআউট কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো প্ৰয়োজনীয় ।

How does over-exercising affect the body?
ফিটনেছ লাভ কৰিবলৈ আপুনি কৰে নেকি অভাৰ এক্সাৰচাইজ ?
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 3:27 PM IST

বিগত ২ বছৰত বহুলোকৰ মাজত মেদবহুলতাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে কাৰণ কৰ’না ভাইৰাছ মহামাৰীৰ পিছত লকডাউন আৰু ঘৰৰ পৰা কাম কৰা সংস্কৃতিয়ে মানুহৰ শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস কৰিছে । এতিয়া ওজন বৃদ্ধিৰ ফলত অশান্তিগ্ৰস্ত লোকসকলে জিমলৈ যাবলৈ আৰম্ভ কৰিছে বা ইতিমধ্যে জিম কৰি আছে । এনে পৰিস্থিতিত যদি কোনোবাই দ্ৰুত ফলাফল পাবলৈ অত্যধিক ব্যায়াম কৰি আছে, তেন্তে সেয়া স্বাস্থ্যৰ বাবে উপকাৰী হয়নে ? জানো আহক...

চিন্তা নকৰাকৈ ব্যায়াম নকৰিব

ফিটনেছ লাভ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ লগতে দৈনিক ব্যায়ামো প্ৰয়োজনীয়, যিদৰে আমি খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিও ঠিক তেনেদৰে আমি ৱৰ্কআউট কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া উচিত ৷ কিন্তু নভবা-নিচিন্তাকৈ ৱৰ্কআউট কৰাটো স্বাস্থ্যৰ বাবে কেতিয়াবা ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে । তেন্তে জানো আহক এনে কি ভুল আছে যি আমি জিমত ব্যায়াম কৰি থকাৰ সময়ত কৰাটো একেবাৰে উচিত নহয় ৷

নবীনসকলে এই কথা মনত ৰাখিব

যিসকলে জিম কৰাত অভ্যস্ত নহয় আৰু যিসকলে মাত্ৰ সাধাৰণ ৱৰ্কআউটহে আৰম্ভ কৰিছে তেওঁলোকৰ বাবে অতিমাত্ৰা ৱৰ্কআউট বিপদজনক হ’ব পাৰে । ইয়াৰ ফলত ভেণ্টিলেচন পাৰ্ফিউচনৰ মিল নাথাকে আৰু হঠাৎ হৃদযন্ত্ৰ বিকল হৈও পৰিব পাৰে ।

স্লিপ ডিস্কৰ সমস্যা হ’ব পাৰে

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে, জিমত ওজন সম্পৰ্কীয় প্ৰশিক্ষণৰ সময়ত কিছুমান লোকে অতি গধুৰ ওজন ডাঙে, ইয়াৰ বাবে মেৰুদণ্ডৰ ডিস্ক পিছলি যোৱাৰ আশংকা থাকে, যাক ‘প্ৰ’লেপছড ইন্টাৰভাৰ্টব্ৰেল ডিস্ক’ বা স্লিপ ডিস্ক বুলিও কোৱা হয় ।

সোনকালে ওজন কমাবলৈ চেষ্টা নকৰিব

সাধাৰণতে অতিৰিক্ত ওজন থকা লোকসকলে অধিক ব্যায়াম কৰিবলৈ আৰম্ভ কৰে কাৰণ তেওঁলোকে অতি সোনকালে ওজন কমাব বিচাৰে । এইটো অতি বিপজ্জনক কাৰণ এনে কৰিলে আমাৰ শৰীৰে এনে ৱৰ্কআউট সহ্য কৰিবলৈ সাজু নহয়, যাৰ বাবে হৃদযন্ত্ৰ বিকল হৈ পৰিব পাৰে, Ruptured Tendon আৰু মগজুৰ ৰক্তক্ষৰণ হ’ব পাৰে ।

এজন প্ৰশিক্ষকৰ পৰা সহায় লওক

যিসকলে ফিটনেছ লাভ কৰিবলৈ ব্যায়ামৰ সহায় ল’ব বিচাৰে, তেতিয়া কোনো বিশেষজ্ঞ বা প্ৰশিক্ষক অবিহনে কোনো ৱৰ্কআউট নকৰে । এটা ব্যায়ামৰ পৰা আন এটা ব্যায়ামৰ মাজত ২ৰ পৰা ৩ মিনিটৰ ব্যৱধান থাকিব লাগে, ইয়াৰ দ্বাৰা হৃদযন্ত্ৰক কিছু জিৰণি দিয়া হয় আৰু বিপদৰ পৰা ৰক্ষা পৰে ।

লগতে পঢ়ক: শীতকালত ছালক ৰুক্ষ হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.