পৃথিৱীৰ জলবায়ু অহৰহ পৰিৱৰ্তিত হৈ থাকে । আৰু লগত আনে অন্যান্য ৰোগ তথা শাৰীৰিক সমস্যা ৷ বৰ্তমান দেশৰ ভিন্ন প্ৰান্তত দেখা দিয়া প্ৰচণ্ড উষ্ণতাৰ ঠায়ে ঠায়ে লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷ বৰ্তমান গৰম আৰু পৰিৱৰ্তিত পৰিৱেশৰ বাবেও হিট ৱেভ বিপদজনক বুলি অনুমান কৰা হৈছে (Infertility problem)। হিট ৱেভ হ’ল অত্যন্ত উষ্ণ বতৰৰ সময় যিটো সাধাৰণতে দুদিন বা তাতকৈ অধিক দিনলৈ থাকে । যেতিয়া উষ্ণতাই কোনো এটা অঞ্চলৰ পুৰণি গড় অতিক্ৰম কৰে তেতিয়া ইয়াক তাপৰ তৰংগ হিচাপে সংজ্ঞায়িত কৰা হয় (does body heat affect female fertility)।
হিট ৱেভে কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যই নহয়, আমাৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় । কিন্তু আপুনি জানি আচৰিত হ’ব যে হিট ৱেভে পুৰুষ-মহিলাৰ উৰ্বৰতাতো প্ৰভাৱ পেলায় । ইয়াত আমি আপোনালোকক ক’ম যে গ্ৰীষ্মকালত এই সমস্যাৰ পৰা হাত সাৰিবলৈ কি কি কথা মনত ৰাখিব লাগে ।
পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ
ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে পুৰুষৰ প্ৰজনন ক্ষমতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে । গৱেষকসকলে জানিব পাৰিছে যে, গ্ৰীষ্মকালৰ উত্তাপে শুক্ৰাণুৰ ক্ষতি কৰে আৰু ইয়াৰ ফলত ভৱিষ্যত প্ৰজন্মৰ ওপৰত স্থায়ী প্ৰভাৱ পৰিব পাৰে । ইয়াৰ প্ৰভাৱ কেৱল পুৰুষৰ ক্ষেত্ৰতে নহয় মহিলাৰ প্ৰজনন ক্ষমতাতো পৰে ।
উল্লেখ্য যে, পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণু অণ্ডকোষৰ ভিতৰত তৈয়াৰ কৰা হয় । ইয়াৰ বাবে অণ্ডকোষৰ উষ্ণতা শৰীৰৰ ভিতৰৰ উষ্ণতাতকৈ শীতল হ’ব লাগে ।
গৰ্ভৱতী মহিলাৰ বাবে গুৰুতৰ
অতিমাত্ৰা উষ্ণতাই মহিলাৰ প্ৰজনন স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে । গৰ্ভৱতী বা যিকোনো চিকিৎসাজনিত অৱস্থাৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে ই অধিক বিপজ্জনক হ’ব পাৰে । খবৰ অনুসৰি গৰমৰ চাপে শৰীৰৰ হৰম’নৰ ভাৰসাম্য সলনি কৰিব পাৰে । ইয়াৰ ফলত পিৰিয়ডৰ চক্ৰতো ব্যাঘাত জন্মিব পাৰে । বিশ্বৰ বহু গৱেষণাৰ পৰা কোৱা হৈছে যে গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুক উচ্চ উষ্ণতাৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে ।
এইবোৰ কথা মনত ৰাখিব
- দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাব লাগে; গৰ্ভৱতী মহিলাই শীতল আৰু হাইড্ৰেট হৈ থকাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে ।
- অতি গৰমত কাম কৰাটো পৰিহাৰ কৰক
- অতি উত্তাপৰ সময়ত ৱৰ্কআউট নকৰিব
- ঘৰৰ ভিতৰত অধিক সময় কটাওক
লগতে পঢ়ক: National Drug Destruction Day 2023: ড্ৰাগছ নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক প্ৰচেষ্টা