পিঁয়াজ হৈছে বিশ্বব্যাপী উপলব্ধ হোৱা এবিধ পাচলি, যিয়ে চুলি বৃদ্ধি কৰাত সহায় কৰাৰ লগতে বিভিন্ন গুণাগুণেৰে সমৃদ্ধ । ইয়াৰ উপৰিও ইয়াত চালফাৰো পোৱা যায়, যাৰ ফলত চুলি চিগি যোৱাত বাধা দিয়ে । কিন্তু, ইয়াৰো কিবা অসুবিধা থাকিব পাৰেনে ?
হয়, আপুনি ঠিকেই ধৰিব পাৰিছে, আমি পিঁয়াজৰ কথা কৈছো । ই খাদ্যত এক অনন্য সোৱাদ প্ৰদান কৰাৰ লগতে ইয়াক চুলিৰ সমস্যাৰ সমাধানতো ব্যৱহাৰ কৰা হয় ।
পিঁয়াজৰ ৰসৰ ব্যৱহাৰ:
পিঁয়াজৰ ৰস চুলিৰ গুৰিত প্ৰয়োগ কৰিলে বেছিভাগ ক্ষেত্ৰতে কোনো ক্ষতি নহয়, কিন্তু যদি আপোনাৰ ছাল অত্যন্ত সংবেদনশীল হয় তেন্তে ইয়াৰ ব্যৱহাৰৰ ফলত ছালত বিষ বা খজুৱতি হ’ব পাৰে । গতিকে প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰাৰ আগতে সৰু অংশত চেষ্টা কৰক ।
পিঁয়াজৰ ৰস কেনেকৈ প্ৰয়োগ কৰিব ?
- পিঁয়াজৰ ৰস উলিয়াবলৈ পিঁয়াজ এটা মিহিকৈ কাটি ব্লেণ্ডাৰত ভৰাই থব । তাৰ পিছত চেকি ৰস উলিয়াই লওক ।
- চুলি আৰু চুলিৰ গুৰিত ভালদৰে লগাব লাগে ।
- চুলিত ৰস কমেও ১৫ মিনিট ৰাখিব । ইচ্ছা কৰিলে এঘণ্টা পৰ্যন্ত ৰাখিব পাৰে ।
- সাধাৰণ চেম্পুৰে চুলি ধুই লওক ।
- সপ্তাহত দুবাৰ এই প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰক ।
এইদৰে চুলিৰ গুৰিত পিঁয়াজৰ ৰস প্ৰয়োগ কৰিলে আপোনাৰ চুলি সৰা সমস্যা নিৰাময় হোৱাই নহয় ইয়াৰ অন্যান্য স্বাস্থ্য উপকাৰিতাও লাভ কৰিব পাৰি । কিন্তু যদি আপোনাৰ ছাল সংবেদনশীল তেন্তে ব্যৱহাৰৰ পূৰ্বে সৰু ঠাইত পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ’ব পাৰে ।