চুলিয়ে আমাৰ সৌন্দৰ্যতা বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে ৷ আমি আমাৰ ছালৰ যিমানেই যত্ন লওঁ, আমি আমাৰ চুলিৰ প্ৰতিও সমানে গুৰুত্ব দিয়া উচিত ৷ চুলিক অধিক ধুনীয়া দেখাবলৈ মানুহে ষ্ট্ৰেইট হেয়াৰষ্টাইল কৰাটো পছন্দ কৰে ৷ ইয়াৰ কাৰণ হ’ল চিধা চুলিৰ বাবে কোনো ধৰণৰ হেয়াৰষ্টাইল বনোৱাৰ প্ৰয়োজন নাই ৷
কিন্তু বাৰে বাৰে চেলুনলৈ গৈ ৰাসায়নিক সামগ্ৰীৰে চুলি পোন কৰিলে পকেটত প্ৰভাৱ পেলোৱাই নহয় চুলিৰ মানদণ্ডও নষ্ট হয় ৷ কিন্তু কেৱল ইয়াৰ বাবেই আমি চুলিখিনি পোন কৰাটো বন্ধ কৰিবটো নোৱাৰো ৷ গতিকে এই প্ৰতিবেদনত আমি আপোনাৰ এই সমস্যাটো সমাধান কৰিবলৈ ওলাইছো ৷ আজি আমি আপোনালোকক ক'বলৈ লৈছো যে আপুনি কেনেকৈ সহজ পদ্ধতিৰে চুলি পোন কৰিব পাৰে ৷
নাৰিকল গাখীৰ
নাৰিকল গাখীৰত ভেঁকুৰ প্ৰতিৰোধী আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে ৷ চিধা চুলিৰ বাবে নাৰিকল গাখীৰ ব্যৱহাৰ কৰিব পাৰে ৷ এটা বাটিত নাৰিকল গাখীৰ লৈ তাত ৪-৬ চামুচ নেমু দিব ৷ এঘণ্টামান ফ্ৰীজত ৰাখিব ৷ ইয়াৰ পিছত ১৫ মিনিট চুলিত ক্ৰীম লগাই প্ৰায় এঘণ্টামান ৰাখিব ৷ শ্বেম্পুৰে মূৰ ধুই তিতা চুলিখিনি টাৱেলৰ সহায়ত পোন কৰি লওক ৷
কণী আৰু জলফাই তেল বা অলিভ অইল
এটা বাটিত পাঁচ চামুচ অলিভ অইল আৰু দুটা কণী দি মিহলাই লওক ৷ এতিয়া মূৰৰ ছালত লগাওক ৷ চুলি পোন কৰিবলৈ বহল দাঁতৰ ফণি ব্যৱহাৰ কৰক ৷ ইয়াৰ পিছত টাৱেল এখন লৈ কুহুমীয়া পানীত ডুবাই চেপি চুলিত বান্ধিব ৷ শ্বেম্পুৰে চুলি ধুই আকৌ ডাঠকৈ ফণিয়াই নিজেই পাৰ্থক্য দেখিব ৷