কোনো আঘাতৰ পিছত ৰক্তক্ষৰণ হোৱা এক সচৰাচৰ হোৱা বস্তু ,যি বেছিভাগ আঘাত অনুসৰণ কৰে,ইয়াৰ পিছত গোট মৰা প্ৰক্ৰিয়া আৰম্ভ হয়, য'ত তেজ আৰু প্ৰ'টিনৰ কোষবোৰে তেজৰ অতিৰিক্ত ক্ষৰণ বন্ধ কৰিবলৈ গোট মৰা আৰম্ভ কৰে । অৱশ্যে, কিছুমান লোকৰ ক্ষেত্ৰত, ৰক্তক্ষৰণ দীঘলীয়া হয় আৰু এই লোকসকল ৰক্তক্ষৰণজনিত ৰোগত ভুগি থকা বুলি জনা যায় । তেনে এক বিৰল ৰক্তক্ষৰণৰ ৰোগ হৈছে হিমোফিলিয়া । যিহেতু ই এক বিৰল ৰোগ, মানুহে ইয়াৰ বিষয়ে বেছি অৱগত নহয় । গতিকে, এই অৱস্থাটো প্ৰকৃততে কি আৰু ইয়াৰ সৈতে সম্পৰ্কিত বস্তুবোৰ কি? ইটিভি ভাৰত সুখীভৱৰ সৈতে আমি ইয়াৰ বিষয়ে অধিক জানো আহক ।
হিমোফিলিয়াৰ সংজ্ঞা :
ৱৰ্ল্ড ফেডাৰেচন অফ হিমোফিলিয়া (ডব্লিউএফএইচ)য়ে কয় যে হিমোফিলিয়া হৈছে ৰক্তক্ষৰণৰ সমস্যা । হিমোফিলিয়া থকা লোকসকলৰ স্বাভাৱিক লোকতকৈ তীব্ৰতৰভাৱে ৰক্তক্ষৰণ নকৰে, কিন্তু তেওঁলোকৰ দীঘলীয়া সময়ৰ বাবে ৰক্তক্ষৰণ হ'ব পাৰে । তেওঁলোকৰ তেজত পৰ্যাপ্ত পৰিমাণে গোট মৰা কাৰক নাথাকে । গোট মৰা কাৰকটো হৈছে তেজৰ এক প্ৰ'টিন যি ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰে । হিমোফিলিয়া যথেষ্ট বিৰল । ৱৰ্ল্ড ফেডাৰেচন অফ হিমোফিলিয়া (ডব্লিউএফএইচ)ৰ মতে প্ৰতি ১০ হাজাৰ জনৰ ভিতৰত মাত্ৰ ১ জন লোকৰ এই ৰোগৰ সৈতে জন্ম হয় ।
তদুপৰি, ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) জনায় যে হিমোফিলিয়া সাধাৰণতে এক উত্তৰাধিকাৰীসূত্ৰে অহা এক ব্যাধি । ইয়াৰ ফলত স্বতঃস্ফূৰ্ত ৰক্তক্ষৰণ হ'ব পাৰে আৰু লগতে আঘাত বা অস্ত্ৰোপচাৰৰ পিছতো ৰক্তক্ষৰণ হ'ব পাৰে । তেজত বহুতো প্ৰ'টিন থাকে যাক গোট মৰা কাৰক বুলি কোৱা হয় যি ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰিব পাৰে । হিমোফিলিয়া থকা লোকসকলৰ হয় অষ্টম (৮) বা নৱম (৯) কাৰকৰ স্তৰ কম থাকে ।
অষ্টম (৮) কাৰক কম থকা ব্যক্তি এজনৰ হিমোফিলিয়া A থাকে, যি হৈছে আটাইতকৈ সাধাৰণ প্ৰকাৰ । আনহাতে নৱম কাৰক (9) কম থকা সকলৰ হিমোফিলিয়া B থাকে, যি তুলনামূলকভাৱে কম লোকৰ ক্ষেত্ৰত দেখা যায় । অৱশ্যে দুয়োটা ক্ষেত্ৰতে ব্যক্তিজনৰ স্বাভাৱিকতকৈ দীঘলীয়া সময়ৰ বাবে ৰক্তক্ষৰণ হয় ।
ই কেনেকৈ হয় ?
বেছিভাগ লোকৰে হিমোফিলিয়া জন্মগত হয় । ই উত্তৰাধিকাৰীসূত্ৰে পিতৃ-মাতৃৰ পৰা জিনৰ জৰিয়তে শিশুলৈ যাব পাৰে । ইয়াৰ বাহিৰেও কিছুমান ক্ষেত্ৰত ই হিমোফিলিয়াৰ কোনো পাৰিবাৰিক ইতিহাস নোহোৱাকৈও হ'ব পাৰে । ডব্লিউএফএইচয়ে ব্যাখ্যা কৰা মতে কোনো পাৰিবাৰিক ইতিহাস নাথাকিলেও কেতিয়াবা হিমোফিলিয়া হ'ব পাৰে । ইয়াক স্প'ৰেডিক হিমোফিলিয়া বুলি কোৱা হয় । হিমোফিলিয়া থকা প্ৰায় ৩০ শতাংশ লোকে তেওঁলোকৰ পিতৃ-মাতৃৰ জিনৰ জৰিয়তে লাভ নকৰে । ই ব্যক্তিজনৰ নিজৰ জিনৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে ।
আন এক কাৰণতো হিমোফিলিয়া হ'ব পাৰে । ডব্লিউএফএইচয়ে কোৱা মতে এজন ব্যক্তিৰ জীৱনৰ শেষৰ সময়চোৱাত হিমোফিলিয়া হ'ব পাৰে । অৱশ্যে ই অতি বিৰল । বেছিভাগ ক্ষেত্ৰত মধ্যবয়স্ক বা বৃদ্ধ লোকৰ ক্ষেত্ৰত হয় অথবা মহিলাৰ ক্ষেত্ৰত হ'ব পাৰে যিয়ে অলপতে সন্তান জন্ম দিছে বা গৰ্ভধাৰণৰ পিছৰ পৰ্যায়ত আছে । এই ক্ষেত্ৰত প্ৰায়ে উপযুক্ত চিকিৎসাৰ দ্বাৰা নিৰাময় হ'ব পাৰে ।
লক্ষণবোৰ :
ডব্লিউএফএইচয়ে উল্লেখ কৰা অনুসৰি লক্ষণবোৰ হৈছে :
হিমোফিলিয়া A আৰু B-ৰ লক্ষণবোৰ একে :
- ডাঙৰ আঘাত
- পেশী আৰু গাঁঠিত ৰক্তক্ষৰণ
- স্বতঃস্ফূৰ্ত ৰক্তক্ষৰণ (কোনো স্পষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ভিতৰত হঠাৎ ৰক্তক্ষৰণ )
- কটাৰ পিছত, দাঁত আঁতৰোৱা বা অস্ত্ৰোপচাৰ কৰাৰ পিছত দীঘলীয়া ৰক্তক্ষৰণ
- দুৰ্ঘটনাৰ পিছত দীঘলীয়া সময়ৰ বাবে ৰক্তক্ষৰণ, বিশেষকৈ মূৰত আঘাত পোৱাৰ পিছত
গাঁঠি বা পেশীৰ পৰা ৰক্তক্ষৰণ :
- এটা বিষ
- ফুলা
- বিষ আৰু জঠৰতা
- গাঁঠি বা পেশী লৰচৰ কৰাত অসুবিধা
ৰক্তক্ষৰণ শৰীৰৰ ভিতৰত আৰু বাহিৰত হ'ব পাৰে । অৱশ্যে বেছিভাগ ৰক্তক্ষৰণ আভ্যন্তৰীণ, পেশী বা গাঁঠিত হয় । "সাধাৰণতে পেশীৰ ৰক্তক্ষৰণ ওপৰৰ বাহু আৰু বাহুৰ পেশীত হয় , ইলিওপচিয়াছ পেশী , উৰু আৰু কলাফুলত হয় । প্ৰায়ে প্ৰভাৱিত হোৱা গাঁঠিবোৰ হৈছে আঁঠু, গোৰোহা আৰু কিলাকুটি । যদি একেটা গাঁঠিত বহুবাৰ ৰক্তক্ষৰণ হয়, গাঁঠিটো ক্ষতিগ্ৰস্ত আৰু বেদনাদায়ক হ'ব পাৰে । বাৰে বাৰে ৰক্তক্ষৰণৰ ফলত আৰ্থ্ৰাইটিছৰ দৰে অন্যান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।"
ৰোগ নিৰ্ণয় আৰু চিকিৎসা :
তেজৰ নমুনাৰ জৰিয়তে আৰু তেজত কাৰকৰ (অষ্টম আৰু নৱম) স্তৰ জোখাৰ দ্বাৰা এই ৰোগ ধৰা পেলাব পাৰি। হিমোফিলিয়া হৈছে এক জীৱনজোৰা ৰোগ । যদি গৰ্ভৱতী মাতৃ এগৰাকীৰ এই ৰোগ থাকে, তেওঁৰ সন্তান জন্ম হোৱাৰ পিছত পৰীক্ষা কৰিব পাৰি । প্ৰসৱপূৰ্ব ৰোগ নিৰ্ণয়কো গৰ্ভধাৰণৰ পিছৰ পৰ্যায়ত 18 বা তাৰ পিছৰ সপ্তাহত কোৰিওনিক ভিলাছ চেম্পলিং (চিভিএছ) ব্যৱহাৰ কৰি বা ভ্ৰূণৰ তেজৰ নমুনাৰ জৰিয়তে ৯ ৰ পৰা ১১ সপ্তাহত কৰিব পাৰি ।
আজিলৈকে, হিমোফিলিয়াৰ বাবে কোনো নিৰাময়কাৰী চিকিৎসা নাই । মূল কথাটো হ'ল সঠিক আৰু সময়মতে চিকিৎসা প্ৰদান কৰা, ৰোগটো নিয়ন্ত্ৰণ কৰা । যদি পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰা নহয়, এই ৰোগ মাৰাত্মক প্ৰমাণিত হ'ব পাৰে । সেয়েহে নিজকে নিয়মীয়াকৈ নিৰীক্ষণ কৰাওক, চিকিৎসকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকক আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি সকলো ব্যৱস্থা বা ঔষধ অনুসৰণ কৰক ।